#আবিৰ খণ্ড (৬৫)

:ছাল থকা ডিম দিয়া,এইয়া না না।
ৰাতিপুৱাই ঘৰত এইয়া লৈ হুলস্থূল।আমি কোনেও বুজা নাই ছাল থকা ডিম কি বস্তু।অমলেট বনাই দিলোঁ,সেইটো নহয়।বইল কৰি দিলোঁ, সেইটো ও নহয়।মুঠতে থুপুৱে আজি ছাল থকা ডিম হে খাব।বেলেগ কাম একো নাই পৰা কৰিব।
সুৰেশক ফোন কৰি আজি ঘৰৰ পৰাই কাম কৰিম বুলি কৈছোঁ।ৰাতিপুৱাই মাৰ ফ্লাইট আছিল।অনিৰুদ্ধও কালি ৰাতিয়েই গাড়ী লৈ হায়দৰাবাদলৈ ৰাওনা হ’ল।যোৱাৰ আগে আগে মাত্ৰ পাঁচ মিনিটৰ বাবে হে দেখা হ’লো।তেওঁ ফোন কৰিছিল..
:এবাৰ চাই যাওঁ,নামি আহা।
:আহিছোঁ।
:তাকো লৈ আহা।
অনিৰুদ্ধই থুপুকো চাই যাব খুজিছে।এদিনতে গঢ়ি উঠা সম্পৰ্ক নহয় এইয়া।তেওঁ যিদিনা মোক গ্ৰহণ কৰিছিল,সেইদিনাই মোৰ সন্তানকো আঁকোৱালি লৈছিল।মাত্ৰ কায়িক ভাৱে সেইয়া হোৱা নাছিল।এতিয়া হৈছে।একেই উজ্জ্বল দুচকুৰে যেতিয়া দুয়ো দুয়োকে হাঁহি হাঁহি চাই আছিল,দীঘল দীঘল পলক যেতিয়া জাপ খোৱা নাছিল,থুপুৱে কণমানি হাতখন অনিৰুদ্ধৰ পিঠিত থৈ সাৱটি লৈছিল,অদৃশ্য বান্ধোন এটা আৰু বেছি শক্তিশালী হৈ পৰিছিল।আকৌ সোনকালেই আমাক লগ কৰিবলৈ আহিম বুলি প্ৰতিশ্ৰুতি দি যাবলৈ ওলাইছিল অনিৰুদ্ধ।
:মই যাওঁ।
:উম
:উম!!ৰিয়েলি???আৰু একো নাই ক’বলৈ?
:কি ক’ম আৰু?
:মিছ ইউ টাইপৰ কিবা এটাকে কৈ দিয়া ,মিছাকৈ হ’লেও।
:You’r so filmy.
:And you like that right?
:Nope.
থুপুৰ দুগালত দুটি চুমা সানি অনিৰুদ্ধ গুচি গৈছিল।নেদেখা হোৱালৈকে বাই বাই দি থকা থুপুৰ মনটো হঠাৎ সেমেকি যোৱা দেখিছিলোঁ মই।হ’বই।মোৰেই তো সন্তান।অনিৰুদ্ধক যোৱাৰ সময়ত ঘৰৰ কথাবোৰ নক’লো।দেউতাৰ খবৰ তেওঁ মোক কেতিয়াও সোধাও নাই,ময়ো কোৱা নাই।তেওঁ অলপকৈ হ’লেও কথাবোৰ জানে।মোৰ আৰু দেউতাৰ সম্পৰ্ক সহজ নহয় বুলিও বুজে।সেইবাবেই চাগে দেউতাৰ কথা নুলিয়াই কেতিয়াও।
ৰাতিটো থুপুক সাৱটি চিন্তাতে পাৰ কৰিলোঁ।ককাও শুব পৰা নাই।বাৰে বাৰে উঠি উঠি পানী খাইছে,প্ৰাৰ্থনা কৰিছে।ককাৰ অৱস্থা দেখি নিজকে দোষী দোষী যেন অনুভৱ হৈছিল মোৰ।মানুহজনে খং অভিমানত যদিও গুচি আহিলে,মনটো তাতেই থৈ আহিলে।বগা বাংলোৰ বিপদৰ সময়ত আঁতৰি থাকি ককা শান্তিৰে থাকিব নোৱাৰে।ৰাতিপুৱা সাত বজাতে ফোন কৰিছে চিনাকি মানুহলৈ।আমাৰ ঘৰলৈ পঠিয়াইছে।বাহাদুৰ এতিয়াও ভয়তে আছে।মানুহবোৰ যদি আকৌ আহে!
মই গেইটত তলা লগাই থ’বলৈ কৈছোঁ।যোগেশ দা দেউতাৰ লগত হস্পিতালত।
:বৰ বেয়া কথা হ’ল মাজু।
:ককা চিন্তা নকৰিবা,মই আছোঁ নহয়।
নিজেও ভয় খাইছোঁ মনে মনে।মা গৈ খবৰ নিদিয়ালৈকে মনটো শান্তি নালাগিব।মাৰ ফোন অফ।আৰু দুঘণ্টা লাগিব ডিব্ৰুগড় পাবলৈ।ইফালে আজি থুপুৰো আমনি।বেলেগ একো নাখায়।তাক ছাল থকা কণী লাগিবই।থেনথেনাই আছে।মাক সুধিবও নোৱাৰোঁ, তৰাইও বুজা নাই।উপায় নাপায় বা লৈ ফোন কৰিলোঁ।প্ৰথম কেইবাৰ ৰিং হৈ হৈ বন্ধ হ’ল।পিছত উঠালে।
:কি লাগে তোক এতিয়া?
:শুনচোন।
:কি শুনিম,তাক লৈ গৈ কি শান্তি পালি?মই কিমান মৰমত ৰাখিছিলোঁ তাক।এবাৰ মোৰ কথা ভাবি চালি?মা তো সদায় স্বাৰ্থপৰ আছিলেই।অকল নিজৰটো চিনি পায় মানুহজনীয়ে।এতিয়া দেখিছে যে ককা তোৰ লগত,সম্পত্তি তই পাবি,সেইকাৰণে তোৰ লগত ভাল হৈছে।ইমান লুভীয়া মানুহ মই..
:চুপ,একদম চুপ।
মাৰ বিষয়ে তাই কোৱা কথাবোৰ মোৰ সহ্য নাইহোৱা।অথচ মই নিজেই এসময়ত এইবোৰ মাক কৈছিলোঁ,ইয়াতকৈও বেয়াকৈ কৈছিলোঁ।কিন্তু এতিয়া নোৱাৰোঁ।ক’বও নোৱাৰোঁ, শুনিবও নোৱাৰোঁ।
:এতিয়া তো মা তোৰ কাৰণে ভাল হ’বই ন।
:বা,তোৰ লগত তৰ্ক কৰাৰ সময় মোৰ নাই।আৰু তোৰ কি দুখ লাগিছে হাঁ ?ইমছ’ন আছে জানো তোৰ?কথাই কথাই কান্দি থাকিলেই ইমছনেল হোৱা নুবুজাই বা।কেতিয়াবা আনৰ কথা ভাবি পাইছ?আনৰ কাৰণে কিবা এটা কৰি পাইছ?মোৰ কাৰণে এদিন মাত মাতিছিলি?মোৰ কথা বাদ দে।মায়ে কৈছে তোৰ শাহুৱে তেওঁৰ চছমাযোৰ ভঙাৰ কাৰণেই থুপুৰ মুখত জলকীয়া সানি দিছিলে,বৰষুণত তিয়াই থৈছিলে?কি কৰিছিলি তেতিয়া তই?বুঢ়ীক যদি পাওঁ নহয় মুখ চুখ ভাঙি দিম মই কৈ দিছোঁ।বয়স চাবলৈ নাই।যিমানেই বুঢ়ী হৈছে, পাগল হৈ গৈ আছে।থুপুৱে বহুত সহিলে মাক পুতেকৰ পৰা।মায়ে সৱ কৈছে মোক।তই চাগে সিহঁতৰ মন ভাল লগাই মনে মনে আছিলি ন।নে কান্দিছিলি?তাৰ বাহিৰে কি কৰিব পাৰ নো তই?সেইকাৰণে এতিয়া মোৰ আগত ইমছনেল হৈ নেদেখুৱাবি।এনেও মোৰ ওপৰত এইবোৰে কাম নকৰে তই জানই।
বা মনে মনে থাকিল।ক’বলৈ তাইৰ একো নাই তায়ো জানে। বিশেষকৈ মোক কৈ লাভ নাই বুলিও জানে।ফোনটো কাটি দিলে।আচল কথাটো সোধা নহ’লেই।মালৈ মেছেজ এটা দি থৈছো।অলপ পাছতে মাৰ ফোন আহিল।
:কি হ’ল?
:পালাগৈ নেকি?
:কলকাতাত ৰৈ আছোঁ।
মাৰ পৰা গম পালোঁ থুপুৱে বিচৰা ছাল থকা ডিম কি।বইল কৰা কণীটো আকৌ তেলত হালধি নিমখ দি ৰঙাকৈ ভাজি দিব লাগে।তাৰে ছাল খন সি চিকুটি চিকুটি খাব।মায়ে কৈছে
:মজা পাবি এতিয়া ৰহ।
দুইজনীয়ে হাঁহিছোঁ তাৰ পিছত।দুখৰ মাজতো আমাৰ মুখত হাঁহি আনি দিবলৈকে তো আহিছে সি আমাৰ মাজলৈ।ফোন থৈ তাৰ ফৰমাইছ পূৰ কৰিছোঁ।পকাতে বহি সেইকেইটা অকণ অকণ কে চিকুটি চিকুটি খাই আছে।মাজতে অকণমান মোক দিয়ে, অকণমান তৰাক।
এইবোৰৰ মাজতে দিনটোৰ আধা সময় গ’ল।মা গৈ চিধাই হস্পিতাল পালেগৈ।দেউতাই ভৰিত দুখ পাইছে।তাৰ পাছত মা সেই মানুহঘৰলৈ গ’ল।দুখীয়া মানুহ।উপাৰ্জন কৰি ঘৰখন চলোৱা মূল মানুহজন চিৰিয়াছ হৈ পৰি আছে হস্পিতালত।ঘৈণীয়েক আৰু তিনিটা সৰু সৰু ল’ৰা ছোৱালী।মা আৰু যোগেশ দা সোমাই যোৱাৰ লগে লগে আকৌ হুলস্থূল হ’ল।কোনোবা ইউনিয়ন লিডাৰ আছিলেই হেনো তাত।মায়ে তাৰপৰাই ফোন কৰিলে।
:তুমি কোৱা যে মানুহজন ভালকৈ সুস্থ নোহোৱালৈকে তুমি সকলো খৰছ দি থাকিবা, এতিয়া এমাহ মানৰ ৰেচন আনি দিয়া।সৱৰে সন্মুখত।মা,আকৌ কৈছোঁ,থাৰ্ড পাৰ্টী সোমালে বহুত দিগদাৰ হ’ব।তুমি কোৱা, মানুহজন ভাল হ’লে,আমাৰ ঘৰতে কামত ৰাখিবা।আৰু কাজিয়া কৰিবলৈ অহা সেইজন নো কোন?কিমান সংগঠন আছে অ’ আমাৰ সেইকণ জেগাতে।
:কিবা এটা নাম কৈছিল,আজিলৈকে শুনাই নাই।বজাৰ অলপ যোগেশক আনি দিবলৈ কওঁ ন।
:কোৱা।মানুহজনৰ লগত মেডিকেলত কোন আছে?
:সিহঁতৰে কোনোবা মানুহ আছে।
:তুমি কাইলৈ তালৈ যাবা।বিলবোৰ হে পে কৰিবা।ডিৰেক্টলি পইচা দি নিদিবা কাকো।ভাল ট্ৰিটমেণ্ট পাইছে নাই চাবা।
:হমম,দেউতাৰ কথা একো সোধা নাই তই?
:I dont care, you know that.
:তেন্তে এইবোৰ কিয় কৰি আছ?
:ককাই দায়িত্ব দিছে,পালন কৰিছোঁ।

দায়িত্ব আৰু কৰ্তব্যৰ পৰা পলাই ফুৰিলোঁ বহুদিন।এতিয়া নোৱাৰোঁ।মোৰ ওপৰত বহুকেইটা মানুহৰ ভৱিষ্যত নিৰ্ভৰ কৰে।ককাই গঢ়া ঘৰখন,তাৰ সমূহ কৰ্মচাৰী, বাগান, ফেক্টৰীৰ মানুহবোৰ সকলোৰে কথা মই ভাবিব লাগিব।এতিয়াই যদিও মই সমস্ত দায়িত্ব লোৱা নাই,তথাপিও দেউতাৰ অনুপস্থিতিত পৰাখিনি কৰিছোঁ।
মোৰ বাবে আনৰ কষ্ট হ’লে মই অলপ দিগদাৰি পাওঁ।
কিয়?
ভবা নাই কেতিয়াও!


এটা সপ্তাহ পাৰ হ’ল।অফিচৰ কাম বাঢ়িছে।একেবাৰেই খালি খালি লাগে আজিকালি অফিচত।বাৰে বাৰে চাওঁ তেওঁৰ ডেস্কৰ ফালে।এই যেন আহি মাতিব।হিবাও ঘৰলৈ গৈ ঘূৰি অহা নাই।ফোন কৰিলেও প্ৰায়ে not reachable পাওঁ।মেছেজ দিলে দুদিন তিনিদিনৰ মূৰত ৰিপ্লাই কৰে।কি হৈছে একো বুজি পোৱা নাই।আজিও তাই অহা নাই এতিয়ালৈকে।এঘাৰটা বজালৈকে নাই অহা যেতিয়া আৰু নাহে চাগে।পানীৰ বটলটো লৈ উঠি কেফেটেৰিয়াৰ ফালে খোজ লওঁতেই দেখোঁ হিবা বহা ঠাইখিনিত কোনোবা বহি আছে।বোৰ্খা পিন্ধি থকা মানুহজনীৰ মুখ খন উলিয়াই থৈছে যদিও সিফালে চাই আছে।ওচৰ চাপি গ’লো।
কাণত চকচকীয়া সোণৰ ডাঙৰ কানফুলি,আগতকৈ ডাঙৰ নাকফুলি এটা পিন্ধি সেইজনী হিবা।ইমান বেলেগ কিয় লাগিছে তাইক?
আৰু তাই আগতে তো বোৰ্খা পিন্ধা নাছিল।মূৰত এখন হিজাব হে পিন্ধিছিল।আৰু তাই মোৰ ওচৰলৈ কিয় অহা নাই এবাৰো?
:হিবা!
:হাঁ। অনন্যা,কেইছি হ’?
:য়ে ত’ মুঝে পুছনা চাহিয়ে না।
তাই মোৰ সৈতে উঠি আহিল।মোক হাতখনত ধৰি ৱাছৰূমৰ ফালে টানি লৈ গ’ল।
আৰু তাৰ পাছত যিখিনি কথা ক’লে।শুনি মোৰ বিশ্বাস কৰিবলৈকো দিগদাৰ হ’ল।
হিবাই নিকাহ কৰি ঘূৰি আহিছে!!!!
নিকাহ!!!
দুবাৰ সুধিছো, কিজানি মই ভুলেই শুনিছোঁ।কিয় কৰিলে তাই এনেকুৱা??মই যিমান পাৰোঁ সহায় কৰিছিলোঁ তাইক।তাৰ পাছতো এইয়া কিয় কৰিলে তাই?
তাইৰ সহজ উত্তৰ।মাক আৰু ভায়েকৰ কাৰণে।ভায়েকৰ লগত ঘটি যোৱা ঘটনাটো আকৌ ঘটিব পাৰে।পুলিচ কেচ উঠাই ল’বলৈ হেঁচা। সিহঁত ঘূৰি যোৱালৈ ঘৰটোৰ অৱস্থা নাইকিয়া হ’ল।আচলতে পিছলৈ সিহঁত ব্যক্তিগত আক্ৰমণৰ হে বলি হ’ল।নিজৰ চুবুৰীয়া মানুহেই বিধৱা মাকৰ চৰিত্ৰ লৈও কাহিনী ৰচিলে।তেনেস্থলত হিবাই কোনোপধ্যেই মাক আৰু এতিয়াও ভালকৈ খোজ কাঢ়িব নোৱাৰা ভায়েকক অকলে এৰি আহিব নোৱাৰে।সময়ৰ ওচৰত হাৰ মানি তাই এই সিদ্ধান্ত লৈ পেলালে।এতিয়া মাক আৰু ভায়েকে হিবাৰ নতুন ঘৰখনত আশ্ৰয় লৈ আছে।কথাবোৰ যেন মই একো বুজিবও পৰা নাই।
:আয়ুষ্মান ছে কভি প্যাৰ নেহী কিয়া থা না তুমনে?কিতনি চেল্ফিছ হ’ তুম!
: প্যাৰ ত’ মেৰী আম্নী ভি মুঝছে কৰতী হে,ভাই ভি কৰতা হে,ওনকা ক্যা?মৰনে কে লিয়ে ছ’ড় দো?আয়ু ত’ খোদ কা responsibility নেহী লে পাতা হে, মেৰী অ’ৰ মেৰী ফেমিলি কি ক্যা খয়াল ৰখেগা ৱ’?মুঝে আয়ু ছে প্যাৰ থা অনন্যা,উম্মিদ কভি ভি নেহী।
আয়ু দায়িত্বশীল নহয়।সেইয়া ময়ো জানো।কিন্তু সেইবুলি হিবাই এনে কৰিব নালাগিছিল।কি বুজাম এতিয়া মই তাক!কিন্তু সি এইবোৰ জানেনে?যদি জানে মোক কিয় নক’লে?
:হিবা,আয়ু ক’ পতা হে য়ে সৱ?
:হা,সৱ পতা হে,পেহলে দিন ছে ।
:হমম।
সৱ জানে সি।তথাপি একো নক’লে মোক।ইমান ওচৰত থাকিও মই তাৰ আৰু হিবাৰ মনৰ কথাবোৰ যেন কাহানিও বুজিয়েই নাপালোঁ।হিবাৰ নিৰ্লিপ্ততাত কোনো অনুশোচনা নাই।যেন যি কৰিলে সেইয়া পূৰ্ব নিৰ্ধাৰিত আছিল।তাই মোৰ সকলো পইচা ঘূৰাই দিয়াৰ কথাও ক’লে।তাইৰ স্বামীৰ ডাঙৰ ব্যৱসায় আছে।কিছুদিন পিছত তাইও ঘূৰি তালৈকে গুচি যাব ।
:তুম খুচ হ’?
:নেহী,খুচ ত’ নেহী,পৰ দুখী ভি নেহী হুঁ। আম্নী খুচ হে’,ভাই ভি খুচ হে’।উনকে ঘৰৱালে বহুত অচ্ছে ল’গ হে।
:অচ্ছা হে’।খুচ ৰ’হ’।
:অনন্যা,তুম মেৰী দ’স্ত ৰহ’গী না?ইন সৱ কে ৱজহ ছে মে তুমহে খ’না নেহী চাহতি।I always loved you as my good friend, trust me.
:But you frogot to inform me about all these right?
:You don’t understand my situation.
:I will try.
:Thanks.

দিনটো মই ক’তো মন বহাব পৰা নাই।আয়ুক মেছেজ কৰিলেও ৰিপ্লাই নিদিয়ে।ফোন নুঠাই।সাত বজাৰ মিটিং শেষ কৰি ওলাই আহিছোঁ।ককাই দুই তিনিবাৰ ফোন কৰি আছে।অফিচৰ কেবখনত উঠি মালৈ ফোন কৰিলোঁ।
:মাজু,অনিৰুদ্ধৰ নম্বৰ দেচোন।
:কিয়?
:কথা আছে।
একো নুসুধিলো তাৰ পাছত।নম্বৰটো পঠাই দিলোঁ।ঘৰ আহি পাওঁতে আয়ু বহি আছে।সি অফিচৰ পৰা বাহিৰে বাহিৰেই আহিছে।থুপুৰ লগত খেলি আছে।একো যেন হোৱাই নাই তাৰ লগত।
বেগটো থৈ তাক বাহিৰলৈ মাতি আনিলোঁ।সি সৱ জানে আগৰেপৰাই।
:হিবাই নিকাহ কৰি আহিছে,তই জানিও মোক একো নক’লি!কিয়?
:এইটো এনেও এদিন হলেইহেঁতেন ন।অলপ বেছি সোনকালে হৈ গ’ল।সিমানেই।
:ইমান ইজি তোৰ কাৰণে?টাইম পাছ কৰি আছিলি?
:তই কি ভাবি আছিলি?হিবাই ঘৰত কাজিয়া কৰি মোৰ লগত বিয়া পাতিব?অসমলৈ যাব?সৱ তোৰ নিচিনা নহয় ন।
:মোৰ নিচিনা মানে?
:আমি কিছুমান কথা ভয় কৰোঁ।তই নকৰ।হিবাক ভাল লাগিছিলে মোৰ।কিন্তু আমাৰচোন একো এটা কথাই নিমিলে।আৰু প্লিজ,মই এতিয়াই ইমান সোপা reaponsibility ল’ব নোৱাৰোঁ।
:এতিয়া নালাগে তই কেতিয়াও নোৱাৰ।কেঁচুৱা হৈ আছ নেকি?একো কথা গাত নালাগে তোৰ।খোৱা শোৱা লেকছাৰ মৰা।বছ।হৈ গ’ল।কেতিয়াবা চিৰিয়াছ হৈ পাইছ নে?কেৰিয়াৰৰ চিন্তা নাই,ঘৰৰ চিন্তা নাই,নিজৰ চিন্তা নাই,হেলথ চাচোন নিজৰ।গাহৰি নিচিনাকৈ বাঢ়ি গৈ আছ।চুগাৰ প্ৰেচাৰ সৱ পাব তোৰ গাত।
কেলেই তাক ইমান বকিছোঁ ময়ো নাজানো।সি একো নোকোৱাকৈ মনে মনে শুনি আছে।
:কিবা এটা ক এতিয়া।
:আজিকালি তই মোক লৈ লাজ পাৱ ন অনিৰুদ্ধৰ আগত।
:অনিৰুদ্ধ ক’ৰপৰা আহিলে আকৌ?
:সৱ বুজিছোঁ মই।হ’ব দে।আজিৰপৰা নাহোঁ ইয়ালৈ।

দপদপাই ওলাই গুচি গ’ল।
কথাবোৰ ভালকৈ ক’ব নোৱাৰোঁ কিয় মই???
(আগলৈ)

16 thoughts on “#আবিৰ খণ্ড (৬৫)

  1. আয়ুৰ ভিতৰত কিবা এটা আছে যি সি সদায় ঢাকি ৰাখে । কাকো কব নিবিচাৰে।

    Like

  2. ❤️❤️❤️…Val lagile….

    Maa ke ki kobo baru aniruddha k?….
    Ayu r baru kiba kahini ase nki jak khi khodai lukai rakhe?….

    Akou opekkha…🤗😍😍

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s