#আবিৰ খণ্ড (৬৮)

গোটেই ৰাতি থুপু শোৱা নাই,নাকেৰে পানী বৈ আছে,গাটো অকণ গৰম।কোলাত লৈ লৈ তিনি বাজি গ’ল।বিছনাত শুৱাই দিলেই সি কান্দি দিয়ে,নাকটো চাগে বন্ধ হৈ হৈ যায়।কোলাত লৈ লৈ মুখেৰে যি টি গাই আছোঁ,এবাৰ মাজতে তৰাই জোৰকৈ হাঁহিও দিছে।এইবোৰ গান শুনিলে সি বোলে আৰু বেছি কান্দিবহে।কি কৰিম ভাবিয়েই নাই পোৱা।নিজৰেই ভাগৰ লাগিছে।
ইফালে কাইলৈ অফিচত মোৰ এটা জৰুৰী কাম শেষ কৰিব লাগে।ছুটি ল’বও নোৱাৰোঁ।কিয় বা হঠাৎ তাৰ গা বেয়া হ’ল তাকে ভাবি আছোঁ।
বতৰটো আজি তিনিদিন ধৰি বৰষুণ।তাতে ই বাৰে বাৰে ফ্ৰীজ খুলি বস্তু চুই থাকে।লক কৰি থ’লে ফ্ৰীজটোৰ ওচৰতে বহিয়েই থাকে।
ককাই গালি পাৰি কালি দুয়োটাকে ককাৰ বিছনাত শুবলৈ দিছে।নিজে এইটো ৰূমতে তলত শুইছে।ক’তনো শোৱা হ’ল আৰু,যিকণ সময় বিছনাত পৰিছিলোঁ,তাক চাই থাকোঁতেই গ’ল।সি এখন হাতেৰে মোৰ ডিঙিত ধৰি ধৰি শুই থাকিল।অকণমান লৰচৰ কৰিলেও সাৰ পায় যায় বুলিও ভয় লাগে।তেনেকৈয়ে ৰাতি পুৱালে।এতিয়া সাত বাজিছে।থুপু অলপ আগতহে টোপনি গৈছে।ককা আৰু তৰা উঠি খোজ কাঢ়িবলৈ গ’লেই।উঠি আহি চিধাই গা ধুলো,চাহ একাপ বনাই খাই লওঁ বুলি লওঁতেই মায়ে ফোন কৰিলে..
:ভাল পাইছে নাই সি গাটো?
:শুইছে এতিয়া।গাটো অকণ গৰম,নাকটো বন্ধ।ডক্টৰক দেখুৱাই আনো নেকি ভাবিছোঁ।
:নহৰু তেল অকণ মালিচ কৰি দেচোন,ডক্টৰক মই সুধি কৈ আছোঁ ৰহ।তোৰ অফিচ নাই জানো।নালাগে আজি নিব।বেছি গা বেয়া হ’লে লৈ যাবি বাৰু।
গৰম পানী দিবি দেই তাক।
:মা,তাত সৱ ঠিকেই আছেতো?
:আছে, কিয়?
মায়ে এবাৰলৈও মোক নকয় যে তেওঁ অনিৰুদ্ধৰ লগত কথা পাতিছিল।কি লুকুৱাই ৰাখিছে নাজানো।কিন্তু কিবা এটা যে ঘটিছে মই নিশ্চিত।আজিকালি অনিৰুদ্ধয়ো অলপ মোৰ পৰা আঁতৰি ফুৰে,যদিও ফোন কৰে,কথা পাতে,আগৰ দৰে নহয়।আনকি ভিডিঅ’ কল কৰাও বন্ধ কৰি থৈছে।থুপুক চাবলৈকো মন নাযায় নে তেওঁৰ?
কথাবোৰ খোলাখুলিকৈ নপতালৈকে মই শান্তি নাপাওঁ।তেওঁ এইবিষয়ে সুধিলেও একোকে নকয়।মাত্ৰ এটা কথাতে লাগি আছে মই কেতিয়া ঘৰলৈ যাম।আনকি তেওঁ সৱৰে টিকেট কাটি দিম বুলিও কয়।অহা সপ্তাহত সোমবাৰৰ দিনটো বন্ধ পৰিছে।তেওঁৰ মতে শুক্ৰবাৰে চুটি লৈ চাৰিদিন মিলাই যাবই লাগে।
কথাবোৰ জটিলৰ পৰা আৰু বেছি জটিল হৈ হৈ যেন গৈয়ে আছে।
আজিকালি মগজটো খালি হ’বলৈকে নাপায়।এইবোৰ চিন্তাতে থাকোঁ অনবৰতে।টিফিনত ৰুটি আৰু ভাজি অকণ ভৰাই অফিচলৈ ওলাইছোঁ।ইচ্ছা তিলমানো নাই যাবলৈ,কিন্তু উপায় যে নাই।
:তৰা, তই পৰিবিনে ইয়াক চাব?মই অফিচ যাবই লাগিব আজি।সোনকালেই ঘূৰি আহিম।
হাত দুখন মুঠি মাৰি শুই আছে সি,তাৰ গাল দুখন মানুহটোৰ মুখ খনতকৈ ডাঙৰ।শুই থাকিলে এফালে ওলমি যায়।গাৰ পাতল কাপোৰখন গুৰিয়াই পেলালে কেতিয়াবাই।কপালতে চুমা এটা খাই কাপোৰখন আকৌ দি দিলোঁ।কেনেকৈ এৰি থৈ যায় বাৰু মাকবোৰে সন্তানক?মোক যেতিয়া এৰি থৈ গুচি গৈছিল..মই বাৰু এনেকৈয়ে টোপনিত আছিলোঁ নে???
কিহৰ তাড়নাত পৰি এনেকুৱা কৰিছিল মোৰ লগত?
মাক হোৱাৰো যে অলেখটা প্ৰত্যাহ্বান!
দায়িত্ব,কৰ্তব্য, মমতাৰ লগতে নিজকে সদায় নিজৰ পৰা আঁতৰাই ৰখাৰ প্ৰয়োজনীয়তা।
কিন্তু বুজিবই বা কোনে??
:মই আছোঁ,চিন্তা নকৰিবি।
ককা তাৰ ওচৰতে বহি থাকিব আজি মই জানো।কিবাকিবি শ্লোক মাতি থাকিব।মই আঁতৰি আহিব খোজোঁতেই সি সাৰ পালে..
:মা!
কি শুনিছোঁ মই???
আজি প্ৰথমবাৰ তাৰ মুখত এইটো শব্দ শুনিছোঁ।তাক যিহেতু মাহী বুলি মাতিবলৈকে শিকোৱা হৈছিল সিও মোক মাইই বুলিয়েই মাতিছিল।কিন্তু আজি???
এই শব্দটোত কি এনে শক্তি আছে???
মই যেন শিল হৈ পৰিলোঁ ক্ষণিকৰ বাবে, চেঁচা পৰি গৈছে গাতো।চকুৰ পৰা অবাধ্য চকুপানীবোৰ পাৰ ভাঙি বৈ আহিছে।
:থুপু….!
:কোথত।(কুচত)
বিছনাত থিয় হৈ সি হাত দুখন মেলি দিলে।
কোলাত উঠিয়েই সি মূৰটো কান্ধত পেলাই আকৌ শুই দিলে।টোপনিৰ জাল আছেই।ককাই মই নেদেখাকৈ চকুপানী মচিছে।
:আজি নগ’লে নহয়নে?
:নহ’ব।
মই তাক তৰাৰ কোলাত দি থৈ আহোঁতে সি কান্দিছিল,কিন্তু মোৰ উপায় নাই।কাম এটা কৰিম বুলি কোৱাৰ পাছত নোৱাৰোঁ বুলি ক’বলৈ বেয়া পাওঁ।তাতে অমৃতৰ খং এটা থাকেই মোৰ ওপৰত।সুবিধা দিলেই উজাৰি দিব সৱ।কামটো সোনকালে শেষ কৰি গতাই দি গুচি আহিম।

মই সোমাই যাওঁতে অনিৰুদ্ধ আৰু অমৃত কফি লৈ ওলাই আহিছে।কিয় জানো মোৰ কাকো মাতিবলৈ ইচ্ছা নহ’ল।কাষেৰেই পাৰ হৈ গুচি আহিলোঁ।হাঁহি এটা মাৰি অলপ আগবাঢ়ি অহা অনিৰুদ্ধ আচৰিত হৈ চাই থাকিল।
মোৰ সেইবোৰ লৈ মূৰ ঘমাবৰ ইচ্ছা নাই।

যেনেতেনে কাম সামৰি ঘূৰি যাব পৰিলেই হয়।
বাৰে বাৰে ফোন কৰিছোঁ তৰাক,থুপুৰ খবৰ যেন মিনিটৰ বাবেও মই নজনাকৈ থাকিব নোৱাৰিম।তাৰ মাজতে অনিৰুদ্ধৰ ফোন মেছেজ আহি আছে।জানি বুজি উত্তৰ দিয়া নাই।চাৰি বজাৰ আগে আগে কামটো হ’ল।code খিনি কমিট(commit) কৰি অমৃতক গা বেয়া লাগিছে বুলি কৈ ওলাই আহিলোঁ।
তেতিয়াও ফোন বাজিয়েই আছে মোৰ।দৰ্জাখন খুলি দিওঁতেই সন্মুখত দাঁত মুখ কৰচি অনিৰুদ্ধ।কপালৰ শিৰলৈকে জিলিকি আছে খঙত।

:ফোন কিয় উঠোৱা নাই?
:এনেই।
খং অভিমান একো নাই মোৰ কথাৰ সুৰত।তেওঁ নাজানে যে ignore কৰাত মোৰ ওপৰত তেওঁ কেতিয়াও হ’বই নোৱাৰে।মই সুধি থকা কথাকেইটাৰ উত্তৰ নিদিয়ালৈকে ময়ো এনেকৈয়ে কথা ক’ম।
:ক’ত যোৱা এতিয়াই?
:ঘৰলৈ।

আৰু একো কথা নহ’ল আমাৰ মাজত।কেবত উঠি ঘৰ পালেহি।মোৰ মস্ত ডাঙৰ টি-চাৰ্ট এটা পিন্ধি পকাত বহি আছে থুপু।এইটো নিজে টানি টানি উলিয়াই আনে পিন্ধিবলৈ।বাতি এটাতে মেগী অকণমান লৈ এডাল এডালকে খাই আছে।দৰ্জাখন খুলি মই সুমাই যোৱাৰ লগে লগে সেইবোৰ তাতে পেলাই দৌৰি আহোঁতে সেইটোৰে সৈতে পৰিলে লুটি খাই।ভাগ্য ভাল তলত পাৰি থোৱা বিছনাখনত মূৰটো দি পৰিল।আকৌ কান্দোন আৰম্ভ।এইবাৰ বন্ধ হোৱাৰ নামেই নাই।বহুতদেৰি ফুচুলাই কি লাগিব সুধোতে তাক এতিয়া ডাঙৰ কাৰ্টুন চাবলৈ যাবলৈ লাগে।আগতেও এদিন এই কথাটো কৈছে সি,তাৰমানে তাক অনিৰুদ্ধৰ ঘৰলৈ যাবলৈ লাগে।প্ৰায়ে মোক হেয়াৰ দ্ৰায়াৰৰ কথা কয়।মই দিলে নহ’ব,তেওঁৰ নিচিনা হ’ব লাগিব।
:ফু ফু ব’লা না..
পিছৰখিনি কওঁতে কান্দি দিয়ে।ক’লৈ লৈ যাওঁ মই।
:অকণমান লৈ যাচোন উলিয়াই,তাৰ মনটো ভাল লাগিব।
বহুত ভাবি অনিৰুদ্ধলৈ ফোন কৰিলোঁ।ভাবিলোঁ তেওঁ যদি সোনকালে ওলাব পাৰে ককা আৰু থুপুক লৈ যাম।তৰাই লাজ কৰে,নাযায়।জোৰ নকৰোঁ।টিভি চাই অকলে থাকিব বোলে তাই।থাকক।
:কি হ’ল?
:থুপু আপোনাৰ ওচৰলৈ যায়।ভাবিছোঁ ককাক লগত লৈ আহোঁ অকণমান সময়ৰ পাছত।আপুনি কেতিয়া গৈ পাব?দিগদাৰ হ’ব নেকি?

ভাবিছিলোঁ একেবাৰে জঁপিয়াই উঠিব অনিৰুদ্ধ,সুখী হ’ব।নাই,তেনেকুৱা একোৱেই নাই।
:Oh.. actually..
:প্ৰব্লেম হ’ব?
:I have many calls today, can’t skip. Sorry Ananya.
কাটি দিলোঁ ফোনটো।ভীষণ লাজ পালোঁ মই।নিজৰ ওপৰতে খং উঠিছে।কিয় যে কৈছিলোঁ যাম বুলি।থুপু আৰু ককাক লৈ যাম বুলি কোৱাৰ পাছতো তেওঁ এনেকুৱা কিয় কৰিলে?ইমান ডাঙৰ কি ঘটিলে আমাৰ মাজত যে তেওঁৰ ব্যৱহাৰ ইমান সলনি হ’ল!
মই ঘৰলৈ নোযোৱাৰ বাবেই ইমান খং নে অনিৰুদ্ধই আৰু অভিনয় কৰিব নোৱাৰা হৈ আহিছে?সকলো কি মিছা আছিল আমাৰ মাজত?আয়ুয়ে কোৱা কথাবোৰ সঁচা হ’বলৈ গৈ আছে নেকি?নে হঠাৎ ইমানবোৰ দায়িত্ব ল’ব লাগিব বুলি তেওঁ ভয় খাইছে?মইতো কেতিয়াও কোৱা নাই মোক আঁকোৱালি লোৱা বুলি?
:সি চাগে ব্যস্ত অ’।
:Busy my foot.
থুপুক কোলাত লৈ অকলেই ওলাই আহিলোঁ।যাবলৈ কি ঠাইৰ অভাৱ,ওচৰৰ পার্ক খনত অকণমান দেৰি খেলিয়েই তাৰ হাঁহি ওলাই গ’ল।

চলি যাব,অনিৰুদ্ধ নহ’লেও মোৰ জীৱন চলি যাব!
কিন্তু কিয় কথাবোৰ এনেকুৱা হ’ল,সেইয়া জানিবলৈ মই ঘৰলৈ যাব লাগিব।


সলনি হোৱা সময়ৰ সৈতে সহবাস বহুদিনৰ।
তৰংগৰ দৰে আহে কিছুমান মানুহ,কিছুমান সময়,কোবাই থৈ যায়,কেতিয়াবা উটুৱাই নিয়ে অলপদূৰ, কিন্তু কিয় নাজানো মোক ভাঙিব কোনেও নোৱাৰে।এতিয়াটো মোৰ সৈতে ইমানবোৰ মানুহ।অনিৰুদ্ধৰ ব্যৱহাৰে আঘাত কৰিছে হয়,কিন্তু কন্দুৱাব যে এতিয়াও পৰা নাই।

নিয়মমাফিক সীমিত কথা বতৰাৰ বাহিৰে অনিৰুদ্ধক মই আন কোনো কথা কোৱা বা শুনাৰ সুযোগেই নাই দিয়া এইকেইদিন।তেওঁ কেইবাবাৰো মাফ খুজিলে,ককাৰ লগতো কথা পাতিলে যে তেওঁ সঁচাই খুব ব্যস্ত আছিল সেইদিনা।থুপুক ফোনটো দিবলৈ কয়,মই নিদিওঁ।দুদিন তলত আহি ৰৈ থাকিল,ওলাই নাইযোৱা।
কাইলৈ শুকুৰবাৰ।ৰাতিপুৱাৰ ফ্লাইটত ঘৰলৈ যাম।মাৰ অলপ অসুবিধাও হৈছে মই জানো।যদিও মোক খুলি একো নকয়,কিন্তু দেউতাই সম্পূৰ্ণৰূপে ত্যাগ কৰা বগা বাংলোৰ সমস্ত দায়িত্ব ল’বলৈ তেওঁৰ দিগদাৰ হৈছে মই বুজি পাইছোঁ।দেউতাৰ লগত হোৱা ঘটনাটোৰ পিছত ককাৰো যাওঁ যাওঁ লাগিয়েই আছে মই জানো।সিদ্ধান্ত হ’ল মই চাৰিদিনৰ কাৰণে যাম।ককা চাগে অলপদিন থাকিব।আমাৰ লগত আয়ুও যাব।দীঘলীয়া বন্ধ যিহেতু।তৰাই সৱ পেকিং কৰি মেলি আজৰি।মায়ে তাইক ফোন কৰি কৰি সৱ দেখুৱাই আছে।থুপুৰ কাৰণে কি কি ল’ব লাগিব সেইয়াও বুজাইছে ।মোৰো মনটো ভাল লাগিছে।যিহেতু দেউতা নাই ঘৰখনত,শান্তিৰে সৱেই একেলগে মিলি অলপ সময় পাৰ কৰি আহিব পাৰি।

:ইয়াক কৈছ নে ঘৰলৈ যাবি বুলি?
:নাইকোৱা।
:সি তলত ৰৈ আছে দেখোন।
এই ৰাতি চাৰে দহ বজাত!ফোনটো চালো মিছড কল বহুত।তললৈ নামি গ’লো।
অফিচৰ পৰা তেওঁ এতিয়াও ঘৰলৈ যোৱা নাই,সম্পূৰ্ণ ফৰ্মেল ড্ৰেচতে আছে এতিয়াও।মোক দেখি হুপি থকা চিগাৰেটটো পেলাই অকণমান আগবাঢ়ি আহিল।
:ঘৰ যাবা কাইলৈ?
:কেনেকৈ গম পালে?
:Amrit told me.
:okay.
অনিৰুদ্ধৰ চকুকেইটা পোহৰ পোহৰ।কি খেলি আছে মোৰ অজানিতে।ইমান ধুনীয়া চকু আচলতে বিশ্বাসৰ যোগ্য হ’বই নোৱাৰে।কত যে খেলা, কত যে অভিনয়!
মোৰহে বুজি পাওঁতে দেৰি হৈ গ’ল!
:ডিঙিত কি হ’ল?
থুপুৰ নখকেইটা অলপ দীঘল হৈছে, বেছি মৰমত টেপা মাৰি ধৰোঁতে মই দুখ পালো।ৰঙা পৰি আছে ঠাইকণ।
:থুপুৰ নখ লাগিল।
তেওঁ দুখোজ আগুৱাই আহিল,মই দুখোজ পিছুৱাই গ’লো।
:মায়ে lovebite বুলি নাভাবিলেই হ’ল।I don’t have any problem though.
টপকৈ গালত চুমা এটা খাই আঁতৰি গ’ল অনিৰুদ্ধ।
মুখ আৰু চকু ডাঙৰকৈ মেলি চাই থাকিলোঁ মাত্ৰ।
গালখন চাবোন দি ধুই দিম এতিয়া।
Damn!

(আগলৈ)

16 thoughts on “#আবিৰ খণ্ড (৬৮)

  1. Val lge duyure khong obhiman bur ❤️❤️…..
    Khodai anekoie thakok…
    Aniruddha e ketiau ananyak ari nogolei hol ru….
    Kahinitu jiyaboloi loisu ba… Khub val lge pohri…
    Next part tu o khunkale pam buli akha thakil 😍….

    Like

  2. এই খুটখাট কাজিয়া , অভিমান ,খং, আদৰ এইবোৰতেইটো লুকাই থাকে প্ৰেম। সঁচাকৈয়ে প্ৰেম এক মিঠা অনুভূতি ।

    Like

  3. সঁচাকৈ তৰংগৰ দৰে আহে কিছুমান মানুহ , কিছুমান সময় কোবাই থৈ যায় আৰু কেতিয়াবা উটুৱাই নিয়ে বহুদুৰ….… এই বাক্য শাৰী ইয়ে কণমান হলেও আঘাত কৰিছে হৃদয়ৰ নিভাজ কোণত 🙂❤️
    আপোনাৰ দীৰ্ঘ আয়ু কামনা কৰিছোঁ বা❤️

    Like

  4. বহুত ভাল লাগিল। প্ৰতিটো খণ্ডতেই দুশাৰী হলেও মনৰ একেবাৰে গভীৰলৈকে চুই যোৱা বাক্য পঢ়িবলৈ পাও। ❤️

    Like

  5. At first Ananya’s character was inspiring for me. But now she feels so annoying. I’m just being honest. I love the whole concept of the story. It’s a different and unique story. But the way she ignores Anirudh is just too much. I mean I understand she has struggled a lot in life, I understand she didn’t have an easy past. I respect her, but I think she is just Anirudh for granted. I really don’t see any love in her eyes for Anirudh. He waits for her the whole day, whole night, calls her, texts her, cares for her like crazily! But she doesn’t seem to care at all. I understand she has been through a lot but she is not the only one who has a bad past. I mean come on, where will you find such a polite guy like him? He is so rare. Anirudh is so rare and beautiful.
    I know it’s just a fictional story, but it can inspire others to behave like that to their loved ones. Abhiman, morom is indeed there but the way Ananya behaves with Anirudh is very impolite and annoying.

    Please don’t behave like that with your lover. We don’t know how much time is left with us. [What if something suddenly happens to Anirudh.. What will Ananya do then.. She should spend the time God has given her with Anirudh with love and respect. Her ignorance and attitude towards Anirudh is unacceptable.]

    Please be kind to the ones who deeply care for you. Please. Please look after them. Give them a hug, tell them how important they’re to you. Don’t waste a second fighting over silly things.. Please love them, show your affection to them.

    God bless whoever is reading this. And good luck Ba. Please don’t mind my words. I love the story a lot, just that one thing was deeply bothering me. So I just said it.. Thank you.

    Liked by 1 person

    1. There are so many times when Ananya expressed her love to Anirudh. You should first read the whole story and then comment. Indranee ba is doing justice to all the characters in this novel. A woman with such dark past cannot just jump like a teenager for some attention.She needs to be very careful as her one wrong decision can spoil her life and also her child will need to suffer.
      You are being very judgemental here.

      Like

      1. Yes you’re right. I agree with you.
        I’m not saying to trust anyone blindly. My main concern is just mental health. Ananya’s character is really an inspiration for many.
        But the only thing is that one should never ignore their loved ones in the name of “khong, obhiman”. This pandemic has really taught me how short human life is. People who are over sensitive, who overthink a lot have to mentally suffer because of all these.. That’s it.
        Please read the last two parts of my previous comment. I have no intentions to hurt anyone. And I’m no one, I’m not perfect to point a finger at another human, and especially life is too short to be judgemental towards a fictional character.
        I just want everyone to spend time loving and caring for each other, solving misunderstandings by talking with each other. I just don’t want any kind heart to suffer mentally because of silly things.. That’s it..
        My perspective is different from you. You’re right in your place.
        God bless you. Peace. :”))

        Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s