#আবিৰ খণ্ড (৬০)

ৰাতিপুৱাৰেপৰা তেওঁক ভালকৈ এবাৰ দেখাও পোৱা নাই মই।আজি এইটো প্ৰজেক্টত তেওঁৰ শেষ দিন।গুচি যাব তেওঁ,যাব লাগিব।নিয়ম আছে যেতিয়া মানিবই লাগিব।জইন কৰোঁতে আমি সেইখিনি ৰুল পঢ়ি লৈছিলোঁ।এটা টিম লিড কৰোঁতে তেওঁ কেতিয়াও কাৰো প্ৰতি অন্যায় কৰিব নোৱাৰে।মোৰ দোষবোৰ তেওঁ যদি নেদেখা হৈ যায়, মোতকৈ যোগ্য কাৰোবাক যদি তেওঁ প্ৰাপ্যৰ পৰা বঞ্চিত কৰে।
বহু কথাই হ’ব পাৰে।
আৰু এনেকুৱা একো নহ’লেও প্ৰশ্ন কৰিবলৈ সুৰুঙা থাকিবই।মোৰ ভাল কামৰ প্ৰাপ্যকো অনিৰুদ্ধৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ ফচল বুলিয়েই ধৰা হ’ব।
তেওঁ আঁতৰি যোৱাটো আমাৰ দুয়োৰে বাবেই ভাল সিদ্ধান্ত।মই যিহেতু অতি কমেও এবছৰএইটো প্ৰজেক্টত থাকিবই লাগিব,মই এৰি যাব নোৱাৰো।নহ’লে হয়তো মই নিজেই আঁতৰি গ’লোহেঁতেন।
অমৃত, প্ৰশান্ত, টানিয়া, সুৰেশ সকলো ব্যস্ত তেওঁৰ ফেয়াৰৱেলৰ ব্যৱস্থা কৰাত।সুভাষিণী ইতিমধ্যে গুচি গৈছে মেটাৰ্নিটি লিভত।কৃতিকা ঘূৰি আহিছে।তাইৰ সৈতে মই নতুন মডিউল এটাত কাম আৰম্ভ কৰিছোঁ।
:Ananya,you will miss him na?
:Nothing like that.
খুলি কোৱা ইমান সহজ নহয়।মিছ কৰিম?ওহোঁ নকৰোঁ।সদায় আহি তেওঁৰ ডেস্কৰ গছপুলিটোত পানী দিম।নাইবা লৈ আনিম সেইটো মোৰ ওচৰলৈ।আৰু এমাহৰ পাছত তেওঁ আকৌ একেটা বিল্ডিঙলৈকে ঘূৰি আহিব।মন গ’লেই চাই আহিব পাৰিম চাগে।
কিন্তু…
এতিয়া আৰু মোৰ আশে পাশে বিয়পি নাথাকে তেওঁৰ সুগন্ধি, ঘূৰি চালেই নেদেখো কীবোৰ্ডত ধুমুহা গতিত চলা আঙুলিৰ কছৰৎ ।মিটিং বোৰত প্ৰত্যয় আৰু গভীৰ আত্মবিশ্বাসেৰে প্ৰতিটো কথাৰ সমাধান দিয়া তেওঁৰ কথাবোৰ।হাজাৰ কামৰ হেঁচা থাকিলেও মুখৰ মিচিকিয়া হাঁহিটোৰে সকলোৰে লগত কথা পাতি থকা মানুহজনক।
:Are you happy after marriage Kritika?
অপ্ৰত্যাশিত প্ৰশ্নটোত থতমত খালে কৃতিকাই।
অলপ পৰ মনে মনে থাকি উত্তৰ দিলে যদিও কৃতিকাৰ উত্তৰ পোনপটীয়া নাছিল।
বিয়াই তাইক দায়িত্বশীল কৰিছে,স্বামীৰ তাইৰ প্ৰতি মৰম আৰু দায়বদ্ধতা দেখি তাই দুগুণে প্ৰেমত পৰিছে।কিন্তু তাৰ মাজতো হেনো তাই পুৰণি দিনবোৰ,নিজৰ মাজৰ পুৰণি মানুহজনীক বিচাৰি ফুৰে কেতিয়াবা।তাইৰো কেতিয়াবা মন যায় বান্ধোন ছিঙি ওলাই আহিবলৈ।কিন্তু কিয়?প্ৰেম আছে,বিশ্বাস আছে, তাৰ পিছতো কিয়?
উত্তৰটো তাইৰ ওচৰত নাই,হয়তো কাৰো ওচৰত নাই।
স্বতন্ত্ৰতা!
সকলো মানুহৰে পৰম প্ৰাপ্তি কেৱল স্বতন্ত্ৰতা।সেই স্বতন্ত্ৰতা পালে মানুহে দুখ, শোক, ভোক, ৰোগ সকলোৰে সৈতে সহবাস কৰিব পাৰে।

:Come on guys, lets meet at the Cafeteria.
সুৰেশৰ মাত শুনি দুইজনী উঠি আহিলোঁ।হিবাহঁতৰ টিমৰ মানুহবোৰো আহিছে।এইবোৰ কামত টানিয়াই সদায় আগভাগ লয়।এক সপ্তাহৰ আগৰ পৰাই প্লেনিং।আৰু মই একেবাৰে শেষত থাকি ভাল পাওঁ।গিফ্ট কি কিনিব সেইয়া আলোচনাতো মই ভাগ লোৱা নাই।প্ৰায় পঁচিছ ত্ৰিশ জন মানুহ গোট খাইছে।কেইজনমানক চিনিও নাইপোৱা।আমাতকৈ বহুত চিনিয়ৰ যেন লাগিছে।ইফালে সিফালে চালো,নাই অনিৰুদ্ধৰ দেখা দেখি নাই।
:Here is my boy, come Ani.
সম্পূৰ্ণ ফৰ্মেল গেট আপত গম্ভীৰ খোজেৰে তেওঁ সোমাই আহিল।মই আৰু অলপ পিছুৱাই গৈ মানুহবোৰৰ একেবাৰে শেষৰ লাইনটোত ৰৈ আছোঁ।বগা ফৰ্মেল চাৰ্ট ,ব্লেক ফৰ্মেল পেণ্ট,ব্লেক ব্লেজাৰ, হয়তো আজিও কিবা প্ৰেজেন্টেচন আছিল।শেষৰ দিনাও?
এশটামান কাম একেলগে কৰি থাকে,কোনে জানে,Innovation Club ৰ কিবা থাকিবও পাৰে।
সুৰেশে আৰম্ভ কৰিলে,অনিৰুদ্ধ কেনেকৈ প্ৰজেক্টলৈ আহিল,কি কি কাম কৰিলে,যাবলৈ দিব লগীয়া হোৱাত তেওঁৰ কিমান বেয়া লাগিছে এই সকলোবোৰ।তাৰ পিছত অমৃত, টানিয়া, প্ৰশান্ত, ফোনত সুভাষিণী,টেষ্টিং টিমটোৰ লিড নবীন,Database Administator বিক্ৰান্ত সৱেই কিবা নহয় কিবা এষাৰ ক’লে।আনকি কৃতিকাও বাকী ৰোৱা নাই।এইবাৰ সুৰেশে মোক বিচাৰিলে।
শেষ।
যিটোলৈ ভয় খাই আছিলোঁ সেইয়াই হ’ল।
:Say a few words Ananya.
অনিৰুদ্ধৰ ফালে নাই চোৱা মই,চালেই একো ক’ব নোৱাৰিম।
:Good luck Anirudh, you will be missed!
:Thanks Ananya!
মাতটোহে শুনিলোঁ,তেওঁলৈ চোৱা নহ’ল।আকৌ আঁতৰি আহিলোঁ।তাৰ পাছত কেক কাটিলে, উপহাৰ ল’লে।বহুত দেৰিলৈকে চলিল ফেয়াৰৱেল পাৰ্টি।সৱৰে কাৰণে পিজ্জা আৰু কফিৰ ব্যৱস্থা হ’ল।খাবলৈ বহুতে মই হিবা আৰু কৃতিকা এখন টেবুলত বহিলো।তেওঁ সুৰেশ অমৃত আৰু আন দুজন মানুহ কিবা গভীৰ আলোচনাত ব্যস্ত।আঁৰ চকুৰে এবাৰ চালোঁ,এমাহলৈ দেখা নাপাম।বুকুখন গধুৰ হৈ আহিছে।
উঠি গৈ চাহ একাপ বিচাৰিলো, দাদাজনে আজিকালি মোৰ পছন্দ জানে।
:অদ্ৰক ৱালী না মেম?
:হাঁ।বিনা ছিনি কা ।
:ময়ো খাম।
ঘূৰি চালোঁ।তেওঁ ওচৰতে ৰৈ আছে।চকু কেইটা সৰু কৰি হাঁহি এটা মাৰিলে।
:দ’ কাপ ভাইয়া।
: আপোনাৰ কাইলৈ ফ্লাইট কেইটাত?
:So you will miss me huh?
:Nope.
নিজৰ চাহকাপ লৈ আঁতৰি আহিলোঁ।কিন্তু পিছে পিছে আহি তেওঁ সৱৰে সন্মুখতে ব্লেজাৰ তো খুলি মোৰ হাতত দি ক’লে
:Keep it with you, I will be in another meeting now.
Dont leave before I come.

তাৰ পাছত আৰু মই তাত ৰৈ থকা নাই, পিজ্জা তাতে এৰি চাহৰ কাপটো হাতত লৈ উঠি গুচি আহিলোঁ, হাতত অনিৰুদ্ধৰ ব্লেজাৰটো।ফুৰফুৰীয়া সুগন্ধি এটা মোৰ সৈতে আহি থাকিল।

সাত বজাৰ মিটিং শেষ হ’ল,লাহেকৈ সৱ যাবলৈ ওলাইছে, তেওঁৰ তেতিয়াও দেখা দেখি নাই।ইফালে ককাই দুই তিনিবাৰ ফোন কৰিছে।চিন্তা কৰে আজিকালি।আঠ বাজি যোৱাৰ পাছত ৰৈ নাথাকিলোঁ, বেগটো সামৰি আহিবলৈ লওঁতেই তেওঁ ফোঁপাই জোপাই সেইখিনি পালেহি।
:ক’ত যোৱা?
:এইটো লওক।
ব্লেজাৰটো আগবঢ়াই দিলোঁ।তেওঁ নল’লে।ডেস্কৰপৰা সৰু গছপুলিটো আনি মোৰ তাত থ’লে।লকাৰটো আকৌ এবাৰ ভালকৈ চাই চাবিটো অমৃতক দিলে।মই সেইখিনতে ৰৈয়ে আছোঁ।
তেওঁ মেকবুকটো সামৰি সুৰেশক গতাই দিলে।সেইটো প্ৰজেক্টৰ ফালৰপৰা দিয়ে যিহেতু।সৱ কৰি মেলি আজৰি হৈ মোৰ ওচৰ পালেহি
:Let’s go.
:ক’লৈ?
:হায়দৰাবাদ। যাবা?
উত্তৰ নিদিলোঁ।অমৃত টানিয়া প্ৰশান্ত সৱকে বাই কওঁতে কিমান দেৰি যে লগাইছে।আৰু হাগ কৰাটো জৰুৰী নেকি?বিশেষকৈ টানিয়াক কিয় কৰিব লাগেনো।খং এটা টিঙিচকৈ উঠিয়েই আহিলে।চাই নাথাকোঁ বুলি ওলাই আহি লিফ্টলবীত ৰৈ আছোহি।
:You are coming to my home now.
:What???No way!
:ঠিক আছে,ময়ে আহিম তোমাৰ ঘৰলৈ।
:ককাক কি ক’ম?
তেওঁ একো নক’লে।লিফ্টত সোমাই মুখখন ফুলাই বেলেগ ফালেই চাই আছে।গাড়ীত বহিও একেই অৱস্থা।
উপায় নাই।
ফোনটো উলিয়াই ককালৈ ফোন কৰিলোঁ।
:ককা, মোৰ অকণমান দেৰি হ’ব।আয়ু আহিব তোমাৰ ওচৰলৈ এতিয়া,তুমি ভাল পোৱা কাজু পোলাও আৰু পনীৰ লৈ যাব।হ’ব?
হাঁহি এটা ফুটি উঠিল তেওঁৰ মুখত।
:বহুত দেৰি নকৰিবি।অকলে আহিব পৰিবি জানো।
ককাক মিছা কথা কোৱাৰ ইচ্ছা নহ’ল।
:ককা,অনিৰুদ্ধ কাইলৈ যাবগৈ,তোমাক কৈছিলো যে।
:সি মোক মাত এষাৰ দি যাব নাপায় হ’বলা।
:তুমি বেয়া নোপোৱা যদি তেওঁক লৈ আহোঁ নে আমাৰ ঘৰলৈকে?
:উৱা.. ভালহে পাম,পিছে ভাত পানী?
:সেইয়া হ’ব বাৰু,শুনাচোন,তুমি ভাল চোলা এটা পিন্ধি থাকা, আমি আহি আছো।
মনতে ভাবি থকা কথাটো তেওঁক ক’লো।
:ভোক লগা নাই জানো?Dinner on me.
:তেওঁ জোৰেৰে গাড়ীখন ব্ৰেক মাৰি দিলে।
:What?
:Yes.কিন্তু ককাক লৈ আহোঁ আগতে।
তেওঁৰ তৰা তৰা চকু কেইটা তিৰবিৰাই উঠিল।বাওঁহাতেৰে মোৰ সোঁ হাত খন খামুচি ধৰিলে।মিউজিক চিষ্টেমত মৌপিয়াই তেতিয়া সাধুকথা কৈছে।

দূৰৈৰ পৰাই দেখিছোঁ ককা বাৰাণ্ডাত লাইট জ্বলাই বহি আছে।
:মই ককাক লৈ আহোঁ, আপুনি নাযায়?অলপ ফ্রেছ হৈ ল’ব পাৰিব।

তেওঁ মুখ হাত ধুই ককাৰ সৈতে বাৰাণ্ডাত বহিল।ময়ো কাপোৰ সলাই ল’লো।জিনছ আৰু টপ খুলি পাতল গুলপীয়া চুৰিডাৰযোৰ উলিয়াই পিন্ধিলোঁ।তেওঁৰ বাবে যেন আজি সকলো কৰিম।কাইলৈৰ পৰা যে বিচাৰিলেও নাপাওঁ কাষত।
মন যায় কেতিয়াবা,হয়।মোৰো মন যায়।
নিজক ধুনীয়াকৈ সজাই তুলিবলৈ,অনিৰুদ্ধৰ সৈতে ধুনীয়া সময় পাৰ কৰিবলৈ।খুলি ক’বলৈ হে দিগদাৰ হয়।

:মই ৰেডি।যাওঁ ব’লা ককা।
:মাজনী,তহঁত যা।মই নাযাওঁ আজি।
:কিয়????????
আমি দুয়ো একে সময়তে চিঞৰি উঠিলোঁ।ককাক লগত লৈ যাবলৈকে আমি আহিছিলোঁ।কিন্তু এতিয়া নাযাওঁ বুলি কিয় ক’লে বুজি নাইপোৱা।
:এইবোৰ সময় আমিও পাৰ কৰি আহিছো,একো নহয় যা।অনিৰুদ্ধ,সোনকালে থৈ যাবাহি তাইক।বেছি দেৰি নালাগে কৰিব।
:তোমাৰ খোৱা ? মই চোন একো নাৰান্ধিলোঁ।
:আয়ুক মাতিছোঁ ফোন কৰি,লৈ আনিব সি।
বুজি পালো,ককায়ে আমাক অকলে সময় কটাবলৈ দিব বিচাৰিছে।সেইবাবে যাবলৈ ওলোৱা নাই।তেওঁ দুই তিনিবাৰ আকৌ কৈ চালে।ককা নাযায়।উপায় নাপায় আয়ুক ময়ো ফোন কৰি মাতি ওলাই আহিলোঁ।আমি গাড়ীত উঠোতে সি আহি পালেহিয়েই।
এইটো নহ’লে যে মোৰ কি হ’ব।
:অ’ই,মই নহালৈকে থাকিবি দেই।
:মই আজি ইনেও ইয়াতে থাকিম।
:ইনেও নহয়, এনেয়েও।
:যা না বুঢ়ী,ডেটত যা।জ্ঞান দি নেথাক।

আগবাঢ়িলোঁ।জোনাকে ধোৱা তৰাফুলা ৰাতিটো যেন আমাৰ বাবেই ইমান বেছি ধুনীয়া আজি।
:ক’ত যাবা?
:আপোনাৰ ভাল লগা ৰেষ্টুৰেণ্টলৈ।

Bye The Blue ৰেষ্টুৰেণ্টত এখন টেবুল লৈ আমি বহিলো।একান্তই আমাৰ সময়খিনি বুকু জুৰ পৰি যোৱাকৈ নিজৰ কৰি ল’বৰ মন গৈছে মোৰ।তেওঁ বহুত কিবা কিবি কৈ আছে,মই শুনা নাই।চাই আছোঁ।কথাৰ মাজে মাজে সৰু ডাঙৰ হৈ থকা ধুনীয়া চকুযোৰ, হাঁহি দিলে গালত পৰা টোলটো, মাজে মাজে চুলি খিনি চুই থকাৰ অভ্যাস টো, আৰমানিৰ চিনাকি গোন্ধটো।
সকলোবোৰ হেৰুৱাম কাইলৈৰ পৰা।
ভাল পোৱা মানুহজনক আঁতৰাই পঠিয়াই মানুহ কেনেকৈ জীয়াই থাকে বাৰু?

:খোৱা আকৌ।ককাই জলদি drop কৰিব কৈছে ন।
:হমম।
বহু কথাই পাতিলোঁ,তেওঁৰ নতুন প্লেন,মোক দিয়া হাজাৰটা উপদেশ, দৈনিক ৰাতিপুৱা গধূলি ফোন কৰাৰ তাগিদা, অমৃতৰ সৈতে তৰ্ক নকৰিবলৈ সকীয়নী,শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবলৈ আকৌ এটা reminder…
আৰু যেন শুনিম এই কথাবোৰ, এই মাতষাৰ।
খোৱা হ’ল,কিন্তু যাবলৈ যে ইচ্ছা হোৱা নাই।সময়বোৰ যেন বেছি খৰকৈ আগবাঢ়িছে আজি।
দহ বাজিবৰ হ’লেই।
:যাওঁ নেকি?ককাই চিন্তা কৰিব।
:No.
:কিয়?
:I want you by my side Ananya.Is it possible?
উত্তৰ নাছিল।মোক যে এতিয়া সময়ৰ প্ৰয়োজন।ককা,থুপুৰ লগতে মাজে মাজে মাৰ বাবেও চিন্তা হয়।কিন্তু এই মানুহজনক উপেক্ষা কৰোঁ কেনেকৈ?
:আগৰ কথা নাজানো,আজি আৰু অলপ সময় আপোনাৰ লগত ময়ো থাকিব বিচাৰোঁ।
মোৰ কথা শেষ হোৱাৰ আগতেই তেওঁ কৈ উঠিল
:Come with me.
:ক’লৈ?
একো নুবুজিলোঁ।তেওঁ অলপ খোৱাবস্তু পেক কৰাই লৈছে।
কিন্তু কাৰ বাবে?

আকৌ এবাৰ আমি আহিছোঁ সেইখিনি ঠাইলৈ,য’ৰপৰা আৰম্ভ হৈছিল সকলোবোৰ।আজিও আছে তাত মোক আশীৰ্বাদ দিয়া কিন্নৰসকল।ঠাইখিনি অলপ চফা হ’ল।ভিৰ নাই।দুই এজন মানুহ আহি আমাৰ সন্মুখতে তেওঁলোকৰ সৈতে কথা পাতিছে।গাড়ীখন অলপ দূৰত ৰাখি আমি আগবাঢ়িলোঁ।অনিৰুদ্ধই খোৱা বস্তুবোৰৰ লগতে পকেটৰ পৰা পইচা অলপ উলিয়াই দিলে।তেওঁ যে নাথাকিব সেইয়াও ক’লে।
:শাদি হো গয়া ?
:হ’ জায়েগী।
তেওঁ মোলৈ চাই চাই উত্তৰ দিলে।
:
আকৌ এবাৰ এসোপামান আশীৰ্বাদ শিৰ পাতি লৈ গাড়ীত বহিলো।
লাহে লাহে গাড়ীখন আগবাঢ়িল।
:ইয়াৰপৰাই আৰম্ভ হৈছিল ন?
:উম।
:Lets make it more mamorable.
হঠাৎ ৰখাই দিলে।কিন্তু কিয়?

গ্লাছ কেইখন উঠি আহিল।মোৰ ছিট বেল্টডাল খুলি দিলে তেওঁ।কাণৰ কাষৰ চুলি খিনি আঁতৰাই দিলে।ইমান ওচৰত কিয় অনিৰুদ্ধ?
উশাহটো একেবাৰেই ৰৈ গ’ল।
:I want my farewell gift.
তাৰ পাছত বহুপৰ মই চকু মেলিব পৰা নাই।মাত্ৰ অনিৰুদ্ধৰ ঘন ঘন উশাহবোৰ নিজৰ মাজত সামৰি লৈছোঁ।
আৰু তাৰ পাছত?
সামৰি ল’লে বুকুৰ মাজত..
:I will miss you like hell…love you so much…

কাইলৈ বোৰ অহাটো জৰুৰী নেকি?

(আগলৈ)

15 thoughts on “#আবিৰ খণ্ড (৬০)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s