#আবিৰ খণ্ড(৬৯)

এয়াৰপোৰ্টৰ পৰা ককাক নিবলৈ যোগেশ দা ৰৈ আছিলেহি।ককাৰ নিজৰ গাড়ীত।মা নাই অহা।কিয় নাহিল বুলি সোধা নহ’ল।ককাই এফালৰ পৰা সৱ খবৰ লৈছে।মানুহজন যে একেবাৰে নোৱাৰাত হে মোৰ ওচৰত আছিলগৈ মই ভালকৈয়ে বুজিলোঁ।থুপু আয়ুৰ লগত ব্যস্ত।বগা বাংলোলৈ সি আজি প্ৰথম সোমাব।ফ্লাইটত ইটোৰ কোলাৰ পৰা সিটো কোলালৈ বগাই ফুৰিছে।এয়াৰ হোষ্টেজ এগৰাকীয়েও খুজি একোলা লৈ চাইছে।ফেলেক ফেলেক হাঁহি হাঁহি গৈছে একেবাৰে।মাজতে তৰাৰ লগত এখুন্দা কাজিয়াও লাগিলে।এতিয়া আয়ুৰ লগত মোবাইলত গেম খেলাত ব্যস্ত।
:মাজু,তই একেবাৰে গুচি আহিব পৰা হ’লে ভাল আছিল।ককা ইয়াত নাথাকিলে সৱ শেষ হ’ব।সৱ ইয়াতে থকা কিবা এটা কৰচোন।
কম কথা কোৱা যোগেশ দাৰ কথাবোৰ আজি ইমান বেলেগ নিচিনা লাগিছে।ককাই বাহিৰলৈ চাই আহিছে।তৰাই মোৰ হাতখন চেপা মাৰি ধৰিলে।ঘৰলৈ গৈ কি দেখিম মই নাজানো।যিমানেই ওচৰ চাপিছোঁ সিমানেই বুকু খন ধপধপাই আহিছে মোৰ।
প্ৰকাণ্ড লোহাৰ গেইটৰ মুখত গাড়ী ৰ’ল।
:মই এইডোখৰ খোজকাঢ়ি যাম।
:ভাতকেইটা খাই যা।
:মায়ে গাহৈ বনাই ৰৈ আছে।গধূলি আহিম এপাক।
:ময়ো দাম থোমা নগত(ময়ো যাম তোমাৰ লগত)
থুপু খালি ভৰিৰে নামি গ’লেই।আকৌ টানি আজুৰি উভতাই আনিছোঁ।
পৰিৱেশটো আজি ইমান বেছি নিজান।তৰা আৰু যোগেশ দাই গাড়ীৰ পৰা বেগ নমাইছে ।অলপ দেৰিৰ পিছত মা ওলাই আহিল।মানুহজনীৰ মুখ খন ক’লা পৰা, দুটামান দাগ।তেজ মৰা যেন লাগিছে।বুজিবলৈ বাকী নাই যে কোনোবাই মাৰিছে।থুপুৱে মাক চিনি পাইছে।মোৰ হাত এৰি দৌৰি গৈ মাৰ ওচৰ পালেগৈ
:ক’ত কুকাই(লুকাই) গৈছিলা থুমি?
সি ভাৱে মায়ে তাক মোৰ ওচৰত থৈ লুকাই আছে এতিয়াও।মায়ে তাক কোঁচত তুলি এসোপামান চুমাৰে উপচাই পেলালে।ককা আৰু মা যেন এতিয়াও কিবা সহজেই নহয়।একো কোৱা নাই ইজনে সিজনক।তৰাই গৈ ককাৰ হাৱাই ছেণ্ডেলযোৰ উলিয়াই আনিলে।হাতত চৰবত লৈ বাহাদুৰ ওলাই আহিছে।ককা বাৰাণ্ডাতে বহিব অলপ সময় এতিয়া।যোগেশ দাৰ লগত আলোচনা কৰিব।মই মাক ভিতৰলৈ প্ৰায় টানি অনা দি আনিলোঁ।
:থুপু,তৰাই মাম দিব যা, তৰা ইয়াক মোৰ ৰূমলৈ লৈ যা।
:নাই না, নাই না।
:থুপু!মাৰ খোৱা আগত যা বুলি কৈছোঁ নহয়।
মুখ খন ফুলাই তৰাৰ হাতত ধৰি সি ওপৰলৈ উঠি গ’ল।
:কি হ’ল এইবোৰ?কোনে কৰিলে?
:আহি পাইছহি হে, ৰচোন অলপ সময়।ভাত খাই ল।বাহাদুৰ,দেউতাৰ কাৰণে পানী টুকি ভাত বনাব লাগিব।আমাৰ কাৰণে কুকাৰটো উঠাই দে।
মোৰ প্ৰশ্নটো সম্পূৰ্ণৰূপে উপেক্ষা কৰি মা পাকঘৰলৈ গুচি গ’ল।কিন্তু কিমান দেৰি থাকিব এনেকৈ?মন কৰিলোঁ ডাইনিং এৰিয়াত থকা ডাঙৰ একুৰীয়ামটো এতিয়া নাই।কোনে ভাঙিলে?বহুকেইটা প্ৰশ্ন।
ৰূমলৈ গৈ গা ধুই কাপোৰ সলাই ল’লো।থুপুৰ খং পুৰাই উঠি আছে।তৰাই তাক ক্ৰীম সানি আছে।মোলৈ চকু কেইটা টেলেকা কৰি এবাৰ চালে।
:মাক পিটি দিয়া থোন।
তৰাই আকৌ মোক মৰাৰ নিচিনা এক্টিং কৰিলত হে অকণমান শান্তি।হাজাৰ দুখৰ মাজতো জোনাকৰ দৰে তাৰ সৰু সৰু কথাবোৰ আমাৰ মাজত উমলি থাকে।ভাত খোৱা টেবুলতো সৱ তাক লৈয়ে ব্যস্ত হৈ পৰিল।মায়ে তাক নিজেই ভাত খুৱাই দিলে।খোৱাত তাৰ সিমান আপত্তি নাথাকে কেতিয়াও।ছাল থকা কণী এটা,বাটাৰ অকণ আৰু আলু এটা দিলেই হ’ল।মায়ে ঢেৰ কিবাকিবি ৰান্ধি থৈছিলে আমালৈ।ককাই ভাত খাই থাকোঁতে মোক ক’লে
:মই কেইদিনমান থাকিব লাগিব ইয়াতে।মোৰ টিকটটো cancel কৰি দিবি।তৰা যাব বাৰু লগত।
ওলোটাই একো নুসুধিলোঁ।উত্তৰ সকলো মাৰ ওচৰত আছে।আৰু কেনেকৈ সেই উত্তৰ উলিয়াব লাগে মই জানো।

থুপুক মাজতে লৈ মা আৰু মই দুপৰীয়া জিৰাইছোঁ।মায়ে যি টি কথা কৈছে কিন্তু দেউতাৰ কথা এবাৰলৈকো নাইকোৱা।ময়ে সুধিলো
:দেউতা একেবাৰে নাহে ইয়ালৈ?
:সেইদিনা আহিছিলে।
:একুৰীয়ামটো ভাঙি থৈ গ’ল?
:সি কৈ দিলে তোক?বৰ লাজ পালোঁ জাননে।নাক কাণ কাটি শেষ কৰি দিলে।
মাৰ চকুত অলপো চকুপানী নাই।মুখ খন ইমান কঠোৰ ।আৰু সি
মানে কাৰ কথা কৈছে মায়ে?
:কি হৈছিল ভালকৈ কোৱা মোক।সি বাৰু কৈছেই মোক সৱ।
মিছা কথা কোৱাত পাকৈত হৈ গৈছোঁ আজিকালি।মিছাতে লুকাই আছে সঁচাৰ কাষ চপাৰ বাট।
মায়ে কৈ গ’ল।মোৰ পৰা ফোন নম্বৰ লৈ মায়ে অনিৰুদ্ধৰ লগত কথা পাতিছিল।সিয়েই প্ৰস্তাৱ দিলে ভিডিঅ’ কল কৰাৰ।তেওঁলোকৰ বাবে প্ৰথম লগ পাওঁতে প্ৰণাম কৰাৰ প্ৰথা বৰ প্ৰয়োজনীয়।সেই উদ্দেশ্যেই কৈছিল।মায়ে তেওঁক মোৰ ৰূমৰ পৰা আৰম্ভ কৰি সৱ দেখুৱাই আছিল।অকস্মাত দেউতা ওলালহি।নিচাত আছিল।হস্পিতালৰপৰা ওলায়েই মদ খাইছে।প্ৰচণ্ড খঙত আছিল দেউতা।কাৰণ হঠাৎ তেওঁৰ প্ৰয়োজনীয়তা কাৰোৰে ওচৰত নাইকিয়া হৈ গ’ল।ককাই উইল খন কৰোঁতেও তেওঁক একো নুসুধিলে,একো নজনালে।মায়েও সকলো কাম অকলেই কৰিব পাৰিলে।দেউতাৰ মেইল ইগ’ যেন নিমিষতে চাৰখাৰ কৰি পেলালোঁ আমি সৱেই মিলি।হস্পিতেলত পৰি থাকোঁতে মায়ে সকলো চম্ভালি লোৱাটো যেন মাৰ ভুলহে হৈছিল।তাতেই লাগিল জগৰটো।আহি মাক অকলে থকা দেখি আৰু চল পালে।তাতে ভিডিঅ’ কলত সিটো মূৰত কোনোবা ডেকা ল’ৰা।নিচাত ডুবি থকা অল্পমতি মানুহৰ মতিভ্ৰম হ’বলৈ ইয়াতকৈ বেছি আৰু কি লাগে।উৎপাত কৰি বস্তু অলপ ভাঙিলে, মাক গালি-গালাজ কৰিলে..
মা ৰৈ গ’ল..
:তোমাকো মাৰিলে?
:নাই মৰা,ৰখাবলৈ যাওঁতে নিজেহে দুখ পালোঁ।
:ভিডিঅ’ কল কাটি নিদিলা কিয়?
মগজে অলপ দেৰি কামেই নকৰিলে, ফোনটো সৰি পৰিলে দৌৰি ৰখাবলৈ যাওঁতে।সি তেতিয়ালৈ দেখিলেই দেউতাৰৰ ৰূপটো।পিছত কেতিয়া সি ফোন কাটিলে নাজানো।
কথাবোৰৰ গাঁঠবোৰ এটা এটাকৈ খোল খাইছে।লাজ পোৱা নাই মই।আনৰ অসভ্যালিৰ কাৰণে মই লাজ নাপাওঁ।আৰু সেইজন মানুহৰ লগত সম্পৰ্কও নাছিল মোৰ কাহানিও।মোক জন্মৰ দুদিন পিছতেই যি মানুহে নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে,সেইজনক লৈ কি আশা কৰিম।
আজি মোৰ খং উঠাও নাই।দেউতালৈ পুতৌ জন্মিছে।মনে মনে ফুৰ্টি লাগিছে।মানুহজন অকলশৰীয়া হৈছে,ভিতৰি ভিতৰি ভাগিছে।কৰ্মফল ভুগিছে।
:মা,অনিৰুদ্ধই তাৰ পাছত কথা পাতিছে তোমাৰ সৈতে?
:সদায় কৰে ফোন এটা।খবৰ লয়।
:কি কয়?
:সৱ কথা জানিলেই যেতিয়া..
:কি কথা?
মা এইবাৰ উঠি বহিল।মোৰ ফালে সন্দেহৰ চকুৰে চালে।মই যে একো নাজানোঁ সেইয়া মানিবলৈ মাৰ টান হৈছে।
:একো কোৱা নাই সি তোক?
:ওহোঁ।মাত্ৰ ঘৰলৈ যোৱা ঘৰলৈ যোৱাকে মাথাটো খাই দিছিলে।
মায়ে অনিৰুদ্ধক অনুৰোধ কৰিছিল,মোক যেন ঘৰখনৰ পৰা আঁতৰাই নিনিয়ে।মোৰ অবিহনে এইখন ঘৰ ধ্বংস হৈ যাব।মায়ে তেওঁক বুজাইছিল।অনিৰুদ্ধৰ সলনি হোৱা ব্যৱহাৰৰ আচল কাৰণটো এতিয়াহে বুজিলোঁ।ইমানবোৰ ঘটনা মোৰ অজানিতে ঘটি গ’ল।
ককা থকা হ’লে হয়তো ইমানবোৰ নঘটিলহেঁতেন।ঘৰ বুলিবলৈ ইয়াত আগৰপৰাই একো নাছিল,তথাপি যেন ককাই আৱৰি ৰাখিছিল সকলোকে।এতিয়া সেই বটবৃক্ষক মই উঘালি আন ঠাইত ৰুবলৈ চেষ্টা কৰিছোঁ, আৰু মোৰ অজানিতে ভিতৰি ভিতৰি শুকাই মৰহি গৈছে ছায়া দিয়া সেউজীয়া গছজোপা।
মালৈ চালোঁ,থুপুক বুকুত সুমুৱাই মৰম কৰি থকা মানুহজনী কিমান অসুখী!
থুপুৱে টোপনিতে বাগৰ সলাই এইবাৰ মাক ধৰিছেগৈ।মায়ে তাৰ কেঁকুৰা চুলিখিনি মোহাৰি দিলে।
মা জনী মতা মানুহ হ’লহেঁতেন, তেন্তে ভাঙিলে হেঁতেন নে এনেকৈ নিজে গঢ়ি লোৱা বস্তু কিছুমান?
দেউতাতকৈ মাৰ দুখ,শোক,খং,বিৰক্তি বহুত বেছি,কিন্তু মেইল ইগ’ যে নাই,সেইবাবে নিজকে শাস্তি দি দি পাৰ কৰিছে দিনবোৰ।
কেতিয়াবা লাগে,দুয়োজন সমানেই দায়ী,কেতিয়াবা লাগে মাৰ লগত অন্যায় হৈছে,কেতিয়াবা ভাবোঁ ককাৰ লগতো অন্যায় হৈছে..
আৰু এতিয়া জানিতে বা অজানিতে মায়ে অনিৰুদ্ধৰ লগতো অন্যায় কৰিছে..
:তুমি তেনেকৈ কওঁতে অনিৰুদ্ধই কি ক’লে?মানি লৈছে?
:তোৰ নিচিনাই জেদী,অভং।কৈছে তই যি সিদ্ধান্ত ল’বি সেইটো হে হ’ব।আমিবোৰ মাজত সোমালে নহ’ব।তোৰ লগত থাকি থাকিয়েই হ’ল চাগে তেনেকুৱা।
মায়ে কথাটো পাতল কৰিবলৈ ক’লে।আঁতৰি যাম বুলি ভয়,একেটা ভয় ককাৰো আছিল।
:মাজু,অনিৰুদ্ধই থুপুক মৰম কৰিব নে?তহঁতৰ নিজৰ সন্তান হ’লে থুপু যদি আকৌ আলৈ-আথানি হয়!ভয় লাগে কেতিয়াবা।
মাৰ ভয় বেলেগ,মায়ে থুপুৰ কথা ভাবিছে,ময়ো ভাবো,ভয় খাওঁ কেতিয়াবা।কিন্তু অনিৰুদ্ধক ওচৰত পালে নিমিষতে সেই সন্দেহ নোহোৱা হৈ যায়।কথাবোৰ কমকৈ ভাবিবলৈ লৈছোঁ আজিকালি, যিমানেই ভাবিম সিমানেই কষ্ট পাম।মাৰ সন্দেহ যদি সঁচা হয়?একো নাই,আঁতৰি আহিম নিজেই।থুপুৰ লগত আৰু কোনোধৰণৰ অন্যায় মই সহ্য নকৰোঁ কোনোদিন।
কিন্তু সকলোবোৰ পিছত,তাৰ আগতে কিছুমান কথা ক্লিয়েৰ কৰিব লাগিব।
অধীৰ গোস্বামীৰ লগত,মোৰ so called ‘দেউতা’ৰ লগত।


বগা বাংলোত আজি চাগে বহুদিনৰ মূৰত সন্ধিয়া শংখ, ঘণ্টা বাজিছে।ককাই আনদিনাতকৈ বেছি ডাঙৰকৈ মন্ত্ৰ উচ্চাৰণ কৰিছে।ঘোষা পাঠ কৰোঁতে শেষৰ ফালে মাতটো কন্দনামুৱা।সকলো বুজিছোঁ।

যোগেশ দাৰ কান্ধত উঠি থুপুৱে গোটেই ঘৰটো ঘূৰি ফুৰিছে।পাকঘৰৰ পৰা ঘিঁউত লুচী ভজাৰ গোন্ধ।
:মাজু,চাহ কাপ তই বনাচোন।
মায়ে চিঞৰিলে।মানুহজনীয়ে একসপ্তাহ ভালকৈ একো খোৱা নাই।বাহাদুৰে তৰাক সকলো কৈছে,আৰু তৰাই মনে মনে আহি মোক কৈ গ’ল।আজি চাহ একাপ বনাই খুৱাবই লাগিব।
এনেতে বিছনাত ফোনটো বাজিল।
অনিৰুদ্ধৰ ভিডিঅ’ কল।
উঠালোঁ।
অফিচৰ পিছফালে থকা smoking zone টোৰ পৰাই কৰিছে,কম পোহৰতো জিলিকি আছে চকুকেইটা।
:ঘৰ পাই পাহৰি থাকিলা ন মোক।
চকু কেইটা সৰু কৰি puppy face বনাই দেখুৱালে।
:আগতেই পাহৰিলোঁ।কোন হয় আপুনি?
:ইমান গুণ্ডী কিয়?
:ইমান ফিল্মী কিয়?
:মইতো এনেকুৱাই।
:ময়ো এনেকুৱাই।
:Copy কৰিছা মোক?
:Nope!
:তাক দেখুৱাই দিয়া এবাৰ।
থুপু তেতিয়া আইতাকৰ হাতৰ পৰা লুচী খোৱাত ব্যস্ত।ডাইনিং খনৰ ওপৰত বহি আছে।হাতত ককাৰ গোসাঁইঘৰৰ টিলিঙাটো। কান্ধত গামোছা এখনো লৈছে।
ফোনটো তাৰ ফালে পোনাই দেখুৱালো।
সি অলপ দেৰি চালে..
:Helloo champ
এখন হাতত টিলিঙা আৰু আনখন হাত মুঠি মাৰি সি কৈছে
:থোমাক ধুম ধুম পিটিম,অনিমুন।
মুখত লুচী আছেই,ভালকৈ ক’বও পৰা নাই,তথাপি দম দেখুৱাবলৈ এৰা নাই।
এইবাৰ মা, মই, অনিৰুদ্ধ সৱেই একেলগে হাঁহিলো।

(আগলৈ)

9 thoughts on “#আবিৰ খণ্ড(৬৯)

  1. ইমান সোনকালে দিলে কিন্তু গমেই নাপাওঁ। এনেকৈয়ে সোনকালে দি যায় যেন বা। অশেষ ধন্যবাদ।

    Like

  2. Next episode 🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧🤧

    Like

  3. Ontar sui goise… Bht vl lgese abr hahisu abar kandisu bor blg ata anuvab.. jibont abiror ak notun anuvab…. Vogobane apunar likhonik aru hokti dye Jen…

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s