#আবিৰ খণ্ড (৭০)

সপোন দেখা চকুবোৰক জোৰ কৰি খুলি ৰাখে সমাজে…
আপোন মানুহবোৰে..
কেতিয়াবা জানিতে.. কেতিয়াবা অজানিতে..
মায়ে দুপৰীয়া সোধা প্ৰশ্নটোৰ লগতে আৰু বহু প্ৰশ্নই এতিয়া মোক খেদি ফুৰে।
থুপুক অনিৰুদ্ধই মৰম কৰিবনে?
মই নাথাকিলে বগা বাংলো থাকিব নে?
জানকী কাননত হাঁহি ফুলিব নে?
ককাৰ শেষৰ সময়খিনি বিনা কষ্টৰে পাৰ হ’বনে?
‘আশাপূৰ্ণা’ নাম লৈ সকলো অপূৰ্ণ আশা বুকুত সামৰি মা বাৰু জীয়াই থাকিব পাৰিবনে?

থুপু আজি মাৰ লগত শুইছে,নিজৰ ৰূমৰ খিড়িকী খুলি মই আকৌ এবাৰ ডুবিছো চিন্তাৰ পাৰাপাৰহীন সাগৰত।এইয়াইতো মোৰ জীৱনৰ সত্য।যেতিয়াই লাগে সকলো ঠিক হৈছে,সময়ে আনি এনেকৈয়ে থৈ যায় অনিশ্চয়তাৰ এখন বিশাল সমূদ্ৰত।
কি ঘটা নাই,কি দেখা নাই মই এই জীৱনত!!!

ৰূমটো চালো। প্ৰতিটো বস্তু মায়ে ভালকৈ ৰাখিছে।আগতে কেতিয়াও মোৰ কাষলৈ নহা মানুহজনী এতিয়া মোৰ স্মৃতিবোৰ লৈও জীয়াই থাকিব পৰা হ’ল।সময়ে মানুহক কেনেকৈ সলাই পেলাব পাৰে!আচৰিত হওঁ কেতিয়াবা।কেতিয়াও কোনেও নিবিচৰা মোক এতিয়া ইমানবোৰ মানুহে কাষত বিচাৰে,মোৰ সৈতে থাকিব বিচাৰে..
কোনেও এবাৰো সোধা নাই মোক..তই পৰিবিনে ইমানবোৰ দায়িত্ব ল’ব?বা তোৰ ইচ্ছা আছেনে ইমানবোৰ দায়িত্ব কান্ধ পাতি লোৱাৰ?
কিন্তু কাকনো দূষিম মই?
তেওঁলোকৰ ওপৰতো যে আন একো উপায় নাই।
শেষ হোৱা চিগাৰেটটো খিড়িকীৰে পেলাই দি বিছনাত থকা ফোনটো চালো ,বাৰ বাজি পোন্ধৰ মিনিট গ’ল।কেইবাটাও মিছড কল অনিৰুদ্ধৰ।মেছেজ কেইটামানো আছে।ফোন কৰিলোঁ।

:বিজি আছোঁ,কাইলৈ কথা পাতিম।
অনিৰুদ্ধৰ গহীন মাত।
:ঠিক আছে।
:হোৱাট?আই মিন আৰ ইউ ইভেন ৰিয়েল অনন্যা??খং উঠিছে মোৰ,আৰু তুমি কৈছা ঠিক আছে!!
এতিয়াহে বুজিলোঁ, তাৰমানে তেওঁ অভিমান কৰিছে।
:I am really sorry. অলপ কাম আছিল।
তেওঁ হয়তো বুজি পালে।
:ই শুলে?
:মাৰ বিছনাত খেলি খেলি তাতে টোপনি গ’ল।উঠাই নানিলোঁ আৰু।
:তুমিও শুই যাব লাগিছিল।
:টোপনি অহা নাই।
:কিবা ক’বা?
:ওহোঁ।
:Hey, are you alright?Tell me,please.
কিয় নাজানো মোৰ সামৰি ৰখা সমস্ত খং দুখ পাৰ ভাঙি বৈ আহিল।ফোনটো দুহাতেৰে চেপি ধৰি কান্দিছোঁ মাথোঁ।মোৰ আজি কান্দিবলৈ মন গৈছে।মোৰ আজি শিল হৈ থাকিবলৈ একেবাৰেই মন যোৱা নাই।মোৰ দুৰ্বল হ’বলৈ মন গৈছে,স্বাৰ্থপৰ হৈ তেওঁৰ ওচৰলৈ গুচি যাবলৈও মন গৈছে।
মোৰ সঁচাকৈয়ে হেৰাই যাবলৈ মন গৈছে,কোনেও বিচাৰি নোপোৱা ঠাই এডোখৰলৈ।
:Hey… shhh.. don’t do this please!
মোৰ কান্দোন উচুপনিলৈ সলনি হোৱালৈকে তেওঁ মনে মনেই থাকিল।
:কিয় মোৰ লগত.. ভা.. ভালকৈ কথা পতা নাছিলে.. কিয় মোক আৰু থুপুক আহিব নালাগে বুলি কৈছিলে.. কিয় মায়ে কি ক’লে মোক কোৱা নাছিলে..
এফালৰ পৰা বকি গৈছোঁ, কথাবোৰ মাজে মাজে ভাঙি গৈছে,উচুপনি হৈছে,কান্দোন হৈছে.. কিন্তু কাৰো পৰা উত্তৰ নিবিচৰা মই অনিৰুদ্ধৰ পৰা এইবোৰৰ উত্তৰ বিচাৰিছোঁ।
:সেইকাৰণে থুপুৱে পিটিম কৈছে মোক?
তেওঁ যিমান পাৰে সিমান মৰমত সুধিছে।
:ময়ো পিটিম।
:শুনা, মই নিজেই বহুত shocked আছিলোঁ।তোমাৰ মায়ে যিমান লাজ পাইছে,সিমানেই ময়োতো পাইছোঁ।সেইকাৰণেই কৈ আছিলোঁ তোমাক ঘৰলৈ যোৱা বুলি।
:এতিয়া যে মই আৰু বেছি কনফিউজদ হৈ গৈছোঁ,কি কৰিম এতিয়া মই?
:Hey, listen.. jaan please.. stop crying first..
জান??
প্ৰথমবাৰ অনিৰুদ্ধই মোক তেনেকুৱা কিবা নামেৰে মাতিছে।ইমান মৰমেৰে আজিলৈকে কোনেও মোক কথা কোৱা নাই।সেইবাবেই চাগে বাৰে বাৰে হাৰি যাওঁ মই তেওঁৰ ওচৰত।বিশ্বাস অবিশ্বাসৰ হাজাৰটা প্ৰশ্নক নেওচি আঁকোৱালি লওঁ তেওঁৰ ভালপোৱাবোৰ।
:সময় বেয়া,ভাল হৈ যাব।আৰু এনেকুৱা কিয় কৰিছা যেন কাইলৈ পৃথিৱী ধ্বংস হৈ যাব।তুমি আজিয়েই সৱ ডিছিশ্যন ল’বই লাগিব।দেউতাক লগ পালা?
:নাই পোৱা।
:Talk to him.
:What?Have you just lost it Anirudh?
:অনন্যা।মই এইবিলাকৰ মাজত সোমাব নুখুজোঁ।সেইকাৰণে তোমাক কথা পাতিব কৈছোঁ।ক্লিয়েৰ কৰা সৱ।তেওঁৰ নিশ্চয় কিবা ক’বলগীয়া আছে।
:So?
:কথা পাতি লোৱা প্লিজ।I won’t tolerate anyone coming between you and me, I am so f**g clear about it. Not even your dad.তোমাৰ বাহিৰে কোনেও এইটো সিদ্ধান্ত ল’ব নোৱাৰিব মই কৈ দিছোঁ।মই তালৈ গৈ যদি সেইদিনাৰ নিচিনা কিবা দেখোঁ…
:আপুনি ইয়ালৈ কিয় আহিব?
অনিৰুদ্ধই কি কৈ আছে একো বুজা নাই মই!কথাৰ মাজতে সুধি পেলালোঁ।
:অনন্যা,মই যদি আৰু দেৰি কৰোঁ, তুমি যে মোক এৰি গুচি যাবা মই জানো।তোমাৰ ঘৰৰ মানুহে তোমাক কেতিয়াও নকয় অনন্যা তই নিজৰ কাৰণে ভাৱ, নিজৰ কাৰণে জীয়াই থাক।কোৱাৰ বাবে বেয়া নাপাবা,কিন্তু এইয়াই সঁচা।
:আপুনি আমাৰ ঘৰলৈ আহিব?
:Yes, of course!
:কেতিয়া?
:পৰহিলৈ।
:আৰু কোন আহিব?
:অকলে আহিলে নহ’ব?
:প্লিজ নাহিব ইয়ালৈ,ঘৰত এনেই ইমান খেলিমেলি..
:অনন্যা,তোমাৰ ঘৰৰ খেলিমেলি শেষ হোৱালৈ ৰ’লে মই বুঢ়া হ’ম।এতিয়া শোৱা,কাইলৈ তুমি দেউতাৰ লগত কথা পাতিবা।See you soon my would be wifey!Love you.

টেনশ্যনৰ ওপৰত আৰু অলপ টেনশ্যন জাপি দি শুই থাকিল অনিৰুদ্ধ।
ফোনটো থৈ দৌৰি গৈ মাৰ ৰূম পালোগৈ।মা শোৱা নাই এতিয়াও।বিছনাৰ কাষৰ টেবুলখনত থকা সৰু লাইটটো জ্বলাই কিতাপ এখন পঢ়ি আছে।ওচৰ চাপি দেখোঁ অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস জলছবি খন তেওঁৰ হাতত।চকুত অকণমান পানী বিৰিঙি আছে।
:কি হ’ল মাজু,শোৱা নাই কেলেই তই?
:অনিৰুদ্ধ আহিব ইয়ালৈ।
:জানো,পৰহিলৈ নহয় জানো।ককাক ক’লো।
:মোক কেতিয়া ক’ম বুলি ভাবি আছিলা তোমালোকে?
:সি তোক নাইকোৱা?
:এইমাত্ৰ কৈছে।
:তহঁতি দুইটা কেলেই এনেকুৱা বাৰু।
কি অদ্ভুত প্ৰাণী এটাৰ প্ৰেমত পৰিলোঁ মই ভগৱান!


যোগেশ দাৰ লগত ৰাতিপুৱাই ওলাই আহিছোঁ মাৰ্ঘেৰিটাৰ দেউতাৰ ঘৰখনলৈ বুলি।ককাক কওঁতে মানা কৰিছিল,মাৰ মুখত কোনো অভিব্যক্তি নাছিল।থুপু শুইয়ে আছে।বৰষুণৰ বতৰ।এতিয়াও চিপচিপ কৈ দিয়েই আছে।যোগেশ দাই পুৰণা হিন্দী গান শুনি ভাল পায়।মিউজিক চিষ্টেমত বাজি আছে লতা মংগেশকাৰৰ গান
“অজীৱ ডাষ্ট হে য়ে
কহা চুৰু কহা খতম”

:যোগেশ দা,আমাৰ ঘৰত থকা কিমান বছৰ হ’ল আপোনাৰ?
:চল্লিছ বছৰ হৈ গ’ল,মোৰ বাবাৰ লগত এদিন আহিছিলোঁ, তোৰ ককাই ৰখাই থ’লে।মোৰ বাবা মা দুইটাই পাত তুলিছিলে ককাৰ বাগানটোত।
:দেউতাই মই নাথাকোঁতে আৰু কি কি কৰিলে?
:বহুত বেয়া কথা হৈ আছে মাজু,ঘৰখন কি আছিলে মাই থাকোঁতে।একদম মন্দিৰ নিচিনা লাগিছিল।এতিয়া ভাল নালাগে একদম।
যোগেশ দাই আইতাক মাই বুলি মাতিছিল।দুখ কৰে এতিয়া সেই দিনবোৰ ভাৱি ভাৱি।

:মই ভিতৰত নাযাওঁ,তই যা।

ঘৰ নে মন্দিৰ ধৰিবই নোৱাৰি।চোতালৰ সন্মুখত প্ৰকাণ্ড এটা মন্দিৰৰ দৰে ঘৰ নিৰ্মাণ কৰা আছে। পিছফালৰ মানুহ থকা ঘৰটো ঢাক খাই গৈছে ।তলৰ মহলটো মাত্ৰ সম্পূৰ্ণ হৈছে ঘৰটোৰ।ওপৰত আৰু দুটা মহল বনাই আছে।ধুনীয়া ফুলনি এখনো পাতিছে।ঘৰটো বহুত আগতেই দেউতাই বনোৱা আৰম্ভ কৰিছিল।কেয়াৰ টেকাৰ হিচাপে এজন বিহাৰী সম্প্ৰদায়ৰ মানুহ আছিল।লগত তেওঁৰ পত্নী আৰু দুটা সন্তান ।এতিয়া থাকে নে নাই নাজানো।
:তোৰ দেউতা বহুত ধাৰ্মিক বনি গৈছে এইকেইদিনত।
:ফটকে কি হ’ল?পাপ ধুইছে নে ইলেকচন খেলিব?
:নিৰ্দলীয় খেলিব অহাবাৰ।
:উৱা,বিৰাট ভাল দেখোন MLA ৰ লগত।
:জিকিবলৈ নহয় অ’,ভোট ভাঙিবলৈ হে।মই সৱ গম পাই থাকোঁ।যা এতিয়া কথা পাতি আহ।

দেউতাক ফোন কৰিয়েই আহিছোঁ।গাড়ীৰ দৰ্জা খুলি নামি গ’লো।হাতত পূজাৰথাল লৈ ধুতি পৰিহিত দেউতাক দেখি অলপ আচৰিত হৈছোঁ।এইটো ৰূপ আগতে নাই দেখা।

:আহ আহ, অকলে আহিলি?
ৱাও, লেভেল অৱ এক্টিং মানিব লগীয়া।
ভিতৰলৈ সোমাই গৈ কাঠৰ ধুনীয়া চ’ফা খনত বহিলো।সুগন্ধি ধূপ আৰু চন্দনৰ গোন্ধ নাকত লাগিল।পূজাৰ থালখন ভিতৰত থ’বলৈ গৈ অলপ পাছত কাপোৰ সলাই দেউতা ওলাই আহিল।ভৰিটো অলপ দুপিয়াই দুপিয়াই খোজ কাঢ়িছে এতিয়াও।
:কেতিয়া আহিলি?
:কালি।
:থাকিবি কেইদিনমান?
:মঙলবাৰে ৰাতিপুৱা ফ্লাইট আছে।
:কাম ঠিকেই চলিছে?
:মই কথা কিছুমান পাতিবলৈ আহিছোঁ।
: কি কথা?
:সমস্যাটো ক’ত আপোনাৰ?নিজেও শান্তিত নাথাকে, আনকো থাকিবলৈ নিদিয়ে কিয়?সেইদিনা কি উৎপাত কৰি দেখুৱালে সৱ গম পালোঁ মই। নেক্সট টাইম এইবোৰ সহ্য নকৰিম কৈ দিছোঁ।
ফোঁপাই গৈছোঁ কথাকেইটা কওঁতে।
:তই এইবোৰৰ মাজত কিয় সোমাইছ?
:অহ ৰিয়েলি?মই সোমাব নালাগে?আপোনালোকৰ এই অহংকাৰ আৰু জেদৰ কাৰণে মোৰ লাইফ বৰবাদ হৈ গ’ল এতিয়া মই সোমাব নালাগে?কোনে মোক বিকাশৰ লগত এৰি দিছিল দেউতা?কোনে ইমানৰ পাছতো মোকেই দুষিছিল?আৰে সেইবোৰ বাদ দিয়ক না,আপুনিতো মোক আনিছিলেই নিজৰ স্বাৰ্থৰ কাৰণে।কিমান ফাঁকি দিব আৰু?এতিয়াতো অলপ সলনি হওক।কিবা এটা ভাল হৈছে লাইফত হ’বলৈ দিয়ক।প্লিজ।আপুনি পাৰে যদি আমাৰ পৰা,বগা বাংলোৰ পৰা আঁতৰি থাকিব।
:ভুল বুজিছ তই,মাৰে তোৰ ব্ৰেইন ৱাছ কৰিছে, সৱ সেই মানুহজনীৰ দোষত হৈছে।শেষ কৰি দিছে সৱ।
:আৰু আপোনাৰ কোনো দোষেই নাই?

এনেতে জুনুক জুনুক পায়েল বজাই ৰঙা শাড়ী পিন্ধি হাতত চাহৰ ট্ৰে
লৈ মানুহ এগৰাকী ওলাই আহিল।দেউতাই মোক মনে মনে থাকিবলৈ ইংগিত দিলে।

:এওঁ ইয়াতে ৰান্ধনী হিচাপে আছে।মানুহজনে মোৰ গাড়ী চলায়।
:মইতো সোধা নাই আপোনাক এওঁ কোন বুলি।কৈফিয়ৎ কিয় দিছে?

(আগলৈ)

7 thoughts on “#আবিৰ খণ্ড (৭০)

  1. Bohut apekhya kori thaku next part r karo e.but akonman porhi monei nobhore.alop besi koi dibo buli asa korilu.buji pao bohu byestotar majere likhi uliyai but story2 r fale sale hokolu pahori jao.

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s