#আবিৰ খণ্ড (৫৮)

সুখবোৰ উপচি পৰিছে প্ৰথমবাৰৰ কাৰণে।থুপুক কাষতে পাম,চুই চাব পাৰিম,সাৱটি ৰাখিব পাৰিম।
ইয়াতকৈ বেছি কিবা জানো বিচাৰিছিলোঁ।
জীৱনত প্ৰথমবাৰৰ বাবে ইমানবোৰ ভাল লগা একেলগে।মন কৰিলোঁ,মই দুখতেই নহয়, সুখতো কথা ক’ব নোৱাৰোঁ।ককা আৰু আয়ুয়ে ইমান কথা কৈছে,মই একোৱেই শুনা নাই,ক’বও পৰা নাই।অলপ দেৰিৰ পাছত কলিং বেল বাজিল।আয়ুয়ে দৰ্জাখন খুলি দিলে।
একেবাৰে পাতল গুলপীয়া ৰঙৰ চাৰ্ট আৰু ব্লেক কালাৰৰ পেণ্ট পিন্ধি মুখত এমুকুৰা হাঁহি লৈ সোমাই আহিছে তেওঁ।
বুকুখন জুৰ পৰি যোৱা প্ৰশান্তিৰ এজাক বতাহ লৈ।
চাই ৰৈছোঁ মাথোঁ।মন গৈছিল, সাৱটি লৈ কৈ যাম মোৰ সুখৰ কথা, দি যাম মোৰ প্ৰাপ্তিৰ বতৰা।
তেওঁ ককাৰ ভৰি চুই সেৱা কৰিলে।এইটো তেওঁলোকৰ ফালে প্রচলিত নিয়ম।যেতিয়াই লগ পাই ডাঙৰক এনেকৈয়ে সন্মান দিয়ে ।
:মই অহাৰ দিনা ইমান সহায় কৰিলা, আজি এসাঁজ খুৱাইহে ভাল লাগিব মোৰ।
তেওঁ মোৰ ফালে ফলমূলৰ টোপোলা এটা আগবঢ়াই দিলে।ককাৰ কাৰণে।
আয়ুয়ে তাৰ পৰাই আপেল এটা উলিয়াই খাবলৈ লাগিল,ধোৱা মেলাৰ নিয়ম নাই।

আলপদেৰিৰ পাছত গোটেইবোৰ একেলগে খাবলৈ বহিলো।ককা আৰু মই খাব পৰা সৰু টেবুলখনত সবলৈকে নোজোৰে।ককাক ভালকৈ দি আমি হাতে হাতেই লৈছোঁ।অনিৰুদ্ধই নিৰামিষ খায়।ধনীয়া,নেমুটেঙা আৰু বিলাহী দিয়া মছুৰ দাইল,হিবাই বনোৱা ছাহি পনীৰ, আয়ু আৰু ককাই মিলি বনোৱা আলুৰ পিটিকা,দৈ দি বনোৱা পটলৰ তৰকাৰী,ভেন্দীৰ শুকান ভাজি আৰু তৰাই দি পঠোৱা আচাৰৰ সৈতে একেবাৰেই সাধাৰণ এসাঁজ ভাত।মই বেছি একো ৰান্ধিবও নাজানো।হিবাই মাংসও বনাব লগীয়া হৈছে, কিমান কৰিব তাই।swiggy কৰি গোলাব জামুন আৰু আইচক্ৰীম অৰ্ডাৰ কৰিলোঁ।বছ সিমানেই।
সৱকে খাবলৈ দি নিজেও বহিলো।
:Can I have a spoon, please?
:কি????
মই ককা আয়ু তিনিওটাই চিঞৰ মাৰিয়েই দিয়াৰ দৰে হ’ল।চামুচ দি আকৌ কোনে ভাত খায়!
:তই শেষ জাপৰী, ভাল হ’ল আৰু…
:চুপ,একদম চুপ।
হিবাই চামুচ এখন আনি অনিৰুদ্ধক দিলে।
আচলতে আমি হাতেৰে খোৱাটো হে তেওঁৰ কাৰণে ডাঙৰ কথা আছিল।
:এই হেৰি নহয় অনিৰুদ্ধ,ইয়াত ভাল চাই ফ্লেট এটা লওঁ বুলি ভাবিছোঁ, ক’ত কেনেকৈ কি কৰিব লাগিব।
যিটোলৈ ভয় খাই আছিলোঁ,সেইয়াই হ’ল।মোৰ ঘৰৰ আৰ্থিক অৱস্থা তেওঁ নাজানে।খুব কষ্টত চলোঁ বুলিয়েই ভাবে।মোৰ কাপোৰ কানিৰ পৰা থকাৰ ধৰণত কোনোদিন অভিজাত্য দেখা নাই তেওঁ।টেপ মাৰি থোৱা মোবাইলৰ ভঙা স্ক্ৰীণৰ পৰা পইচা বচাবলৈ বাছত ওলমি যোৱালৈকে সকলো লক্ষ্য কৰে তেওঁ।কিন্তু আজি যে তেওঁ সৱ জানিব সেইয়া মই নিশ্চিত ।
ককাৰ কথাত অনিৰুদ্ধ ও আচৰিত হ’ল।
:আপোনাক কিমান মান বাজেটৰ ভিতৰত লাগে?
:তেনেকুৱা কথা নাই,ঠাইখন ভাল আৰু অলপ সেউজীয়া পৰিবেশ হ’লেই হ’ব।
অনিৰুদ্ধই মোৰ ফালে চালে,অলপ সন্দেহ দেখিলো মই।
:নহয় মানে লোণৰ কাৰণে সুধিলোঁ, অনন্যা কিমান পাব এতিয়া..
:তাই একো কৰিব নালাগে,মই কৰিম নহয়।
:ককা বহুত ধনী আছে, গোটেইটো cash দি পেলাই লৈ ল’ব ন ককা।
আয়ুয়ে টেপেচ কে মাত মাতিলে।
:আপুনি চাৰ্ভিছ কৰিছিল?
:মই।মোৰ ব্যৱসায়।আমাৰ চাহৰ বাগান,ফেক্টৰী এইবিলাক আছে।আমাৰ বাগানৰ চাহৰ সোৱাদেই বেলেগ বুজিছা।
মোৰ পেটলৈ ভাত নোযোৱা হ’ল।অনিৰুদ্ধই খাবলৈ এৰি একেথৰে মোৰ ফালেই চাই আছে।মই বাৰে বাৰে তেওঁৰ চকুৰ পৰা চকু আঁতৰাই নিবলগীয়া হৈছে।
:তাৰমানে আপোনাৰ ডাঙৰ বিজিনেছ আছিল।
:আছিল নহয়,আছে।এতিয়া সৱ এইৰ নামত দি দিছোঁ।পিছত তাইয়ে চাব সকলোবোৰ।মনটো ভাল লাগিবলৈ চাকৰি কৰিছে, কৰক।

খাই থকা ভাত খিনি ডিঙিত সোপা মাৰি ধৰিলে।কি কয় ককাই।তাৰমানে ককাই সেইদিনা উইল কৰি সকলোবোৰ মোৰ নামত দি থৈছে।
:মোৰ ব্যৱসায়ৰ কামত বহুত ঘূৰিলো আগতে বুজিছা। লণ্ডনলৈ গৈছোঁ দুই তিনিবাৰ।মোৰ গাড়ীৰ চখ আছিল।কণ্টেছাৰ এখন এতিয়াও আছে মোৰ ঘৰত।ইহঁতবোৰে বেলেগ গাড়ী কিনিলে,মই কিন্তু সেইখনহে লৈ যাওঁ।
তাৰ পিছত ককা আৰু ৰোৱা নাই।আমাৰ ঘৰত ক’ত কি আছে,ককাই কেনেকৈ ব্যৱসায় আৰম্ভ কৰি কি কি কৰিলে,বাগানত কিমান মানুহে কাম কৰে,চাহ গছত কেতিয়া কলম দিয়ে, কেতিয়া দৰৱ দিয়ে,দৰৱ দিয়াৰ পাছত বৰষুণ দিলে কি হয় সকলো এফালৰ পৰা গাই গ’ল।অনিৰুদ্ধইও যিমান পাৰে সুধি সুধি আমাৰ ঘৰৰ বিষয়ে,মা দেউতাৰ বিষয়ে ককাৰ মুখৰ পৰা উলিয়াই ল’লে।
খোৱা শেষ কৰি আইচক্ৰীম দিওঁতে তেওঁ জানি বুজি মোৰ হাতখন কোনেও নেদেখাকৈ চেপি ধৰিলে
:You lied to me!
খং আৰু অভিমানত কঠোৰ এখন মুখ।মই মিছা কোৱা নাই,কিন্তু সচাঁও কোৱা নাই কেতিয়াও।আচলতে সেইয়া মই জৰুৰী বুলিও ভৱা নাছিলোঁ কেতিয়াও।অনিৰুদ্ধই ভুল বুজিছে।ইটো সিটো কথা সৱেই কৈ আছে যদিও আমি দুয়োটা মনে মনে আছোঁ।মাজতে মই উঠি আহি পাকঘৰটো ঠিক কৰিলোঁ,বাচনবোৰ ধুলো।মনটো অস্থিৰ,তেওঁ সুধিলে কি উত্তৰ দিম মই।
বাহিৰত হিবা আৰু আয়ুৰ লগতে ককাই কথা পাতিবলৈ লাগিল।সৱৰে কথাৰ মাজতে হঠাৎ অনিৰুদ্ধই কৈ উঠিল
:ককা,ব’লক অলপ ফুৰি আহোঁ,ইয়াতে নন্দীহিলছ বুলি জেগা এটা আছে,খুব ধুনীয়া,বেছি দূৰ নহয়।
:তিনিটা বাজিলেই দেখোন,দেৰি হোৱা নাই জানো।
:একো দেৰি হোৱা নাই,মানুহ সন্ধিয়া সময়তে যায় তালৈ।ব’লক।আয়ুষ্মান,যাওঁ ব’লা।
ওলাই আহি ককাৰ ওচৰতে ৰৈছোহি।
মোক তেওঁ একো কোৱা নাই।মোৰফালে চোৱাও নাই।ককাক উলিয়াই নিম বুলি কোৱাত ভালেই পাইছো।মানুহজনে ইচ্ছাও কৰে খুউব।
:অ’ মাজনী, ভাল চোলা এটা উলিয়াই দে,এওঁ ফুৰাবলৈ লৈ যাওঁ বুলি কৈছে।
ককাৰ কাৰণে কাপোৰ উলিয়াই দি নিজেও ভাল কুৰ্তী এটা উলিয়াই পিন্ধিলো।বটল গ্ৰীণ কুৰ্তী টোৰ লগত বগা প্লাজ’ পেন্টটো ভাল দেখি।মুখত ক্ৰীম আৰু লিপবামটো লগালেই মোৰ প্ৰসাধন হৈ যায়।কাজল আগতেই লগাই ৰাখিছিলোঁ।
চুলিখিনি বিশেষ একো নকৰি মেলি ৰাখিলোঁ।
বতৰটো সেমেকা।গাড়ীৰ আগফালে ককা বহিল।
মই হিবা আৰু আয়ু পিছফালে।হিবা মাজতে বহিল।গোটেই বাটটো ককাই তেওঁক কিবাকিবি সুধি আহিছে, মোৰফালে চোৱা নাই এবাৰো।মই যেন নায়েই তাত।

নন্দীহিলছ ঠাইখন খুব ধুনীয়া।ওপৰলৈ উঠি আহোঁতে শ্বিলঙৰ ৰাস্তাবোৰলৈ মনত পৰে।সৰু পাহাৰ এটাৰ দৰে ঠাইখন।বেংগালুৰুৰ ব্যস্ততাৰ পৰা আঁতৰত প্ৰকৃতিৰ নিবিড় পৰিৱেশ, ঘন সেউজীয়া, ওলমি থকা শুকুলা মেঘৰ পাতল আস্বাদন।
মোহনীয়।
:বৰ ধুনীয়া ঠাইলৈ আনিছা হে।
তেওঁ ককাৰ হাতত ধৰি নমাত সহায় কৰিলে।আয়ু আৰু হিবা অলপ আগবাঢ়িল।
মই ককাৰ হাতত ধৰি গৈ আছোঁ।তেওঁ গাড়ীখন ভালকৈ পার্ক কৰি অলপ পিছত আমাৰ লগ হ’লহি।নন্দীহিলছৰ সেউজীয়া দেখি ককাৰ হাঁহি ওলাই আহিল।খোজকাঢ়ি যিমান পাৰে সিমান চালে, অনিৰুদ্ধই আমাক এৰি আনফালে গুচি গ’ল।মন কৰিলোঁ,চিগাৰেট জ্বলাই শূন্যৰ ফালে চাই কিবা ভাবি আছে।
ককাৰ ভাগৰ লগাত বেঞ্চ এখন পাই বহিলো, অলপ পিছত হাতত চাহ আৰু গোমধান লৈ আয়ুহঁত ওলালহি।
:অনিৰুদ্ধক মাতি দে আকৌ,চাহ একাপ খাওক।
:আয়ু ফোন কৰ চোন।
:মই কেলেই কৰিম,তই কৰ।
:সৱ ঠিক হে না অনন্যা?
হিবাই বুজিছে, তাই আহি মোৰ কাষতে ৰৈছে।ফোনটো উলিয়াই তেওঁলৈ ফোন কৰিলোঁ।
:ককাই মাতিছে আপোনাক।
:কিয়?
:নাজানো।
:তুমি আহিব নোৱাৰা কিয় ইয়ালৈ?কথা আছে মোৰ।
:নোৱাৰোঁ মই যাব।আহক ককা ৰৈ আছে।
:You just wait and watch.

অলপ পিছত তেওঁ আহিল।
:ক’ত হেৰাই গৈছিলা হে,ফুৰিবলৈ আনি এনেকৈ এৰি দিলে নহ’ব নহয়।চাহ খাওঁ আহা।আমাৰ আয়ুয়ে আনি দিছে।
:ককা অনন্যাই আপোনাক কিবা ক’ব।
:কি কথা,কিবা ক’বি মাজনী।
:আয়ুষ্মান,উধৰ ছ’ল’।
হিবাই ইংগিত দি আঁতৰাই লৈ গ’ল আয়ুক।মই একো ক’ব পৰা নাই।ককাই চাই আছে মোলৈ, মই অনিৰুদ্ধলৈ,তেওঁৰ চকুত একো নাই আজি।একেবাৰেই উকা।
:Ananya, please.
:ককা, মোৰ একো ক’বলগীয়া নাই।
তেওঁ নিজেই কৈ উঠিল
:অনন্যা আৰু মই…
:Stop it Anirudh.
:বুজিছোঁ মই, আৰু বুজাব নালাগে।
:মই অনন্যাক বিয়া পাতিব খোজোঁ ককা।এনেকৈ ক’ম বুলি ভবা নাছিলোঁ কিন্তু..
:তাই বিয়া নহয়,মই নিদিওঁ হ’বলৈ।মোৰ ঘৰ খন শেষ হৈ যাব।তাইৰ ওপৰত দায়িত্ব আছে বহুত।তুমি ভুল নুবুজিবা।
ককাৰ ফালে চাই আছোঁ মই…
এজন অচিনাকি মানুহ..
মোক ভাল নোপোৱা মানুহ..
মোৰ কথা নুবুজা মানুহ…
ইমান স্বাৰ্থপৰ, ইমান বেছি…
:Say something Ananya please.
:আমি ঘৰলৈ যাওঁ,থৈ আহক প্লিজ।

দূৰৰপৰা চাই থকা আয়ু আৰু হিবাক তাতে এৰি আগবাঢ়িছোঁ..
আগে আগে বাৰে বাৰে হাতৰ টান মুঠি এবাৰ খুলি এবাৰ বন্ধ কৰি অনিৰুদ্ধ।
মই তেতিয়াও এৰি দিয়া নাই ককাৰ হাতখন, মই যে নোৱাৰোঁ।এবাৰ ধৰা মানুহক দলিয়াই দিব পৰা নাই কেতিয়াও।
নিদিওঁ আজিও।
সম্পূৰ্ণ নীৰৱতা আৰু নোকোৱা কথাৰ ভৰত কোঙা বুকুৰ বোজা লৈ ঘূৰি আহিছোঁ আমি।

ৰাস্তাত আয়ু আৰু হিবাক নমাই থৈ আহিছোঁ মই ককা আৰু অনিৰুদ্ধ।
নামি যাওঁতে ককাই তেওঁক মাত লগোৱা নাই।তেওঁ কিন্তু নামি আহি একেদৰেই ককাৰ হাতত ধৰি নমাই দিছে।
গেইটখন খুলি সোমাই আহোঁতে হাহাকাৰ কৰি উঠিছে বুকুখনে, নভবা কথাবোৰ হৈ যায় কেতিয়াবা…..
ঘূৰি চাব পৰা নাই মই।

(আগলৈ)

10 thoughts on “#আবিৰ খণ্ড (৫৮)

  1. বুকুখন বিষয়াই গৈছে ।কিয় জানো আজি মনটো আটাইতকৈ বেছি বেয়া লাগিছে। Seriously I want to cry🥺🥺😭😭😭😭😭😭

    Like

  2. আজিৰ খণ্ডটো পঢ়ি চকু পানী ওলাই গল বা । নাজানো কিয় মনটো বহুত বেয়া লাগিছে। প্ৰকাশ নকৰাকৈ ও অনন্যা জনীৰ মনৰ অৱস্থাটো বুজি বহুত বহুত বেয়া লাগিছে।

    Like

  3. কিয় তাইৰ লগত সদায় এনেকুৱা হয়?😥😥😢😢কিয়?………
    ককাই কিয় এনেকুৱা কৰিছে?…..
    আজিৰ খণ্ডটিৰ শেষলৈ হাজাৰটা প্ৰশ্নৰ উদয় হ’ল।
    পিছৰ খণ্ডটিলে আশাৰে বাট চাই ৰলো।
    ❤️❤️❤️❤️❤️❤️

    Like

  4. Waoo. So interesting❤️ gutei keita part Moi klir pra phi aji hkh krisu ba💖💖💖agr khini puhiboloi bht hepah…….❤️Tumi aru aguwai juwa😘

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s