#আবিৰ খণ্ড(৬২)

আমালৈ চাই থকা,দূৰৈৰপৰাই মৰম দিয়া, ভাগৰুৱা মুখত প্ৰশান্তিৰ এটা হাঁহি লৈ সেইয়া অনিৰুদ্ধ!চকুৱে চকুৱেই বহুখিনি কথা কোৱা হৈ গৈছিল।তেওঁ কাষ চাপি নাহিল।মাৰ আগত মোক অসহজ নকৰিলে।
:তুমি মাই-ই হয়?
থুপুৱে মোক শেষবাৰৰ বাবে দেখোঁতে ফুটা নুফুটা মাতেৰে মাই বুলি মাতিবলৈ শিকাইছিল বায়ে।তাৰ চাগে মনত আছে।
:কেব পাম নে ইয়াতে?
মায়ে কথাটো সলাবলৈ চেষ্টা কৰিলে।থুপুৰ মুখখন ভালকৈ চাইছোঁ।কিবা এটা যেন এতিয়াই ফুটি উঠিছে তাৰ মুখত।কোনে কয় সৰু ল’ৰা ছোৱালীয়ে কথা বুজি নাপায় বুলি?
বুজে।সকলো বুজে সিহঁতে।মৰমৰ স্পৰ্শ,আদৰৰ মাত,অৱহেলাৰ ভাত..সকলো বুজে সিহঁতে।বাৰ শাহুৱেকৰ লগত সি কেনেকৈ আছিল ইমানদিনে সেইয়া ভাৱি আকৌ এবাৰ কঁপি উঠিলোঁ মই।বেছি জোৰেৰে সাৱটি ধৰিলোঁ তাক।
মোক আচৰিত কৰি সি ও মোক মেৰিয়াই ধৰিলে।কান্ধতে মূৰটো পেলাই দিলে।
OLA Zone ত গৈ কেবত উঠিলোঁ।তিনিটা বেগ।তাৰে আটাইতকৈ ডাঙৰটো বেগ থুপুৰ।মায়ে সকলো নতুনকৈ কিনি আনিছে।
:তৰা,তই আগত বহ।
মোক আচৰিত কৰি মা মোৰ সৈতে পিছত বহিল।থুপু মোৰ কোলাত।গাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই চাই আহিছে সি।মায়ে ছানগ্লাচযোৰ খুলি ঘূৰি বহিল।মানুহজনী যেন বহু ৰাতি শোৱা নাই।চকুৰ গুৰিত ক’লা ক’লা দাগ পৰিছে।নিমজ বগা ধুনীয়া মুখ খন ক্লান্ত।এডাল দুডাল চুলি পকিছে।ছুটিকৈ কটা চুলিখিনি প্ৰায়ে চুই চুই ঠিক কৰি থাকে মায়ে।
:মাজু,তই ভালকৈ কথাবোৰ ভাবি ল।ইয়াৰ ভৱিষ্যতৰ কথা আছে।জানৰ ঘৰত সি বেলেগ নাপালেও মাক বুলি ভবা মানুহজনীক অনবৰতে পাইছিল।ৰাজুৰ মাকে আহি যি কৰিলে সেইবোৰ বেলেগ কথা।এতিয়া সিহঁতৰ নিজৰ সন্তান হ’ব।থাকক সুখেৰে।একো নকওঁ বেলেগে।কিন্তু ই বহুত কিবাকিবি দেখিছে এতিয়াই।মোৰ লগত অহাৰ পাছতো দুদিন কান্দিলে খুব।কিবাকিবি কৈ ফুচুলাই ৰাখিছোঁ।তই পাৰিলে অলপদিন ছুটি লৈ ইয়াৰ লগতে থাক।তৰা ইয়াতে কিছুদিন থাকিব।ককা আছেই।মই পৰহিলৈ ৰিটাৰ্ন হ’ম।
:ইমান সোনকালে যোৱাগৈ?
:কি কৰিম থাকি ইয়াত।এনেও দেউতাই মোক বৰ এটা..
:বুজিছোঁ, ককাৰ কথা কৈছা।
:হোটেল পাই যাম ন তোৰ ঘৰৰ ওচৰতে।
:মই বুক কৰি দিম, আছে ।
মা নাথাকে মোৰ ঘৰত।জেগা নাথাকিলেও কিবা এটা ব্যৱস্থা কৰিলোঁহেঁতেন।কিন্তু মা তেনেকৈ নোৱাৰে থাকিব সেইটো মই জানো।জোৰ কৰাৰ ইচ্ছাও নাই মোৰ।মানুহজনীৰ সৈতে খুলি কথা পতাৰে নো কিমান দিন হৈছে মোৰ।আব্দাৰ কৰিব পৰা হোৱালৈ এতিয়াও বহুদিন বাকী আছে।

:এইটোৱেই মোৰ বিল্ডিং,সৌৱা ককা বহিয়েই আছে বাৰাণ্ডাত।নামা।
তৰা আৰু মা নামিল।
ভাইয়া ইধৰ হি ৰ’ক দিজিয়েগা।অনলাইন পে কৰ দিয়া মেইনে।

মায়ে নামি ইফালে সিফালে চালে।আয়ু তললৈ নামি আহিছে।ককা অহা নাই।মাৰ সৈতে ইমান সহজ নহয়, নোৱাৰে হ’ব।কথাবোৰ আনে নুবুজিলেও অন্ততঃ মই বুজি পাওঁ এতিয়া।
:থুপু,এইটো আয়ু মামা।
:ই ইয়াতে থাকে নেকি?
মাৰ কথাৰ সুৰ একেই আছে।আয়ুক এতিয়াও ভালকৈ মাত এষাৰ দিব নোৱাৰে।মোৰ কোলাৰ পৰা থুপুক লৈ আয়ু আগবাঢ়িল।সি বৰ এটা গুৰুত্ব নিদিলে মাৰ কথাটোত।
:মা,আয়ুক তেনেকৈ নক’বা।সি নথকা হ’লে চাগে ময়ো নাথাকিলোঁহেঁতেন।মাত এষাৰ দিবলৈ তাৰ বাহিৰে কোনোৱেই নাছিল ন এটা টাইমত।বাদ দিয়া সেইবোৰ,ভিতৰলৈ ব’লা।

ঘৰটোত সোমাই মাৰ মুখত অসন্তুষ্টি স্পষ্টকৈ দেখিলোঁ।আয়ু আৰু থুপুৰ মাজত ভাল বন্ধুত্বই হ’ল।এনেও আয়ুৰ আচৰণ থুপুতকৈ বেলেগতো একো নহয়।ককা এতিয়াও বেলকনিতে বহি আছে।তৰাই বেগকেইটা মই কোৱাৰ দৰে ভিতৰৰ ৰূমত থবলৈ গৈছে।মাক প্লাষ্টিকৰ চকীখন দি বহিবলৈ দিলোঁ।মোৰ বিছনাত আয়ু আৰু থুপুৰ খেল আৰম্ভ হ’লেই।মায়ে হাতৰ বেগটো সৰু টেবুলখনত থ’লে।মই মুখ হাত ধুই ককাক মাতিলোঁ।নাই নাহে।তাতে বহি আছে।খং এটা উঠি আহিল
:আপোনাৰ থুপুক চাবলৈও মন যোৱা নাইনে?নালাগে আহিব বহি থাকক ইয়াতে।
বাৰাণ্ডাতে ককাক এৰি ঘূৰিবলৈ লওঁতেই দেখোঁ মা আহি ৰৈ আছেহি।
:গা কেনেকুৱা আপোনাৰ?কিবা দিগদাৰি পাইছে নেকি?
মই মাজতে ৰৈ এবাৰ ককালৈ এবাৰ মালৈ চাই আছোঁ।
:দিগদাৰি তেনেকৈ নাই।এই অফিচলৈ গ’লে অলপ আমনি পাওঁ।এতিয়া গোঁসাইকণ আহিলে যেতিয়া সেইয়া চিন্তাও আতঁৰিলে।এই তৰা থাকক নেকি ইয়াতে।সুবিধা হ’ব।
:ঘৰটো বৰ সৰু।ইমানবোৰ মানুহ কেনেকৈ থাকিব তাকে ভাবিছোঁ।
:সেইটোকে এইজনীক কৈ কৈ মই বুজাব পৰা নাই।তুমিয়েই কৈ থৈ যোৱা কিবা এটা।
বাপৰে, ইমান কথা আছিল যদি গপ পাতি আছিলে কেলেই?এতিয়া মোৰ বদনাম গাবলৈকে হ’লেও যে দুইজনৰ মাজত সন্ধি হ’ল সেইয়াই বহুত মোৰ বাবে।মা আৰু ককাক তাতে এৰি ভিতৰলৈ আহিলোঁ।
:মাজু,চাহ মই বনাই দিওঁ দে।ক’ত কি আছে দেখুৱাই দে।
:থুপু..কি খাবি তই?
:উৱা,তই বুলি কৈছ যে।
আয়ু একদম জকজকাই উঠিছে।মোৰ ল’ৰা মই যিয়েই নকওঁ।বেছি মৰম লাগিলে মই তই বুলিয়েই কওঁ।
:মেগী মাম।
:মেগী মাম নহয় নহয়,এতিয়া গাখীৰ আৰু বিস্কুট খোৱা তাৰ পাছত আমি আচল মাম খাম দেই।

তৰাৰ লগত লাগি ভাত বনালোঁ।তাই মাজে মাজে মোক বগা বাংলোৰ কথা কিছুমান কৈ আছে।আজিকালি মা দেউতাৰ মাজত কথা বতৰা একেবাৰেই বন্ধ হেনো।দেউতা প্ৰায়ে ঘৰলৈ দেৰিকৈ আহি ৰাতিপুৱাই ওলাই যায়।ফেক্টৰীতে থাকে।নাইবা মাৰ্ঘেৰিটাৰ ঘৰটোত অকলে থাকেগৈ।মা একেবাৰেই অকলশৰীয়া।আজিকালি আগৰ দৰে কিটি পাৰ্টি, ক্লাৱৰ পাৰ্টিবোৰলৈ নাযায়।ঘৰতেই সোমাই থাকি ভাল পায়।গছ আৰু ফুলৰ সৈতেই ব্যস্ত হৈ থাকে।কেতিয়াবা খুব কান্দে।দৰ্জা বন্ধ কৰি সোমাই থাকে।নিজৰ গালতে নিজে চৰিয়াই, চুলিবোৰ আজুৰি আজুৰি কান্দে।বিধ্বস্ত অৱস্থাত কেইবাদিনো তৰাই আনি বিছনাত শুৱাইছেহি।সুধিলেও একো নকয়।

খালি চাহৰ কাপকেইটা লৈ মা সোমাই আহিল।আমি দুজনী মনে মনে থাকিলোঁ।
:মাজু।
মায়ে তৰাক বাহিৰলৈ পঠিয়াই দিলে।নিজেই আদা নহৰু গুচাবলৈ লাগিল।আয়ুয়ে মাংস আনি থৈছে।তাকে বনাবলৈ লৈছোঁ।
:কোৱা।
:হোটেল খন চাই দিবি।
:ইয়াতে থাকা আজি,অলপ দিগদাৰ হ’ব।আয়ুয়ে আৰু এখন তুলি আনি দিব।তৰাৰ কাৰণে লাগিবই যিহেতু।মই আৰু থুপু ককাৰ লগত শুই যাম।তুমি বিছনাত,আই মিন..যদি দিগদাৰ নহয়..
:নালাগে দে..
:okay

কথা বঢ়াই নাথাকিলোঁ।ককা,থুপু,তৰা আৰু আয়ুক খাবলৈ দি মায়ে ময়ে পিছত খালোঁ।ককাৰ লগত খেলি খেলি থুপু শুই গৈছে।আয়ু নিজৰ ৰূমলৈ গ’ল।তৰা মোৰ বিছনাত টোপনিত লালকাল।বেচেৰী ভাগৰি আছিলে।মায়ে ময়ে পাকঘৰ সামৰি বাৰাণ্ডাত বহিলো।
:মা,এলবামটো চালোঁ।
:হমম।
:মানুহজন এতিয়াও আছে?
:নাথাকি ক’লৈ যাব?
:কথা পাতা এতিয়াও?
মায়ে আনফালে মুখ ঘূৰালে।এইবোৰ কথা মই সুধিব লাগে নে নালাগে মই নাজানো।কিন্তু তৰাৰ মুখত কথাবোৰ শুনি মই ৰৈ থাকিব নোৱাৰিলোঁ।মা দেউতাই কি মাৰাত্মক ভুল কৰিলে সেয়া বুজিছোঁ এতিয়া।প্ৰেম,বিশ্বাস, শ্ৰদ্ধা আনকি অকণমান দায়িত্ববোধ নথকা এটা সম্পৰ্কৰ মৃতদেহ কঢ়িয়াই কঢ়িয়াই অতবছৰ পাৰ কৰি দিলে।কিয় কৰিলে নাজানো।হয়তো সমাজৰ ভয়ত,সম্ভ্ৰান্ত পৰিয়ালৰ নাম ইজ্জত শেষ হোৱাৰ ভয়ত।কিয় কৰে মানুহবোৰে এনেকুৱা।যদি তেতিয়াই দুয়ো আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লহেঁতেন,এতিয়ালৈ দুয়ো দুটা সুখী জীৱন বিচাৰি পালেহেঁতেন।সমাজে কেতিয়ানো কথা নকয়?এতিয়া জানো কোৱা নাই।এতিয়া জানো মা দেউতাক পুতৌ কৰি নাহাঁহে,বদনাম নকৰে!
ভুল কৰিলে।বহুত ডাঙৰ ভুল।মা,দেউতা,ককা আইতা সৱেই ভুল কৰিলে।যাৰ ফল আমি সৱেই ভুগিলোঁ।
:তেওঁ ইয়াতে থাকে।নিজৰ জীয়েকৰ লগত।
:ইয়াত?ইয়াত ক’ত?a
:নাজানো।এদিন ফেচবুকত দেখিছিলোঁ।
:You follow him?
:No.
:তেন্তে?
:বাদ দে সেইবোৰ।
:নিদিওঁ বাদ,কেনেকৈ জানিলা ইয়াত থাকে বুলি?
:তেওঁৰ পত্নীক সৱেই চিনি পায়।ভাল গায়িকা আছিল আমাৰ সময়ৰ।পাব্লিক ফিগাৰ।ফটোবোৰ দেখোঁ কেতিয়াবা।তাতে তেওঁ থাকে।
মাৰ মুখত কোনো অভিব্যক্তি নাই।থাকিবই বা কি?ঘূৰি চাব অতীতলৈ?
নে অন্ধকাৰ বৰ্তমান আৰু ভৱিষ্যতৰ মাজত দুলি থাকিব অহৰহ।দেৰি হৈ গ’ল,বহুত দেৰি।
মায়ে আগবঢ়াই দিয়া ফোনটোত তেওঁৰ ফটোখন দেখিলো।একেই বিষাদ,একেই অসহায় চকুযোৰ।পত্নী,জী, জোঁৱাই সকলোৰে মাজতো মানুহজন যেন অলপ হ’লেও অকলশৰীয়া।
পঞ্চাশ বছৰীয়া মানুহৰ প্ৰেমক সমাজে কি বুলি কয়?
চৰিত্ৰৰ দোষ?যৌন তাড়না?বৰ্ধক্যজনিত মানসিক ৰোগ?
কোনোবাই বুজেনে কথাবোৰ?ভাবি চাইনে নিজকে সেই ঠাইত ৰাখি?
:এবাৰ লগ পোৱাৰ ইচ্ছা নহয়নে?
:হয়,এবাৰেই লগ পোৱাৰ ইচ্ছা হয়।তেওঁ ভুল বুজিয়েই থাকিলে মোক।দেউতাৰ অগাধ সম্পত্তি দেখি তেওঁক এৰি আহিলোঁ বুলিয়েই ভাবি থাকিল।কথাবোৰ নোকোৱাকৈ মৰিলে মোৰ আত্মাই কেতিয়াও শান্তি নাপাব।
:হমম
তাৰ পাছত আৰু বহুপৰ আমাৰ কথা নোলাল।মা হোটেললৈ যাবলৈ ওলাল।আমাৰ ঘৰৰপৰা দুই কিলোমিটাৰ মান দূৰত থকা হোটেলখনতে ৰূম এটা বুক কৰিলোঁ।কাইলৈ দিনত মা আকৌ এবাৰ আহিব।
ককাৰ ওচৰৰ পৰাশুই থকা ভাগেৰেই থুপুক উঠাই আনিলোঁ।
:তাক কিয় উঠাই আনিলি?
:ব’লা, তোমাক হোটেলত নমাই মই ইয়াক লৈ এফালে যাব লাগিব?
:ক’লৈ?
:এতিয়া নালাগে জানিব।মই তোমাৰ দৰে দেৰি কৰিব বিচৰা নাই কিছুমান কথাত।
:অনিৰুদ্ধ,নামটো ককাই কৈছে।
:লগ কৰিবা তুমি?কাইলৈ?
:পাৰি।

মাক হোটেলৰ সন্মুখত নমাই দিলোঁ।বুকিং কনফাৰ্ম হোৱা মেছেজটো মাৰ নম্বৰত ফৰৱাৰ্ড কৰি মই থুপুক লৈ একেখন কেবতে আগবাঢ়িলোঁ।আধা বাটত তেওঁলৈ ফোন কৰিলোঁ।
:কি কৰিছে?
:অকণমান টোপনি আহিছিল।
:কিবা খালে?
:পিজ্জা অৰ্ডাৰ কৰিছিলোঁ।তুমি কি কৰিছা?সৱ ঠিকে আছেনে?
:আহি আছোঁ, আমি দুইটা।
:মোৰ ইয়ালৈ?what?I mean you crazy woman. আগতে কিয় নোকোৱা?
আৰু কিবাকিবি বকি আছিলে।ফোনটো কাটি দিলোঁ।

কেবৰ পৰা নামোতেই থুপুয়ে সাৰ পালে।কান্দিব বুলি ভয় খাই আছিলোঁ যদিও তেনেকুৱা একো নহ’ল।অকণ অকণ টোপনিৰ ভাৱ তাৰ চকুত আছেই।কান্ধতে মূৰটো পেলাই থৈছে।
:থুপু,আমি এতিয়া আৰু এটা নতুন ঘৰলৈ যাম দেই।
কলিংবেল বজাৰ আগতেই দৰ্জা খোল খালে।বুজি পালো কিয় ইমান বকিছিলে মোক।এইমাত্ৰ চাগে দৌৰা দৌৰি কৈ গা ধুই আহিছে।চুলিৰপৰা পানী পৰিয়েই আছে।পাইজামা আৰু ঢিলা বগা টি চাৰ্ট টোৰ ওপৰত টাৱেল আছেই।দৰ্জাখন এহাতে ধৰি তেওঁ ৰৈ আছে।
হয়তো কি কৰিব ভাবি পোৱা নাই।
নিজৰ প্ৰেমিকাৰ সন্তানক দেখি কি কৰে মানুহে?
সঁচাই মৰমত উথলি উঠে নে?
অলপ হ’লেও খং উঠেনে?
:ইয়াতে ৰৈ থাকিম?
:অহ ছৰী।আহা।Hey champ, what’s your name?
সহজ হ’বলৈ বহুত যত্ন কৰিছে তেওঁ।
:থোমা(তোমাৰ)যে নাকু নাকু হ’ব।
তিতা চুলিৰ অনিৰুদ্ধৰ চৰ্দি হোৱাটোক লৈ মোৰ লগতে থুপুৰো চিন্তা হ’ল।
তেওঁ নোকোৱাকৈয়ে দুয়োটাকে আঁকোৱালি ধৰিলে।
:I missed you Ananya.
(আগলৈ)

24 thoughts on “#আবিৰ খণ্ড(৬২)

  1. Baa..
    Kiman je aagrohere roi thaku next episode Tu loi..
    Bohut dhuniya hoise atia le..
    Tumale bohut morom ❤️❤️❤️❤️
    Regards
    Smriti,Jorhat

    Like

  2. Apunar likhoni’t ki j jadu ase oo…. porhiyei val lage…. and eagerly waiting for next page🥰🥰🥰

    Like

  3. 52 hours remaining 😂If you will upload next on 6 June.
    I hope you will upload it soon.
    😍
    ❤❤❤❤

    Like

  4. Olop hunkale upload koriboloi sesta kor8ba sun ba dhojjyo heraii jaii opeykkha kori kori..please ba🥲❤

    Like

  5. Ba berat VL lagise porhi…. apumi emn dhunia koi likhe porhi thakile rokhibo Mon najai…nxt tu ahibole ru kimn din… dhoijy nuhua hoi jai 😌😌

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s