#আবিৰ খণ্ড (৭১)

:এওঁ ইয়াতে ৰান্ধনী হিচাপে আছে।মানুহজনে মোৰ গাড়ী চলায়।
:মইতো সোধা নাই আপোনাক এওঁ কোন বুলি।কৈফিয়ৎ কিয় দিছে?
মানুহজনী অলপ আঁতৰি থিয় হৈ আছে।বয়সত মোতকৈ সৰু হ’ব।উৰণিৰে আধা মুখ ঢকা।ক্ষীণ মানুহজনীৰ হাতত মেহেন্দি, ভৰিত আল্টা। ডাঙৰ এযোৰ পায়েল,হাতত এসোপামান কাঁচৰ খাৰু।
:আপনি ছাৰৰ ছোৱালী আছে?
:হমম।
:ছাৰ আমাৰ একদম ভগৱান আছে, বহুত মৰম কৰিছে মোক আৰ মোৰ আদমী টোক।ছাৰৰ নিচিনা মানুহ এৰি দিছে ছাৰৰ সাথীয়ে।কি মাইকী আছে ভগৱান জানে।
মানুহজনীৰ সাহস দেখি আচৰিত হ’লো।চিধাই মাৰ কথা ক’ব পৰাকৈ তাই নিজকে কি বুলি ভাবিছে?
:ঔকাত সমঝতি হ’?নেহী ত’ মে’ সমঝাতি হু।
:ভিতৰলৈ যা ।
দেউতাৰ কথাত মানুহজনীয়ে মোক সম্পূৰ্ণৰূপে উপেক্ষা কৰি ভিতৰলৈ গ’ল।মই নাজানো কোন তাই,কি সম্পৰ্কত ইয়াত থাকে, এইবোৰ লৈ মগজ নষ্ট কৰাৰ ইচ্ছা, সময়, শক্তি একোৱেই নাই মোৰ এতিয়া।আৰু দেউতা বুলি মাতি অহা মানুহজন নো মোৰ হয় কোন!
:কি কাৰণত আহিছিলি ইয়ালৈ ক এতিয়া।
:ইমানদিনে চলি অহা কথাবোৰ সলনি হ’ব লাগিব।মই মোৰ জীৱনৰ আহিবলগীয়া দিনবোৰ ভাল কৰিব বিচাৰো।মা আৰু ককাৰ লগত পাতিছোঁ ইতিমধ্যে।আপোনাৰ ওচৰত দুটাই option আছে।হয় আপুনি ঘৰলৈ ঘূৰি আহক, মাক মাফ খোজক,ককাক মাফ খোজক, আৰু সৱ শান্তিৰে থাকক।ময়ো সেইটোৱেই বিচাৰোঁ।

আধা খোৱা চাহৰ কাপটো টেবুলখনত থৈ দেউতাই ক’লে
:আৰু দ্বিতীয়টো?
টিঙিচকৈ খংটো উঠি আহিল।তাৰমানে ঘৰত শান্তি হোৱাটো তেওঁ নিবিচাৰে।গোটেই জীৱনটো যদি এনেকৈয়ে থাকিব বিচাৰিছে, থাকক।
:দ্বিতীয়টো হৈছে, আপুনি ককা মা আৰু মোৰ পৰা একেবাৰেই আঁতৰি থাকিব লাগিব।আপোনাক যি লাগে দি দিম মই।
:তই দিবি?
অদ্ভুত ধৰণেৰে হাঁহিলে দেউতা নামৰ মানুহজনে।
:হাঁহিবলৈ কি হ’ল?
:বুঢ়াই লিখি দিলেই সৱ তোৰ হৈ নাযায়।বহুত ভিতৰুৱা কথা আছে।তই সেইবোৰ কেতিয়াও বুজিব নোৱাৰিবি।আৰু তই থাকিবি বেংগালুৰুত।ইয়াত কি কৰিব লাগে মই কৰিম।
:যদি মই ঘূৰি আহোঁ?
:তেতিয়া মোৰো এটা চৰ্ত শুনি ল।
:কি?
:তই সম্পত্তিৰ উত্তৰাধিকাৰী হ’বি,তাত মোৰ আপত্তি নাই,কিন্তু তোৰ লগতে আন কোনোবাই ভোগ কৰিবহি,তাত মোৰ আপত্তি আছে।
:মানে?
:মানে মই নমৰালৈকে মই চাম,তাৰ পিছতহে তই?যদিহে তই বিয়া বাৰু নকৰাই ইয়াতে থাকিম বুলি ভাবিছ তেতিয়াহে পাবি।নহ’লে একো নিদিওঁ মই কাকো।
দেউতাই এইবাৰ আচল স্বৰূপ উদঙাই দেখুৱালে।
:মই সম্পত্তিৰ লোভত মানে অকলে থাকিম গোটেই জীৱনটো?
:মই তহঁত মাৰ জীয়েৰৰ সৱ কাহিনী জানো অ’। ৰাজুৱে সৱ কৈছে।কথা হ’ল ভাগ সৱেই পাব লাগিব।
:মই নিদিওঁ বুলিতো কোৱা নাই।
:এতিয়াহে কৈছ।পিছত বা কি হয়?আৰু বিয়া বাৰু কৰিলে তো তই সিটো মানুহৰ কথামতেই চলিব লাগিব।গতিকে সেইবোৰ হ’বলৈ মই দিব নোৱাৰোঁ।শুন,তোৰ ভালৰ কাৰণে কৈছোঁ,এনেও আমিবোৰ তোৰ নিজৰ নহয়,মই তুলি ননাহেতেঁন তোক কাউৰী কুকুৰে খালেহেঁতেন, গতিকে যিমান পাইছ তাকে লৈ আঁতৰি যা।চাকৰি এটা আছে,ল’ৰা এটাও আছে, যিটো কাৰণে নাক-কাণ কটা গ’লেই আমাৰ।হ’লেও বাৰু মাফ কৰিছোঁ সেইবোৰ।বুঢ়াই কোৱা কাৰণে উইল কৰিবলৈ দিলোঁ।কেইদিন নো থাকিব।মৰাৰ পাছত তোৰ এই দপদপনি নৰজিব বুজিলি।গতিকে ভাবি-চিন্তি সিদ্ধান্ত ল।

আঙঠাৰ দৰে উফৰি অহা শব্দবোৰ গোটে গোটে গিলি থৈছো মই।
অভ্যাস আছে।আচলতে যি মানুহক মই ভাল নাপাওঁ,যি মোৰ হৃদয়ৰ কাষ কোনোদিনেই চাপিব নোৱাৰিলে, সেইবোৰ মানুহৰ কোনোটো শব্দই মোক চুব নোৱাৰে।সেইয়া ভালেই হওক বা বেয়াই হওক।দেউতাৰ শব্দ বোৰেও একো কৰিব পৰা নাই।বহাৰ পৰা উঠিলোঁ।
:ময়ো চাওঁ কিমান তললৈকে নামিব পাৰে আপুনি।পুলিচ,আদালত এইবোৰলৈ ভয় নকৰোঁ বুলি আপুনি জানেই।আৰু ককাহে চিধা মানুহ, মই নহয়।মনত ৰাখিব,আপুনি মোৰ লগত যি কৰিব,তাৰ দুগুণ উভতাই পাব সেইয়া ভালেই হওক বা বেয়াই হওক।আহিছোঁ।
আৰু এটা কথা,মই সম্পত্তিৰ ভাগ যি যেনেকৈ পায়,সেইখিনি দিম।তাতকৈ বেছি কাঢ়ি নিবলৈ যদি হাত মেলে, আপুনি, বা,ৰাজু যিয়েই নাহক, হাত কাটি দিম কৈ দিলোঁ।আচলতে কি জানে,মোক বুটলি আনি আপুনি বহুত ডাঙৰ ভুল কৰিলে।

ওলাই আহিলো।যোগেশ দা ৰৈ আছিল।গেইটৰ সন্মুখত লগ পাইছোঁ আটাইতকৈ বেছি ঘিণ কৰা মুখখন।
:আৰে তুমি।
দেউতাৰ ওপৰত উঠি থকা খংটো আছিলেই, এতিয়া মূৰত একুৰা জুই ভমককৈ জ্বলি উঠিল।
সমস্ত জোৰেৰে ঘোচা মাৰি পঠিয়ালোঁ সেই মানুহটোৰ মুখত।যোগেশ দা দৌৰি আহি ধৰিছেহি মোক।আৰু দেউতাই বিকাশক।
:তই পাগল নে কি মাজু।
:আই এম ছৰী অনন্যা।মই খুড়াকো মাফ খুজিছোঁ।
ওঁঠৰ বিৰিঙি অহা তেজ মচি মচি সি ক’লে।
:তোক মই কি কৰিম চাই থাক চাল্লা কুকুৰ।সৰু আছিলোঁ তেতিয়া, বাছি গ’লি।এতিয়া নেৰোঁ তোক।challenge কৰিছোঁ, পুলিচত নিদিওঁ, নিজেই মাৰিম তোক মই..
আৰু কি বকিছোঁ মই নিজেই নাজানো।
যোগেশ দাই টানি টানি নিছে মোক।
:মাজু, এইবোৰ বাদ দে ব’ল,ঘৰলৈ যাওঁ।ব’ল ইয়াৰ পৰা।
খঙত ,দুখত ফোঁপাইছোঁ মই।যোগেশ দাই গাড়ীত থকা পানীৰ বটলটো আগবঢ়াই দিলে।গাড়ী ঘূৰাই আহি আছো,যোগেশ দাই গান বজোৱা নাই।
:মাজু,তই সলনি হ’ব লাগিব।বিকাশৰ নিচিনা মানুহৰ লগত এনেকৈ লাগি নল’বি।
:আপুনি কি বুজিব মোৰ মনত কি আছে।কাটি পেলাম তাক মই।
:নোৱাৰ তেনেকুৱা কৰিব।যিটো পৰিবি সেইটো কৰ।তোৰ ককাই সদায় বুদ্ধিৰে যুঁজিছিল শত্ৰুৰ সৈতে।
:মানে?
:য’ত মাৰিলে মানুহ নিজেই মৰি যাব,তেনেকুৱা কিবা কৰাৰ কথা ভাবিবি।তাৰ মানুহজনীয়ে নাজানে সি কেনেকুৱা।কেঁচুৱা হ’ব অলপদিন পাছত।তই পিছৰখিনি ভাৱ।
:সিহঁতক অপকাৰ নকৰোঁ মই।
:আঁতৰাই পঠিয়াব পৰিবি তো?
:বুজিলোঁ।
:গৰম গৰম পাৰঠা খুৱাম তোক ব’ল।তই কি কৰিবি, কেতিয়া কৰিবি, কেনেকৈ কৰিবি ককাক বা মোক সুধি কৰিবি।মনত ৰাখিবি আমি থকালৈকে তোৰ বাপেৰে একো কৰিব নোৱাৰে।

যোগেশ দা ককাৰ কিয় ইমান বিশ্বাসী এতিয়া গম পালোঁ।মই ভবাৰ দৰে কেৱল তেওঁ ককাৰ ড্ৰাইভাৰ নহয়।তাতোকৈ বহুত বেছি।প্ৰায় ছয় ফুট উচ্চতাৰ পাহুৱাল মানুহজন ককাৰ সাহস,সাৰথি।

ঘৰলৈ সুমাই আহি যি দেখিলো, মোৰ সমস্ত খং ৰাগ যেন উৰি গুচি গ’ল।চোতালত সেই আগৰ ছবিখন।একেই পনীৰ পাইপ লৈ ককা।ওচৰত থিয় হৈ আছে আয়ু।আৰু পানী পাই হাঁহি হাঁহি খেলি আছে থুপু।অকণমানি পেণ্টটো তিতি শেষ।আৰু বেলেগ কাপোৰ নাই তাৰ গাত।অকণমানি পেটটো আগলৈ ওলাই আছে।বাৰাণ্ডাত মা আৰু তৰা।
মই গাড়ীৰ পৰা নামি যোৱাৰ লগে লগে সি দৌৰি আহিলে
:গাগা কইম ব’লা।
:মই কৰিলোঁ নহয়।
:আকৌ,আকৌ।
উপায় নাই,জিনছ টপ সকলো তিয়াই তাৰ লগত মই আকৌ চোতালত গা ধুলোঁ।অকল ময়েই নে?সৱ অকণ অকণ তিতিব লগীয়া হ’ল।
ককাই ঠিকেই ৰাখিছিল তাৰ নাম,আবিৰ।যিমানেই দুখৰ ক’লা ডাৱৰে ছানি নধৰক কিয়,সি ৰামধেনুৰ সাতোটা ৰং লৈ উজ্বলাই তুলে আমাক।
দেউতাৰ কথাবোৰ ভিতৰতে হেঁচুকি ৰাখি মই সকলোৰে সৈতে হাঁহি মাতি ভাত খালোঁ।আয়ুৰ মাকে বনাই পঠোৱা কচুৰ জলাখন মোৰ লগতে মায়েও খালে।মায়ে আয়ুৰ বাতিত মাংস অকণ বেছিকৈ দিয়া দেখি সি মোলৈ চাই চকু কেইটা ডাঙৰ কৰি দেখুৱাইছে।আৰু সৱৰে মাজত থুপু বহি লৈ একেটা কথাকে চিঞৰি আছে
:পেটু মামা ঘৰলৈ যাম,তাত ঠাগলী আথে।

আয়ু যাবৰ সময়ত মোক আচৰিত কৰি মায়ে কৈ উঠিল
:আয়ু, শুন চোন,মাক কাইলৈ মাতিছোঁ বুলি ক’বিচোন।মই বাৰু ফোন এটা কৰিম।আলহী আহিব।
:কোন আলহী খুড়ী?
:অনিৰুদ্ধ।

থুপুক কোলাত লৈ হাঁহি থকা আয়ু সেমেকা মুখ এখন লৈ ঘৰলৈ গুচি গ’ল।

থাকক,তাৰ কথাবোৰ মই নভৱাকৈয়ে থাকক।দেউতাৰ ব্যৱহাৰ, সেই পায়েল পিন্ধা মানুহজনী,বিকাশৰ কুটিল চেহেৰাটো এইবোৰ জানো যথেষ্ট নহয় মোক ভিতৰি শেষ কৰিবলৈ।

ৰাতি ভাত খাই উঠি ককাই মোক নিজৰ ৰূমলৈ মাতি নিলে।লগত মা।
বহুত দেৰিলৈকে আমাৰ মাজত একো কথা নাই।আৰম্ভ মায়ে কৰিলে
:মাজু,ককা আৰু মই সদায় তোৰ ভাল চিন্তাই কৰি আহিছো।আমাক ভুল নুবুজিবি।অনিৰুদ্ধ আহিব খুজিছে,আহক।কিন্তু বিয়াৰ কথা,বিয়াৰ পিছত কি হ’ব সেইবোৰ কথা আমি ভালকৈ পাতি ল’ব লাগিব।
:বুজিছোঁ।
আচলতে মই একো নাইবুজা।বুজিবৰ ইচ্ছাও নাইকৰা।
:ই কি ক’লে?
ককাই সুধিলে।দেউতাৰ লগত আজিকালি মাত বোল বন্ধ।
:একো নাই।
মিছা মাতিলোঁ।মানুহজনক আৰু কষ্ট দিয়াৰ ইচ্ছা নহ’ল।
:আহিবলৈ কৈছ নেকি কাইলৈ?
:নাহে,কিবা কাম আছে।
:হ’ব বাৰু আমি আছোঁ নহয়।
:ককা,অনিৰুদ্ধক মানা কৰিব লাগে যদি কোৱা।কৈ দিওঁ।
:তোৰ কি ইচ্ছা?
:নাজানো।
:আহিবলৈ দে মাজু,কথাবোৰ যিমানেই পিছুৱাই থাকিবি,সিমানেই গধুৰ হৈ গৈ থাকিব।
মায়ে মোৰ হাতখনত ধৰি কৈ উঠিলে।
:শেৱালি থকা হ’লে আজি…
ককাৰ চকু কেইটা সেমেকা।আইতাৰ ফটোখনত হাত খন বুলাই দিছে।
:ছোৱালীজনীক আশীৰ্বাদ কৰিবা।ঘৰখনত বহুত দিনৰ মূৰত আনন্দৰ দিন এটা আহিছে।যা গোসাঁনী,শুব লাগে আমি সৱ।কাইলৈ কাম ঢেৰ।

ককাৰ ৰূমৰ পৰা ওলাই আহি নিজৰ ৰূমলৈ বুলি বাট ল’লো।মায়ে পিছফালৰ পৰা মাত দিলে
:মাজু।
:হমম।
ওচৰ চাপি আহি মোৰ চুলিখিনি মোহাৰি কপালত চুমা এটা খাই মানুহজনী আঁতৰি গ’ল।
উফ।
এই মানুহজনীয়ে কেনেকৈনো ভাল পাব পাৰিব দেউতাৰ দৰে মানুহ এজনক!

শোৱাৰ আগত অনিৰুদ্ধৰ লগত কথা পতাটো অভ্যাস।আজিও পাতিছোঁ।কিন্তু তেওঁক জনোৱা নাই মোৰ লগত কি কৰিলে দেউতাই।
:দেউতাৰ লগত কথা পাতিলা?
:উম।
:all good?
:Yeah!
:See, I told you. তুমি সৱ ঠিক কৰি দিব পাৰিবা।
:হমম।
:I will reach your place around 2 pm.হোটেল পাই যাম ন ৰাতিৰ কাৰণে?
:মই বুক কৰি থ’ম।
:Hey, I can hug you in front of them right?
:Nope.
:Haye!


সতেজ ফুল,নতুন পৰ্দা,মা,ককা,বাহাদুৰ,তৰা,যোগেশ দাৰ ব্যস্ততা দেখি নিজেই আচৰিত হৈছোঁ।অকল এটা মানুহক লৈ ইমান কিহৰ আয়োজন।মই শুই উঠোঁতেই ন বাজিল।থুপু কালিও মাৰ লগত শুলে।এতিয়া উঠি গা-পা ধুই সি আজৰি।সৱৰে লগতে সিও ব্যস্ত।তৰাই কুচনবোৰ পাৰে, সি তললৈ পেলাই পেলাই দিয়ে।
:কি কৰিছা নো তুমি?
মোক দেখি দৌৰি আহি কোলাত উঠিলে।
:আদি আলই আইব।
:কোন আহিব?
:অনিমুন।
মায়ে মানে তাকো বুজাই থৈছে।পাকঘৰত চাহ একাপ খাওঁ বুলি গৈ মাৰ গালি খালোঁ।
:তই কি ছোৱালী বাৰু,ইমান দেৰিলৈকে শুই আছ।গা ধু।আৰু এই হাফপেন্ট খোল যা।চুলিখিনি চা চোন।মোৰ বাথৰুমত গা ধু যা।চুলিত সনা যি পাৱ সানি ঠিক কৰ মুঠতে।আকৌ ব্লাউজ বা হয় নে নহয়।তৰা, তৰা কাপোৰ ইস্ত্রি কৰিলি?
:oh wait wait. মা অনিৰুদ্ধই মোক এনেকৈ বহুত বাৰ দেখিছে।আৰু মই মেখেলা চাদৰ কিয় পিন্ধিম আকৌ তাৰ লগত।পাইজামা পিন্ধিয়েই ওলাম।
:শাহুৱেৰ আহি আছে লগত।
:What the f**
দৌৰি গৈ ফোন চালো।মেছেজ কৰি থৈছে মাক আহিছে বুলি।কালি কিয় নক’লে!

সৱৰে আগত সহজ হৈ আছোঁ যদিও ভিতৰি মই কি অনুভৱ কৰিছো মই কাকো বুজাব পৰা নাই।দেউতাৰ কথাবোৰ এতিয়াও মগজত ঘূৰিয়েই আছে।আৰু.. অনিৰুদ্ধৰ মাক কিয় আহিছে.. তেওঁ যদি মোক ভাল নাপায়, থুপুক মৰম নকৰে..

মায়ে হাতত তুলি দিয়া আকাশ নীলাত বগা ফুল বচা বোৱা মেখেলা চাদৰযোৰ লৈ আইনাৰ সন্মুখত ৰৈ থৰ থৰ কৈ কপিছোঁ মই।মোৰ কাৰণে তেওঁ নিজেই পছন্দ কৰি উলিয়াইছে এইযোৰ কাপোৰ।ব্লাউজটো মোৰ জোখত অকণ চিলাই দিছে।চুলিখিনি নিজেই আচুৰি দিছে।
:এনেকুৱা সময় সদায় নাহে মাজু,সামৰি ল,সাঁচি থ।
:কি হ’ব যদি..
:একো নহয়.. তই পৰিবি.. মই জানো।
সজোৰে সাৱটি ধৰিলো মাক।
মা বোৰৰ মাজত কি থাকে মই নাজানো, চুই চালেই যে আঁতৰি যায় সকলো ভয়, সকলো চিন্তা।
এই গোটেই সময় খিনিত মোক একমিনিটৰ বাবেও এৰি দিয়া নাই থুপুৱে।মই বুজিছোঁ তাৰ মনৰ কথা।মোৰ দৰেই সি ও চাগে ভয় খাইছে।মই মাক সাৱটি ধৰোঁতে,সি মোক ধৰিয়েই আছিল।

:বাইদেউ,আলহী আহি পালে।
মা দৌৰি ওলাই গ’ল।ক’লা সৰু ফোঁটটো কপালত লৈ মায়ে থৈ যোৱা সোণৰ গোটা খাৰু দুপাত পিন্ধি লৈছোঁ মই।মায়ে বিচৰাৰ দৰেই হওক সকলো।মানুহজনীৰ ইচ্ছা এবাৰতো পুৰা হওক।

থুপুক হাতত ধৰি নামি আহিছোঁ।
প্ৰতিটো খোজত কপিছে দুভৰি, বাঢ়িছে উশাহ,বুকুৰ ধক ধক।
অনিৰুদ্ধৰ মাত কাণত পৰিছে।
কিন্তু আজি মোৰ ইমান লাজ কিয় লাগিছে..
যেন প্ৰথম বাৰৰ বাবে লগ পাম তেওঁক।
:ব’লা আকৌ আমি আলই থাম।
বহুপৰ ৰৈ থকা মোক টানি নিলে থুপুৱে।পৰ্দা উঠাই, থুপুক কোঁচত তুলি ওলাই আহিছোঁ।নেভি ব্লু কালাৰৰ চাৰ্ট,ব্লেক ফৰ্মেল পেণ্ট আৰু ব্লেক ব্লেজাৰ পিন্ধি অহা অনিৰুদ্ধক দেখি আজি কিয় জানো ইমান বেলেগ বেলেগ লাগিছে।
ওচৰত বহি আছে তেওঁৰ মাক।একেই সুগঢ়ী মুখ।চকুযোৰ হাঁহি থকা।পাটৰ শাড়ীখন মিলি গৈছে মানুহগৰাকীৰ লগত।একেবাৰেই কম অলংকাৰ পিন্ধিছে।প্ৰসাধন বিহীন মুখ খনত কোমলতা আৰু সৰলতা বিৰাজমান।
খোজবোৰ আগবঢ়া নাই।থুপু হাত এৰি দৌৰ মাৰিলে।একেকোবেই মাৰ ওচৰ পালেগৈ।
সৱেই একেলগে মোৰ ফালে ঘূৰি চালে।
আৰু কোৱাৰ দৰেই সৱকে আচৰিত কৰি অনিৰুদ্ধ আগবাঢ়ি আহিল।একদম যেন সাধাৰণ কথা,ঠিক তেনেকৈ মোক লাহেকৈ হাগ কৰি ক’লে..
:Missed you Ananya .

(আগলৈ)

17 thoughts on “#আবিৰ খণ্ড (৭১)

  1. Aabir ek eman val loga anuvab ki bujam tumak konmaanijonik akakharia kori eke okhahot aber porhi loisu ,next akou aber porhisu tetiahe montu vorise ….

    Like

  2. একেদিনাই গোটেই কাহিনীটো শেষ হোৱা হেঁতেন,, বৰ কষ্ট হয় ইদিনৰ পৰা সিদিনলৈ ৰৈ থাকিবলৈ

    Liked by 1 person

  3. Uff❤️❤️❤️
    Baa pohi thaku te hosai honmukhot sobi bur vahi ahe …… Eman hundor koi likhe apuni❤️❤️❤️
    Apunar JEC pohisilu tar pora ako aku likha nai buli vabisilu….2 din agot jetya ako apunar AC tu sau অবিৰ bisari pau akkedinai 70 ta page hekh korilu tqsm eman hundor likhoni amak upohar diya babe❤️❤️❤️

    Like

  4. Ba plzzz ba jollyyy diyokkk naaa …..😥😥 Apunar hatot jaduu ase baa muk muhii pelale ananya ii …. Tair ru mur kahini almost same ….. 😥😥 So… Pohii besiii vl lgise mur nsnaa eta kahinii 😥 karon nje 2 likhiboo nuaruu emn hundor koi njor kahini😢

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s