#আবিৰ খণ্ড (৫৯)

ক্লান্ত সময়
উন্মুক্ত বতাহ
ৰুগ্ন হৃদয়
ৰাঙলী আকাশ……..

ভাগৰ লাগিছে মোৰ।ভীষণ ভাগৰ।যি ভাগৰে হাড়লৈকে বিষন্নতা সিঁচি দিব পাৰে ঠিক তেনেকুৱা এটা ভাগৰে হেঁচা মাৰি ধৰিছে।ককাই গা ধুই সন্ধিয়াৰ প্ৰাৰ্থনা কৰিছে।ধূপ আৰু ধুনাৰ গোন্ধ মোৰ সৰু ঘৰটোত বিয়পি পৰিছে।আজিৰ এই সুগন্ধিয়ে কিয় নাজানো মোৰ বাবে বগা বাংলোৰ দিনবোৰৰ দৰে বিষ এটাহে লৈ আনিছে।নিয়মমাফিক মই ককাৰ বাবে গাখীৰত অ’টচ সিজাইছোঁ।খাবলৈ দিওঁতে ককাই কিবা ক’ব খুজিছিল।
আঁতৰি আহিলোঁ।বেলকনিত বহি চিগাৰেট জলাইছোঁ বহুতদিনৰ মূৰত।মগজুৰ সন্তুলন প্ৰায় হেৰাই গৈছে আজি।অনিৰুদ্ধৰ সেমেকা চকুযোৰ আৰু উদাস চেহেৰাটো বাৰে বাৰে মনত ভাহি উঠিছে।
চিগাৰেট টো দলিয়াই ককাৰ ওচৰলৈ আহিলোঁ।
বিছনাত ওপৰলৈ মূৰ কৰি পৰি আছে ককা,গভীৰ চিন্তাত মগ্ন।
:কিয় কৰিলা তেনেকুৱা?
:কি কৰিলোঁ?
:অনিৰুদ্ধক কোৱা কথাবোৰৰ অৰ্থ কি আছিল?
:মই যি কৰিছোঁ তোৰ ভালৰ কাৰণেই কৰিছোঁ,ঘৰখনৰ ভালৰ কাৰণে কৰিছোঁ।
:সম্পত্তি মোৰ নামত কৰিছা?কিয়?খুজিছিলোঁ মই?মই ঘূৰি যাম বুলি কেনেকৈ ভাবিলা?
:মই কষ্টৰে পতা ঘৰখন শেষ হোৱা চাই থাকিব নোৱাৰোঁ আৰু।তোৰ বাহিৰে মোৰ আছেনো কোন।আৰু এই ল’ৰাটোৱে কিজানি তোৰ সম্পত্তিৰ কথা জানিয়েই তোৰ লগত এইবোৰ নাটক কৰিছে।শুনিবলৈ বেয়া কিন্তু বিশ্বাস কৰিবলৈ অলপ টান যে..
:যে তেওঁৰ দৰে সুন্দৰ চেহেৰা আৰু সুন্দৰ ব্যক্তিত্বৰ মানুহে মোৰ দৰে এভাৰেজ লুকিং, একেবাৰে নিৰস ব্যক্তিত্বৰ ছোৱালী এজনীক ভালপোৱা সম্ভৱ হয় জানো।
:তই মোৰ চকুত পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী।
:অনিৰুদ্ধই মোক ভাল পায় ককা।বিশ বছৰৰ পৰা হাই প্ৰেচাৰত ভোগা এজনী বেমাৰী ছোৱালীক ভাল পায়,মদ চিগাৰেট ভাং সকলো নিচা কৰি এই বেমাৰ চপাই লোৱা এজনী পাগলী ছোৱালীক ভাল পায়,খঙৰ ওপৰত কনট্ৰল নথকা,মানুহৰ লগত মিলিব নজনা, হাঁহিব নজনা,হহুঁৱাব নজনা,নিগেটিভ মেনতালিটিৰ ছোৱালীক ভাল পায়।
মোৰ সম্পত্তিৰ কথা তেওঁ নাজানে, সোধা নাই কেতিয়াও।অনিৰুদ্ধই মোক কিয় ভাল পায় সেইয়া মোৰ বাবেও এটা ডাঙৰ প্ৰশ্ন আছিল ককা।কিন্তু তেওঁৰ ওপৰত এতিয়া মোৰ সন্দেহ নাই।
:যদি কথাবোৰ মিছা হয়?
:তেন্তে সেইয়া মোৰ ভাগ্য হ’ব ককা।আৰু ভাগ্যক কোনেও সলাব নোৱাৰে।তেওঁ নিজৰ ভনীয়েকক হেৰুৱাইছে।মোৰ আগত সেই কথা কওঁতে মই মিছা একো দেখা নাছিলোঁ।মানুহজন আনতকৈ বেলেগ।
ককা মনে মনে আছে।হয়তো মনতে অলপ বেয়াও পাইছে।কিন্তু ককাক ভাল লগাবলৈ গৈ তেওঁৰ লগত অন্যায় কৰিব নোৱাৰোঁ।।
নিজৰ লগতো নোৱাৰোঁ।

:তই এৰি থৈ গ’লে মই কাৰ লগত থাকিম?
আচল কথা সেইয়া হে আছিল।
ভয় খাইছে ককাই,আকৌ অকলশৰীয়া হোৱাৰ ভয়ত চৰম স্বাৰ্থপৰতা দেখুৱাই দিছে।মৰমেও কেতিয়াবা শিকলি হৈ বান্ধে মানুহক।মোকো যেন বান্ধি পেলাইছে আজি।ককাই কিয় ভাবিলে তেনেকৈ?
:এদিন তুমিওতো এৰি যাবাগৈ মোক?তেতিয়া মোৰ কি হ’ব?
ককা উঠি বহিল,মই ওচৰতে থিয় হৈ আছোঁ।
:কোৱা আকৌ,সদায় থাকিব পাৰিবা জানো তুমি মোৰ লগত?তাৰ পাছত মই কি কৰিম ককা?
:তোৰ… তোৰ ল’ৰা এটা নাই জানো?
ককাই জানে???????
থকা ঠাইখিনিতে শিল এটা হৈ ৰৈ গ’লো মই ।লৰচৰ কৰিব নোৱাৰা।ককাই কেনেকৈ জানিলে এইবোৰ কথা।
আনফালে মুখ ঘূৰাই বহি আছে ।লাজ পাইছে হয়তো।এইবোৰ কথা আমাৰ সমাজত লাজ কৰিবলগীয়া কথা বুলি ঘোষণা কৰা আছে যিহেতু।
:কেনেকৈ জানিলা তুমি?
:ইমান ডাঙৰ ঘটনা মই নজনাটো সম্ভৱ জানো।তোৰ দেউতাৰ ঘৰৰ প্ৰতি উদাসীন।মই নহয়।সকলো বস্তুৰে খবৰ ৰাখোঁ।ডাঙৰ মাজনীৰ খবৰো পাই থাকোঁ।
:কোনে কয় তোমাক?মায়ে?
:কলেজৰ শেষৰ বছৰটো তই নষ্ট কৰিলি,গুৱাহাটীত থাকিলি, ইমানবোৰ কথা লুকাই নাথাকে।মাৰে নকয় মোক।কিন্তু মই জনাটো তাইয়ো বিচাৰে।সেইকাৰণে মোক আহি কৈ দিবহি বুলি জানিও যোগেশক লৈ যায় লগত।মই কিন্তু ভাল পোৱা নাছিলোঁ কথাবোৰ।খুব বেয়া পাইছিলোঁ।
:বুজিছোঁ।
:সংসাৰ এখন পাতিলে জীৱনত স্থিৰতা আহে।আৰু অস্থিৰ জীৱনলৈ আৰু এটা জীৱ আনি তই তাকো কষ্টহে দিলি।
:মাৰি পেলাবতো নোৱাৰোঁ।
:ভাগ্য বুজিছ।ঘৰখনৰ সকলোৰে ভাগ্য এইয়া।কৰ্মফল কিছুমানো আছে।
ককাই হুমুনিয়াহ কাঢ়িলে।
নিজে কি কৰিছিল নাজানো,কিন্তু দেউতাই বহুতো নকৰিবলগীয়া কাম যে কৰিছে সেইয়া সৱেই জানে।বাগানৰ মহৰীক বুদ্ধি কৰি লেবাৰৰ হতুৱাই মাৰি পেলোৱাৰ ষড়যন্ত্ৰও কৰিছিল এবাৰ।কথাবোৰ আগতীয়াকৈ ওলাই পৰিছিল।আৰু বা কিমান ঘটনা কোনেও নজনাকৈ ঘটি আছে।দেউতাৰ সমৰ্থন থকা পাৰ্টিৰ বিধায়ক জনৰ বিষয়ে কোনেও বেয়াকৈ লিখিব নোৱাৰে।কিয় নোৱাৰে সেইয়া মানুহে জানে।দেউতাৰ এই অন্যায়ৰ কৰ্মফল হয়তো আমি সৱেই ভুগিছো।
:ককা।
পকাত বহি ককাৰ হাত এখন খামুচি ধৰিলোঁ।
:তাৰ নামটো থুপু ।
:আঢ়ৈ বছৰ হ’ল ন।তাৰ সিটো নাম ময়ে দিয়া।যোগেশক কৈছিলোঁ,তোৰ মাৰক কৈ দিবলৈ।
:ইমান ধুনীয়া নাম তুমি দিছিলা?
:সি আমাৰ ঘৰখনলৈ ৰং আনি দিব।
:তাক লৈ আনিম ককা,সি তাত মৰম নাইপোৱা।
কথাবোৰ এফালৰপৰা খুলি কৈছোঁ ককাক।একান্তমনে শুনি আছে।একো উত্তৰ নাই।মাজে মাজে হুমুনিয়াহ কাঢ়ে।
:এইটো ঘৰত নালাগে,সি দিগদাৰী পাব।
মানুহজনক ভুল বুজিছিলোঁ,এতিয়া অপৰাধবোধে মোক হেঁচা মাৰি ধৰিছে।

:মই তোমাক এৰি নাযাওঁ নহয়।
:অনিৰুদ্ধই লৈ যাব তোক।
:নিনিয়ে।মই নাযাওঁ নহয়।তোমাৰ স’তে সদায় থাকিম।
:শেষৰ দিনকেইটা হাঁহি মাতি থাকিব খুজিছোঁ।শেৱালিয়ে এৰি থৈ গুচি গ’ল।লগত লৈ যোৱা হ’লেই ভাল আছিল।
:তুমি নাথাকিলে মোৰ কি হ’লহেঁতেন?এবাৰ ভাবি চাইছা।
:এতিয়া তো তোৰ মোক লৈ দিগদাৰ হ’ব।
:নহয়।মই তোমাক আৰু থুপুক লগত লৈ এখন ধুনীয়া সংসাৰ কৰিম ককা।তাতে অনিৰুদ্ধও থাকিব।তেওঁ মোৰ জীৱনৰ এটা অংশ হৈ থাকিব,গোটেই জীৱনটো নহয়।সম্পৰ্কবোৰ তেনেকুৱাই হ’ব লাগে ন ককা।মুকলিকৈ উশাহ লৈ থাকিব পাৰে তেতিয়া সৱেই।
ককাই মূৰত হাতখন থ’লে।এইখন হাত নাথাকিলে মায়োতো জীয়াই নাথাকিম।
:তেনেকুৱা ঘৰ এখন হ’ব ন আমাৰ।তুমি আশীৰ্বাদ দিলে হৈ যাব।
:তই হাঁহি থাকিলেই হ’ব,মোক আৰু একো নালাগে।
:মই তোমাৰ কষ্টবোৰ নষ্ট হ’বলৈ নিদিওঁ।চম্ভালি ৰাখিম।সঠিক সময় আহক।
:বৌটিৰ লগত তোৰ চেহেৰাটো মিলে,একেই আছিলে।চকু কেইটা তিৰবিৰাই থাকে।দূর্গাৰ দৰে।সৃষ্টি আৰু ধ্বংস একেলগে কৰিব পৰাকৈ শক্তিশালী।মাধৱৰ আশীৰ্বাদ সদায় থাকক তোৰ লগত।
:কিবা এটা খাবলৈ বনাওঁ,ভোক লগা নাই জানো।তুমি বহা।
:তালৈ ফোন এটা কৰি দিবি,বেয়া পাই থাকিব মিছাতে।মই পিছত কথা পাতিম।
:হ’ব।
ওলাই আহি মই অনিৰুদ্ধলৈ ফোন নকৰিলোঁ।বেলেগ এটা নম্বৰহে ডায়েল কৰিলোঁ।
:মা।
:কি হ’ল,ককাৰ গা বেয়া নেকি?
:ভালেই,তুমি ভালে আছা?
:গুৱাহাটী আহিছোঁ,কাম এটাত।
:থুপুৰ কাৰণে?
:হমম।
:ইয়ালৈ কেতিয়া আহিবা?
মা মনে মনে থাকিল।
:মা,ককাই সৱ জানে?
:জানে।জনাটো দৰকাৰ।
:তোমাৰ এলবামটো চালোঁ।
:ককাই যাতে নেদেখে।
:ভালকৈ থৈছো।কথা অলপ আছিল।
:পিছত পাতিম।ইয়াৰ কামটো হওক।কেইদিনমান সি মোৰ আৰু তৰাৰ লগতে থাকক।তাৰ পাছত মই লৈ যাম।লিগেল কাম কিছুমান আছে।শৰ্মা আংকলে কৰি আছে।
:মা..
:কি?
:সোনকালে আহিবা।
মায়ে কাটি দিলে ফোনটো,তেওঁ কান্দিব নহ’লে।মই জানো।মানুহজনী যে মোৰেই অন্য এটি ৰূপ।

অনিৰুদ্ধৰ মেছেজটো স্ক্ৰীণত জিলিকি উঠিল।
খুলি চাই আচৰিত হ’লো।

শূন্যতাৰ সিপাৰে এখন আকাশ থাকে।
ওলমি থাকে তাত পপীয়া তৰাৰ জাক।
মই সিমানখিনিলৈকে গুচি গৈয়ো জীৱনলৈ উভটি আহিছোঁ ,আৰু অনিৰুদ্ধই মোক সোধে…
:এইয়াই শেষ?
:ওহোঁ,আৰম্ভণি ।
:মানে?
:লগ পালে কম।
তাৰ পাছত উত্তৰ নাই।মই ফোন থৈ ভাত ৰান্ধিবলৈ লাগিলোঁ।
ককাই আজি বহুতদিনৰ মূৰত মোৰপৰা বাঁহীটো খুজিছে।মিঠা সুৰ এটা বুকুৰ মাজেৰে বৈ গৈছে।ককাৰ প্রিয় মগু দাইলত অলপ আদা কুটি গৰু ঘিউ দি দিছোঁ।এনেতে ফোনটো বাজি উঠিল।বাঁহীৰ মাতত শুনাই নাছিলোঁ।ছয়টা মিছদ কল।
:কি হ’ল
:তুমি লগ পালে কি কম কৈছিলা?
:সেইটো কাইলৈ লগ পাই কম নহয়,এতিয়া নকওঁ।
:মই ৰৈ আছোঁ ইয়াত।
:ক’ত।
:গেইটৰ ওচৰত।পাৰ্কৰ ফালে।
:পাগল নে কি…
ফোনটো কাটি দৰ্জাখন লাহেকৈ খুলি ওলাই গ’লো।সঁচাকৈ ৰৈ আছে।যেনেকৈ আছিল তেনেকৈয়ে গুচি আহিল যেন পাওঁ।অথনিৰে কাপোৰ সলোৱাই নাই।চুলিবোৰ খেলিমেলি,চকুকেইটা ৰঙা,অকণমান ফুলি আছে।মৰম লাগি গ’ল দেখি।
:কোৱা এতিয়া।
:একো নাই অ’
:একো নাই যদি কিয় কৈছিলা।
গোটেইটো জাঙুৰ খাই উঠিল।উফ,ককা, জোঁৱাই, মা, থুপু এইবোৰ একেলগ হ’লে মই চোন পাগল হ’ম।
:ককাৰ চিন্তা হৈছিলে মই এৰি যাওঁ বুলি, এতিয়া বুজিলে।অলপ সময় দিয়ক,সৱ ঠিক হৈ যাব।আৰু অথনি তেনেকৈ ক’বলৈ কিহে পাইছিল।
:তুমি নিজেতো একোৱেই নোকোৱা।
:মই দৰকাৰী সময়ত দৰকাৰী কথা কওঁ।
:আৰু কি ক’লে ককাই, ইমান হাঁহি আছা যে।
:থুপুৰ কথা জানে ককাই,তাৰ নামটো তেওঁ নিজেই দিছিলে।
:থুপু টো?
:ওহোঁ, ভাল নামটো?
:কি?
:আবিৰ।
:মিনিং।
:ৰং, ফাকুৰ দৰে ৰঙীন কৰি দিব সি আমাৰ জীৱনবোৰ।

অনিৰুদ্ধই ধুনীয়া হাঁহি এটাৰে মোৰ গালত লাহেকৈ চুই দিলে, থুপুৰ দৰে গোল গোল চকুৰ পলক আকৌ এবাৰ চুই চালোঁ মই।

(আগলৈ)

17 thoughts on “#আবিৰ খণ্ড (৫৯)

  1. আজিহে ভাল লাগিছে দেই বা। খুব ধুনীয়া ☺️

    Like

  2. মনটো ভাল লাগি গ’ল।…..❤️❤️❤️….. twist tu val lagil thupu e j aabir hbo bhobai nasilu 😊😊❤️❤️

    Like

  3. Akha kora nacilu Iman hunkale Pam buli thank you so much baa naparhakoiye comment likhisu thank you so much again.❤️

    Like

  4. বুকুত কিবা এটা থুপ খাইছে, হয়তো আবেগ।💓

    Like

  5. আকৌ কেতিয়া পাম বাৰু বা, সময় বোৰ নাযায় নুপুৱাই লাগিছে..

    Like

  6. কেতিয়া দিব বা পিছৰ খণ্ডটো । ৰৈ ৰৈ আমনি লাগি গৈছে। জানো যে আপুনিও সোনকালে দিব চেষ্টা কৰে তথাপিও কলো বা ।পাৰিলে সোনকালে দিব।

    Like

  7. কৰবাত অজানিতে চকু দুটা ভিজি গল বা..আবিৰ👍👍👍

    Like

  8. বহুত ভাল লাগিছে আবিৰ পঢ়ি… JEC r Aarnab Asthar kahinir dore Aabir ru happy ending koribo dei♥♥

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s