#আবিৰ খণ্ড (৬৭)

ক’ৰবাত কিবা এটা খেলিমেলি হ’ল।আউল লাগিল।এনেকুৱাইতো হয়।সকলোবোৰ সামৰি এটা টোপোলা বান্ধি মই কান্ধত তুলি আগবাঢ়িব খুজিছিলোঁ,এতিয়া লাগিছে এপদ দুপদ বস্তু তাৰে মাজৰপৰা সৰি পৰিছে।আয়ু আহিলে,থুপুক চকলেট এটা দিলে একোলা লৈ মৰম কৰিলে,ককাক পুৰণা হিন্দী চিনেমাৰ কলেক্সন দিলেহি,আৰু মোৰ কাৰণে এক প্লেট চিকেন ম’ম’ তৰাৰ হাতত দি থৈ গুচি গ’ল।না সি মোৰ ফালে চালে,না মাত এষাৰ দিলে।
ময়ো একো ক’ব নোৱাৰিলোঁ, সি সুবিধাই নিদিলে।খুব যেন ব্যস্ত হৈ পৰিল মোৰ বাবে অনবৰতে ফ্ৰী থকা ল’ৰাটো।
মই চাগে প্ৰথমবাৰ অৱহেলিত হৈ দুখ পাইছোঁ।কাৰো উপেক্ষাক বুকুত সুমাবলৈ নিদিয়া মই আয়ুৰ আচৰণত দুখ পাইছোঁ।বুকুখন খুন্দা মাৰি ধৰিছে।চকু কেইটা পুৰিছে।অথচ আগবাঢ়ি গৈ একো ক’ব নোৱাৰোঁ মই।এনেকৈয়ে আঁতৰি যায় মানুহবোৰ মোৰপৰা।মনে মনে কান্দিলেও খুলি নকওঁ কাহানিও।শেষ হোৱালৈকে মই অপেক্ষা কৰোঁ, কিন্তু কেতিয়াও নিজৰফালৰ পৰা একো চেষ্টা নকৰোঁ।বাথৰুমত সোমাই চকুৱে মুখে পানী মাৰিছো।থুপুৱে কি কৈছে,ককাই কি কৈছে মোৰ একো শুনিবলৈ মন যোৱা নাই।
আইনাত মুখ খন চালোঁ।নাকৰ বাওঁ ফালৰ ফুটাটোৱেদি লাহে লাহে বৈ আহিছে ৰঙা ৰঙা তেজ।কিছুদিন এনে হোৱা নাছিল।মই নিয়মীয়াকৈ ব্লাড প্ৰেচাৰৰ দৰৱ খাই আছিলোঁ।আজি আকৌ কিয় হৈছে?টাৱেলখনেৰে নাকটো হেঁচি বাথৰুমতে সোমাই আছোঁ বহুতদেৰি।আৰু কোনেও নুশুনাকৈ মই মাত্ৰ কান্দিছোঁ।মোৰ কিয় আজি ইমান দুখ লাগিছে সেইয়া মই নিজেই নাজানোঁ।কিন্তু ভীষণ অকলশৰীয়া লাগিছে।
এসময়ত চকুপানীৰ সোঁত আৰু তেজৰ সোঁত ৰ’ল।কিন্তু মই ৰৈ থাকিব নোৱাৰোঁ।কাকো একো নোকোৱাকৈ ওলাই আহিলোঁ।অট’ এখনত উঠি চিধাই আয়ুৰ ওচৰ পালোহি।তলৰপৰা ফোন কৰি আছো সি নামি নাহে।উঠি গৈ কলিংবেল টিপিলোঁ।মুখত এসোপামান বিৰক্তি লৈ নিবিড়ে দৰ্জা খুলি দিলে।
:আয়ুষ্মান নাই,ওলাই গৈছে।
:আজি চুপতি নহয় প্লিজ।আয়ু,আয়ু..
যিমান জোৰেৰে পাৰোঁ সিমান জোৰেৰে চিঞৰিছো।শেষত সি উপায় নাপায় ওলাই আহিল।নিবিড় সোমাই গ’ল।
:তই অলপ পাগল নে কি?এনেকে কেলেই চিঞৰি আছিলি?
:তোৰ এতিয়াও doubt আছে নেকি মই পাগল হয় নে নহয় বুলি?ব’ল এতিয়া।
:ক’লৈ?নাযাওঁ মই ক’তো।
:চোঁচৰাই লৈ যাম পেটুৱা।বহুত বেছি মূৰৰ ওপৰত উঠিছ।এনেই মোৰ মগজে কাম নাইকৰা।ইয়াতে কোবাই দিম কৈ দিছোঁ।
খঙতে ফোঁপাইছোঁ মই।সঁচাকৈ মন গৈছিল আয়ুৰ মুখতে এক ঘোচা মাৰি যেন!মই এটা কথা নিশ্চিত যে অনিৰুদ্ধই যদি মোৰ লগত এনেকুৱা কৰে মই কেতিয়াও তেওঁৰ পৰা উত্তৰ বিচাৰি নাযাওঁ।অকলেই কান্দিম,অকলেই শেষ হৈ যাম,কিন্তু তেওঁক বিচাৰি মই কেতিয়াও নাযাম।
কিন্তু আয়ুৰ লগত সেইয়া নহয়,হ’বলৈ দিব নোৱাৰোঁ।
:চাবি দে,তই পিছত বহ।
সি চাবিটো আগবঢ়াই দিলে।পেটুৱা পিছত বহিলে আগত বহিবলৈ জেগাই নাথাকে।তেনেকৈয়ে বহি চলাই আহিছোঁ।

আমি প্ৰায়ে আগতে খোৱা নৰ্থ ইণ্ডিয়ান কুইজিনৰ ৰেষ্টুৰেণ্টখনত দুইটা বহিলো।কাষতে সৰু বাৰ এখন।সি বিয়েৰ এটা আনিলে নিজৰ কাৰণে।বিল কিন্তু মই দিব লাগিব।পাৰে মানে এসোপামান অৰ্ডাৰ দিছে।খাবলৈ নেৰে যিমানেই যি হওক।কিন্তু একো কথা কোৱা নাই সি।আনদিনা মই মনে মনে থাকোঁ,তাৰ খোৱা আৰু কথা সমানেই চলে।
:আয়ু,তই মোক ভাল পাৱ নেকি?
মুখত ভৰাবলৈ লোৱা চিকেন মলাই কবাবৰ টুকুৰাটো সি আকৌ প্লেটখনত থৈ দিলে।
:মোৰ মাথাত ‘পাগল’ লিখা আছে নেকি?অনিৰুদ্ধ চেৰা বুলি মই নহয়তো।
:বাৰে বাৰে অনিৰুদ্ধক কিয় টানি থাকনো?যিটো সুধিছো সেইটো ক।
মই চিধা চিধিকৈ সোধা প্ৰশ্নটোৰ সি বেঁকা উত্তৰ দিলে।তাৰপাছত বিয়েৰৰ গোটেই বটলটো শেষ কৰিলোঁ।
:অঁ। ভাল পাওঁ তোক মই।অনিৰুদ্ধক এৰি দে।পাৰিবি?
কোনোবাই চাগে সেই বটলটো মোৰ মূৰত ভাঙি দিয়া হ’লেও ইমান জোৰেৰে দুখ নাপালোঁ হেঁতেন।
কি কয় আয়ুয়ে?
এইয়া সঁচা হ’ব নোৱাৰে।কেতিয়াও নোৱাৰে!
:তই ধেমালি কৰিছ হয় নাই?এনেই কৈছ ন?
সি মনে মনে থাকিল।তাৰ পাছত খৰ খৰকৈ বিৰিয়ানি খোৱাত লাগিল।মোৰ পেটলৈ একো যোৱা নাই।
:অনিৰুদ্ধ আহি তোক বহুত বেলেগ কৰি দিলে বে।একদম তাৰ নিচিনা,টিপটপ।তোক আজিকালি অলপো আগৰ নিচিনা নালাগে মোৰ।
আয়ুৰ সুৰত আক্ষেপ, অভিমান, খং,বিৰক্তি.. আৰু বহুত কিবাকিবি!
:সি লাহে লাহে তোক তাৰ নিচিনা কৰি গৈ আছে।তই আগৰ জাপৰী হৈ থকা নাই।আগৰ নিচিনা বিন্দাচ হৈ থকা নাই।কাপোৰ পাৰফেক্ট,চুলি পাৰফেক্ট, কথা পাৰফেক্ট।সৱ একদম বেলেগ।মই একেই থাকিলোঁ ন।তই মোক এৰি বহুত দূৰ গুচি গ’লি।কিমান দিন হ’ল কচোন আমি এনেকৈ লগ পোৱা,একেলগে মাল খোৱা,যা-তা কথা পতা।
:কিন্তু মোৰ এতিয়া দায়িত্ব বাঢ়িছে আয়ু।থুপু,ককা..
:আৰু অনিৰুদ্ধ, হয় নাই?
:তোৰ প্ৰব্লেমটো ক’ত?
:প্ৰব্লেমটো ইয়াত যে তই মোক এবাৰো একোৱেই সোধা নাই।মই কি ইমান বুৰ্বক?
:ঘৰ চাবলৈ তোৰ লগতে গৈছোঁ ন।
:ঘৰ লোৱাৰ আইডিয়া কাৰ আছিলে?
একো নক’লো।
:তই অনিৰুদ্ধৰ লগত ফিউছাৰ ভাবিয়েই ল’লি।মোক এবাৰো একো নজনালিয়েই..
:তোৰ কি প্লেন আছিল তেন্তে, কচোন শুনো।
:মই একো প্লেন নকৰোঁ।ভাবিছিলোঁ তই ইয়াত আছ,আমি একেলগে অলপ দিন থাকিম,অলপ ফুৰিম,খাম.. বছ।মই তাতকৈ বেছি একো নাভাবোঁ।মোৰ একো ফিউছাৰ প্লেন নাই।
:সেইটোৱেই তোৰ প্ৰব্লেম..
:কিয়?কোনোবা মানুহৰ এসোপামান দায়িত্ব লৈ জীয়াই থাকিবলৈ মন নাযাবও পাৰে ন।মোৰ নাযায়।নাপাতোঁ মই বিয়া,নিকিনো মই ঘৰ, গাড়ী,মাটি সম্পত্তি।এনেকৈ থাকিম।সৱৰে একেটাই প্ৰব্লেম।মই responsible নহয়।অঁ নহয়।এতিয়া কি মৰি যাম মই?কাক দিগদাৰি দিছোঁ ক?নিজৰ মতে আছোঁ ন!
অঁ মই বেছি দূৰলৈ ভাবিব নোৱাৰোঁ, মোৰ মাথা নাই,কিন্তু দিল ছাফ হয় মনত ৰাখিবি।হিবা গুচি গ’ল,একেটাই ডাইলগ,মই irresponsible ।তাইক ভাল পাইছিলোঁ,সেইবুলি তাইৰ ভায়েক,মাক সৱৰ দায়িত্ব নোৱাৰোঁ ল’ব।নলওঁ।মই এনেকুৱাই যা।ভাবিছিলোঁ তই বুজিবি,কাৰণ তোক যেতিয়া সৱেই এৰি দিছিলে, ৰাস্তাত ভটকী আছিলি,তেতিয়া মই আছিলোঁ তোৰ লগত।তই মদ খালেও,ভাং খালেও, তই বেলেগৰ লগত ৰাতি পাৰ কৰিলেও মই তোক লৈ লাজ পোৱা নাছিলোঁ ।তই মোৰ ‘জাপৰি গোসাঁনী’ হৈয়ে আছিলি।মই তোক কেতিয়াও সলনি হ’বলৈ কোৱা নাছিলোঁ।কিন্তু তই বহুত সলনি হৈ গ’লি ৰে,বহুত..!এতিয়া মোক লৈ লাজ পোৱাও হ’লি।

উশাহ নোলোৱাকৈ কৈ গৈছে সি,মনত কিমান যে ক্ষোভ আছিল।অলপ পাতলীয়া নিচা লাগিছে।সৰু সৰু চকুকেইটা অকণমান ৰঙচুৱা।বগা থোপোকা মুখ খন তেজৰঙা।বকি বকি গোটেইটো ফোঁপাই গৈছে গৈ।একো উত্তৰ নিদিয়াকৈ আজি মই তাৰ কথা শুনি আছোঁ।কৈ দিয়ক।কৈ দিলেই শান্তি পাব সি।
:তোক মই কেতিয়াবা বেয়াকৈ কৈছোঁ ক?হাঁ?কিবা বেয়া কৰিছোঁ তোৰ লগত?
:ওহোঁ।
:তই মোৰ দিলত আছ জান, ইয়াত আছ,ইয়াত।
সি আঙুলিৰে বুকুৰ বাওঁফালে হেঁচুকি দেখুৱালে।
:মই তোক বহুত ভাল পাওঁ, বহুত বেছি।কিন্তু তেনেকৈ নহয় যেনেকৈ তই ভাবিছ।তোৰ লগত থাকি ভাল লাগে ৰে,বছ সিমানেই।তোক বিয়া পাতিম,তোক লগত ৰাখিম তেনেকৈ কেতিয়াও নাইভবা মই।তোক ল’ৰা টাইপতে ভাল লাগে মোৰ।কিন্তু অনিৰুদ্ধ আহি তোক ছোৱালী বনাই দিছে।এনেকুৱা পিটিব মন যায় ন মোৰ তাক..
তাৰ শেষৰ গোটেই কেইটা কথা মিছা।সি মোৰ চকুলৈ চোৱা নাই।বিশ বছৰতকৈ বেছি হ’ল তাক জনাৰ,বুজাৰ..আৰু সি ভাৱে তাৰ মিছা কথাবোৰ মই নুবুজিম।
বুজিছোঁ,কিন্তু সি কেতিয়াও নাজানক মই কি বুজিছোঁ,মই কিমান গভীৰলৈকে শিপাইছোঁ তাৰ বুকুত…
মই তাক কেতিয়াও দিব নোৱাৰোঁ পুতৌৰ পৰা জন্মা ভালপোৱা,সি ডিজাৰ্ভ নকৰে..
সি সঁচা ভালপোৱা পাব, যি তাক,কেৱল তাক প্ৰাণভৰি ভাল পাব..তাৰ পেটুৱা পেট,লেতেৰা চোলাকেইটা আৰু শিশুৰ দৰে কোমল মনটো.. এই সকলোবোৰ ভাল পাব..
যি তাৰ সৈতে বিচাৰিব জীৱনৰ সমস্ত সুখ, স্পর্শৰ আদৰ,কামনা কৰিব তাক মনে প্ৰাণে..
আৰু তেতিয়ালৈকে মই তাক থুপুৰ সৈতে একেই মৰমেৰে বান্ধি ৰাখিম।সি ও থাকিব মোৰ বুকুত.. আজীৱন.. মোৰ ‘অঁকৰা কছাৰী’ তো হৈ..
:তই বুজিছ ন ,মই কি কৈছোঁ,তোক হেনেকে ভাল নাপাওঁ মই!
:হেনেকে নহয়,তেনেকৈ।
:বিদ্যা ব’ম কামোৰ বে তই!
:তই এতিয়াও বেয়া পায় থকা নাই ন মোক?পালেও পা আৰু একো কৰিব নোৱাৰোঁ মই।
:বিলটো দি দে,হৈ যাব।
আঠশ বিশ টকাৰ বিল পে’ কৰি তাক আকৌ পিছত বহুৱাই ওলাই আহিলোঁ।সি এতিয়া অনর্গল কথা কৈছে,মিছা কৈ ধৰা পৰাৰ ভয়ত সি পতিয়ন নিয়াবলৈ এনেকুৱাই কৰে।অলপ দূৰ আহি সি মোৰ পিঠিত মূৰটো পেলাই দিলে।ফিৰফিৰীয়া বতাহ এজাক বৈ আছে।তাৰ ঘৰৰ ওচৰ পাওঁতে এঘাৰ বাজিবৰ হ’ল।
:নাম,মই এইখন লৈ যাওঁ,কাইলৈ দি যাম অফিচ যাওঁতে।
সি নামিলে।
:শুন না।
:কি?
:একো নাই,যা।
:আয়ু,ৰ।
কিয় নাজানো,তাক চপাই ল’লো।এই আলিংগনত আমাৰ আজীৱন বন্ধুত্বৰ হাজাৰটা প্ৰতিশ্ৰুতি আছিল,লগতে আছিল মোৰ এটি ক্ষমা প্ৰাৰ্থনা..
বিৰবিৰাইছোঁ মনতে..
“মাফ কৰি দে আয়ু,তোৰ মিছা কথাটো মই সঁচা নকৰোঁ কেতিয়াও,তই বন্ধু হৈয়ে থাক,মই স্বাৰ্থপৰ হৈছোঁ যদি মোক মাফ কৰি দে,ভাল পাওঁ তোক,বহুত মৰম কৰোঁ তোক।”

তালৈ ঘূৰি নোচোৱাকৈ গুচি আহিলোঁ, মনটো একে সময়তে পাতল লাগিছে,গধুৰ লাগিছে..
এনেকৈয়েতো চলি থাকে জীৱন!
দুখৰ চন্দুকত যেতিয়া জাপি যাওঁ ইটোৰ পিছত সিটো দুখ,তাৰ মাজতো অকণমান খালি ঠাই ৰাখি যাওঁ সুখৰ বাবে, কিজানিবা বাট ভুল কৰি হ’লেও মোৰ জীৱনলৈ আহেই..
আজিও গৈছিলোঁ তেনেকৈয়ে..
খালি ঠাইখিনি কিন্তু পূৰণ নহ’ল..কাৰণ তাত সুখ থ’ম নে দুখ..মই বুজিয়েই নাপালোঁ।


একো যেন হোৱাই নাছিল আমাৰ মাজত,ঠিক তেনেকুৱা এটা ভাৱত আয়ুয়ে আকৌ অহা যোৱা আৰম্ভ কৰিলে মোৰ ঘৰলৈ।সৱ কথাই পাতে,মাত্ৰ অনিৰুদ্ধৰ বিষয়ে কিবা ওলালে তাৰ একো উত্তৰ নাথাকে।এতিয়া যে তাৰ প্ৰতিটো কথা মই ভালকৈয়ে বুজি পাওঁ সি হয়তো নাজানে।

অফিচৰ কাম সামৰি ওলাই আহিছোঁ।অনিৰুদ্ধৰ আজিকালি এই সময়ত কেইবাখনো মিটিং থাকে।ঘূৰি অহা প্ৰায় একসপ্তাহ হৈ গ’ল যদিও এদিনো মোক থ’বলৈ যাব পৰা নাই।আজিও ওলাই আহি অফিচৰ কেবৰ বাবে ৰৈ আছোঁ।এনেতে দৌৰি দৌৰি অনিৰুদ্ধ আহিল।ফোঁপাই জোপাই অৱস্থা নাই।
:কি হ’ল?
:ঘৰ কেতিয়া যাবা?
:এতিয়া যোৱাৰ প্লেন কৰা নাই ন।আৰু মই গ’লে সৱকে লৈ যাব লাগিব।
:আৰে দুদিনৰ কাৰণে যোৱা, ইয়াত মই আছোঁ নহয়।চম্ভালি ল’ম।
:হয় নেকি?থুপুক আজি “চুলি চুলি মটম” লাগে,কি হয়?
:নাজানো।কিন্তু তুমি নথকাকে সি ইমান দিন আছিলেতো।পাহৰিলা?
কথাটোৱে অলপ আঘাত কৰিলে মোক।উত্তৰ নিদিলোঁ।থুপু আগতে যাৰেই লগত নাথাকক,এতিয়া সি মোৰ অভ্যাস,মোৰ উশাহ।
:You are too much. Come.
টেগ ডাল খুলি পকেটত ভৰাই তেওঁ প্ৰায় মোক হাতত ধৰি টানিয়েই লৈ গ’ল।এই খংটো আজি বহুত দিনৰ মূৰত দেখিলো।মই যেন এৰি দিলেই পলাই যাম,তেনেকৈ ধৰি আছে।
:দুখ পাইছোঁ।
:ময়ো পাইছোঁ।

নিজেই টানি আনি মোৰ ছিটবেল্টডাল লগালে।খঙৰ মাজতে হাঁহিও উঠিছে।থুপুৰ খং উঠিলেও এনেকৈয়ে খৰ খৰকৈ যি টি কৰি থাকে।কালি বাতি এটাত পিয়াঁজ এটা লৈ খেলি আছিলে,সেইটো গৈ ককাৰ চাহৰ কাপত ভৰাই দিলেগৈ।অলপ খং কৰিলোঁ।সি ও সমানে খং কৰি নিজৰ ডায়েপাৰ পেকেটটো লৈ এবাৰ ইফালে এবাৰ সিফালে ঘূৰি ফুৰিছে.. হাঁহি উঠি গ’ল।
:You think it’s funny?
:Nope.
:মুখ কেনেকৈ বন্ধ কৰে দেখুৱাই দিওঁ নেকি?

একেবাৰতে মুখৰ হাঁহি বন্ধ কৰিলোঁ।বেংগালুৰুৰ ট্ৰেফিক ফালি গাড়ী আগবাঢ়িল।বাৰে বাৰে বাজিছে অনিৰুদ্ধৰ ফোন।হয়তো জৰুৰী মিটিঙৰ সময়।বাওঁহাতেৰে ফোনটো অফ কৰি পিছৰ ছিটলৈ দলিয়াই দিলে।ইমান শান্ত মানুহৰো ইমান খং উঠে নে!
:থুপুৰ খং উঠিলেও এনেকৈয়ে বস্তু দলিয়াই।
:Difference এটাই, তাৰ খং উঠিলে তুমি মৰম কৰা মোৰ খং উঠিলে ignore কৰা।

কিয় জানো সোঁহাত খন তুলি অনিৰুদ্ধৰ গালত মই লাহেকৈ চুই দিলোঁ।মৰম অকণমান তেওঁৰ ভাগতো পৰে।আছে,তেওঁৰ বাবেও সাঁচি থোৱা আছে।

সময়ত সকলোৱে বুজিব,বুজাই দিবই লাগিব!

(আগলৈ)

(আগলৈ)

17 thoughts on “#আবিৰ খণ্ড (৬৭)

  1. আপোনালৈ বহুত বহুত ধন্যবাদ ।
    মইয়ো হয়টো লাহে লাহে জীৱনৰ আবিৰ বিছাৰি পাইছো। এই যাত্ৰা অতুট ৰাখক।আকৌ এবাৰ বহুত বহুত ধন্যবাদ।

    Like

  2. অনিৰুদ্ধৰ খং হাঁহিয়ে উঠিছে পায়।🤭🤭🤭🤫

    Like

  3. সেই নিঠৰোৱা আয়ুৰ চৰিত্ৰটো যেন আজি পুনৰবাৰ নিজৰ মাজতে বিষাদ হৈ উভতি আহিল।

    Like

  4. Ki kom vabi a pua nai hosai valpua bur nirobei huoni kore …..kijani …..

    Khub dhuniya likhoni baaa.. hosai bht govir vabe humai porisu moi ai jiya kahini2r majot …..

    Like

  5. Ayu r ktha khini khuni khosai abegik hoi porilu….
    Apun mnuhbur kholoni hole khosai anekua lage…
    Asolote manuh bur kholoni nohoi manuhor asoronbur he kholoni hoi.. khomoyor loge loge asoronbur kholoni hoi aiya swabhabik, kintu ami teulokor pora tene poribortito rup ba asoron akha nokoru… kheye hoi2 khomosya hoi asolote khomosya2 o tatei…..

    Val lgile ba… Bor agrohere roi asilu..
    Akou opekkha pisortu khondoloi..
    Khunkle pam buli akha thkil 😍😊🤗

    Like

  6. কাহিনীৰ সাৰ্থকতা তাতেই য’ত পাঠকে লেখকৰ দৃষ্টিৰে নিজকে বিচাৰি পায় এমুঠি বাস্তৱৰ আকাৰত…’আবিৰ’ তাৰেই এক অনন্য দৃষ্টান্ত…

    Like

  7. Baa joldi korok aru robo pora ni…..1str fale ananya loi koruna jonmisil.. Lastr fale olp mn holeu tair charcter tut olp provab porise….. Aiyuloi olp dukh lagil

    Like

  8. Moi asha kori asilu jen ei2 Aayushmaan r logot nohouk,khub dukh lage enekua hole….Love Triangle hoi gol🥺😢

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s