#আবিৰ খণ্ড (৭২)

একদম যেন সাধাৰণ কথা,ঠিক তেনেকৈ মোক লাহেকৈ সাৱটি ধৰি ক’লে..
:Missed you Ananya .
:সৱেই চাই আছে।
:So?
অনিৰুদ্ধক অকণমান ঠেলি আগবাঢ়ি আহিলোঁ।তেওঁৰ মাক ইতিমধ্যে নিজৰ বহা ঠাইৰ পৰা উঠি অকণমান আগবাঢ়ি আহিছিল।মই জানো তেওঁলোকৰ বাবে সৰুৱে ডাঙৰৰ ভৰি চুই আশীৰ্বাদ লোৱাটো খুবেই জৰুৰী, কিন্তু মই যে জীৱনত কাৰোৰে ভৰি চুই পোৱা নাই।প্ৰথমবাৰ যিগৰাকী মানুহৰ ভৰি চুই সেৱা কৰিবলৈ আগবাঢ়িছোঁ, তেওঁৰ প্ৰতি মোৰ মনত সন্মান আছে,আদৰ আছে।যি মাকে নিজৰ একমাত্ৰ পুত্ৰৰ বাবে মোৰ দৰে এজনী ‘বদনামী’ ছোৱালীক তাইৰ অবৈধ সন্তানৰ সৈতে আদৰি ল’ব পাৰে,সেইগৰাকী নাৰীৰ ভৰি চোৱাত আপত্তি ক’ত?
সামান্য হাউলি তেওঁৰ ভৰি চুবলৈ লওঁতেই তেওঁ দুহাতেৰে তুলি ধৰিলে।
:আৰে, নাই নাই,এইবোৰ নালাগে।বৰ মৰমলগা তুমি।
গালখন চুই সাৱটি ধৰিলে তেওঁ মোক।অনিৰুদ্ধৰ দৰে মানুহগৰাকীৰ বুকুৰ উত্তাপত নিৰাপত্তা আছিল,আশীৰ্বাদ আছিল।মোৰ গালখন মোহাৰি দিয়া হাতখন ইমান কোমল।
:আহাচোন, মোৰ ওচৰত বহা।
ড্ৰয়িং ৰুমৰ ডাঙৰ চোফা খনত মাক আৰু অনিৰুদ্ধৰ মাজত বহিলো।মাকে ডাঙৰ পেকেট এটা নিজৰ কাষত থৈ দিছে।সন্মুখৰ এজন বহিব পৰা চোফা খনত ককা।কাষৰ দুজন বহিব পৰা খনত মা আৰু থুপু।সি আজি একদম ডাঙৰ মানুহৰ নিচিনাকৈ বহি আছে।অনিৰুদ্ধই দিয়া ডাঙৰ চকলেটৰ পেকেটটো হাততে লৈ আছে,খুলি দিবলৈ উৎপাত কৰা নাই।

তৰাই সকলোৰে বাবে ঘৰতে বনোৱা ফলৰ চৰবত আনিলে।
:এই আমাৰ তৰা,মোৰ লগত বহুত দিনৰ পৰাই আছে,অনন্যাক সৰুৰেপৰাই পাইছে।
অনিৰুদ্ধ আৰু মাকে তৰাক যি সন্মান আৰু গুৰুত্ব দি কথাবোৰ সুধিলে,সেইয়া আমাৰ বাবে আচৰিত কথাই আছিল।কাৰণ আমাৰ ঘৰলৈ এতিয়ালৈকে অহা অভিজাত মানুহবোৰে তৰা,বাহাদুৰ,যোগেশদাক ‘তই’ বুলি সম্বোধন কৰি যেনেকুৱা ব্যৱহাৰ কৰে সেয়া দেখি দেখি আমি অভ্যস্ত।মানুহগৰাকীয়ে যেতিয়া চৰবতৰ গিলাচ এটা তৰাকো ল’বলৈ ক’লে,তাইৰ চকুকেইটা ভৰি আহিল।

এনেতে থুপু আহি মোৰ কাণে কাণে কিবা এটা ক’লেহি
:মোকো দিবানে মিঠা মিঠা মানি?
চৰবত লাগে তাকে।এনেই হোৱা হ’লে নিজেই টানি ল’লেহেঁতেন, এতিয়া লাজ কৰিছে।
:তোমাৰ লগত চিনাকি হোৱাই নাই,আহাচোন মাইনা।
:তুমি কোন হয়?
:মোৰ নিচিনাই আইতা,যোৱা আকৌ।
মাৰ কথা শুনি সি অনিৰুদ্ধৰ মাকৰ ওচৰলৈ গ’ল।মানুহগৰাকীয়ে কোঁচত তুলি লৈছে তাক।ইটো সিটো সুধিছে।অনিৰুদ্ধই ককা আৰু মাৰ লগত কথা পাতি আছে।অলপ দেৰি কথা পতাৰ পাছত সৱেই একেলগে চাহ খালোঁ।অনিৰুদ্ধই মোক চকুৰে ইংগিত দি বাহিৰলৈ মাতিলে, মাকৰ চকুত ধৰা পৰি গ’ল।
:তোমালোক দুয়োটাই কিবা পাতিব খুজিছা নেকি?যোৱা।
:যদি আপুনি বেয়া নাপায়, মই আপোনাৰ লগতহে অকলে কথা পাতিব খোজোঁ।
:মোৰ লগত?অ’কে চিউৰ।
অনিৰুদ্ধৰ মাকে মোৰ পিছে পিছে খোজ ল’লে।চোতালৰ এটা কোণত থকা জোলনা খনৰ ওচৰলৈ আহিলোঁ দুয়োগৰাকী।এনেকুৱাতে দেখোঁ একদম দৌৰি ঢাপৰি আয়ুৰ মাক ওলাইছেহি।
:ই মো ভাগৰ দেৰিয়েই হ’ল অ ।বেয়া নাপাবি।তোক আজি ইমান ধুনীয়া লাগিছে।এনেকৈ থাকিবিচোন।কিনো মৰা মুৱা কাপোৰ এসোপা পিন্ধ।অ’,এইয়া হ’বলা শাহু?নমস্কাৰ দেই।মই ওচৰৰে।
:নমস্কাৰ নমস্কাৰ।
দুয়োকে কথা পাতিবলৈ সুযোগ দিলো।অলপ দেৰি কথা পাতি খুড়ী ভিতৰলৈ গ’ল।
ডাঙৰ লোহাৰ জোলনাত দুয়োজনী বহিলো।ফুলনিৰ ধুনীয়া ফুলবোৰ দেখি তেখেতে খুব প্ৰশংসা কৰিলে।
:আন্টি,আপুনি মোৰ বিষয়ে,আবিৰৰ বিষয়ে সৱ জানেনে?
:অনিয়ে বহুখিনি কথাই মোক কৈছে, তোমাৰ যদি নিজৰ ফালৰপৰা কিবা ক’বলগীয়া আছে,কৈ দিয়া।
:অনিৰুদ্ধই কি কৈছে,কিমান কৈছে মই নাজানোঁ।সকলো কথা তেওঁক কোৱাও নাই মই।কিন্তু আপোনাক ক’ম।আৰু তাৰপিছত আপুনি যি সিদ্ধান্ত লয় মই মানি ল’ম।সঁচা কৈছোঁ,অলপো বেয়া নাপাওঁ মই।
:কোৱাচোন বাৰু আগতে।
একো লুকুৱাই নাৰাখোঁ আজি মই।মিছাৰে আৰম্ভ হোৱা সম্পৰ্কবোৰে আমাৰ গোটেই ঘৰখনকে শেষ কৰি পেলালে।একেটা ভুল মই কেতিয়াও নকৰোঁ।অনিৰুদ্ধক বহুত বেছি ভাল পাওঁ,তেওঁৰ লগত কেতিয়াও একো বেয়া হ’বলৈ দিব নোৱাৰোঁ।
এফালৰ পৰা কৈ গৈছোঁ সকলো কথা,মা-দেউতাৰ বিষয়ে,বিকাশৰ বিষয়ে , সিদ্ধাৰ্থৰ বিষয়ে ,থুপুৰ জন্মৰ কাহিনী ,একো বাকী ৰখা নাই,একো ফাঁকি দিয়া নাই।তেখেতে একান্তমনে শুনি আছে ,একো কোৱা নাই।
:মই অনিৰুদ্ধৰ কাৰণে উপযোগী নহয়।কিন্তু এইটো সঁচা যে থুপুৰ পিছতেই যাক বহুত বেছি ভাল পাওঁ,মৰম কৰোঁ তেওঁ অনিৰুদ্ধ।

মানুহগৰাকীয়ে সামান্য হাঁহি মোৰ বৈ অহা চকুপানী খিনি মচি দিলে।

:তুমি যি কৰিলা, থুপুক যে জন্ম দিলা ,সেইয়া ভাল কাম বুলি ভাবা নে?
:ওহোঁ নাভাবোঁ।সেইয়া ভুল আছিল।যাৰ কাৰণে আমি সৱেই ভুগিলোঁ।থুপুৱেও কষ্ট পালে।মই কেতিয়াও নকওঁ,মই নাজানি ভুল কৰিলোঁ,বা মোক কোনোবাই ঠগি এই কাম কৰিলে।মই সমস্ত দোষ মোৰেই বুলি ভাবোঁ।
:অনন্যা,মই যেতিয়া চাকৰিৰ তাগিদাত ইহঁতক এৰি যাব লগীয়া হয়,তেতিয়া যোৱাৰ সময়ত অংকিতাই সৰুতে খুব কান্দে।মই এসোপামান বস্তু কিনি দি তাইৰ কান্দোন বন্ধ কৰি গুচি যাওঁ।লাহে লাহে তাই ডাঙৰ হ’ল,মোৰ লগত কথা পতা কমাই দিলে।দেউতাকৰ পৰাও আঁতৰি ফুৰে। অনি যেতিয়া বাহিৰত পঢ়িবলৈ গুচি গ’ল,তাই একেবাৰেই ভাগি পৰিল।তাতে আইতাকে তাইৰ বিষয়ে নাজানি সদায় তাইক বিয়াৰ কথা ক’বলৈ ধৰিলে।তাইৰ চিন্তা দুগুণে বাঢ়িল।আইতাকে তাইৰ কাৰণে মনে মনে গহনা বনাইছোঁ বুলিও ক’লে।ভাবাচোন,তাইৰ চাগে কিমান বেছি ভয় হৈছিল এইবোৰ শুনি শুনি।এতিয়া ভাবোঁ, যদি মই তেতিয়া তাইৰ ওচৰত থাকিলোহেঁতেন,বন্ধুৰ দৰে কথা পাতিলোঁহেঁতেন,তাই মোক কথাবোৰ ক’ব পাৰিলেহেঁতেন।অনিৰুদ্ধৰ দেউতাকৰ ভাই ভনী বা তেওঁলোকৰ পৰিয়ালৰ মানুহ ইমান অহা যোৱা কৰি থাকে,কোনেও নুবুজিলে তাইৰ কথা।আনকি তাই মৰাৰ পাছত তাইৰ পেহীয়েকে মোক কৈছিল,এনেকুৱা সন্তান মৰি গ’লেই ভাল।সন্মান নষ্ট নহয়।তাই জীয়াই থাকোতে তাইক গালে মুখে চুমা খাই মৰম কৰা তাইৰ মৰমৰ পেহীয়েকে তেনেকৈ ক’ব পাৰিলে।আৰু সেইবোৰ মানুহৰ মাজতে তাইক এৰি মই ঘূৰি ফুৰিছিলোঁ।ভুল সৱেই কৰে অনন্যা।ময়ো কৰিছো,তুমিও কৰিছা।
:অংকিতাৰ দৰে ময়ো কেইবাবাৰো মৰিব খুজিছিলোঁ,নোৱাৰিলোঁ।
:অনন্যা,পৃথিৱীৰ সকলো মানুহেই ভাৱে,তেওঁৰ দুখবোৰ আটাইতকৈ ডাঙৰ, আটাইতকৈ বেছি।
আচৰিত নহয়নে?মানুহ নিজে কিমান সুখী হ’ব,কিমান দুখী হ’ব সেইয়াও আনৰ লগত তুলনা কৰি চাব পাৰে।মই মোৰ সন্তানক হেৰুৱাইছোঁ, তাৰ পিছতো কিন্তু হাঁহিটো ৰাখিছোঁ লগত,মই ভালপোৱা,মোক ভালপোৱা আনবোৰ মানুহৰ কাৰণে..কেতিয়াবা ছোৱালীজনীলৈ মনত পেলাই কান্দো,কেতিয়াবা অনিৰ মুখলৈ চাই হাঁহো। সুখ, দুখ এইবোৰ একো একোটা অভ্যাস,বেছিদিন যিটো আমাৰ লগত থাকে,তাকে লৈ আমি জীয়াই থাকিবলৈ শিকি লওঁ।

অলপপৰ আমি দুয়ো মনে মনে থাকিলোঁ।তাৰ পাছত তেখেতে ক’লে
:মই তোমাৰ পৰা একো নিবিচাৰোঁ।মাত্ৰ অনিক সুখী কৰি ৰাখিবা।সি আগৰপৰাই বৰ আৱেগিক।সৱকে সুখী কৰিবলৈ সি মৰি যাব পাৰে।মই জানো তোমাৰ ওপৰত বহুত দায়িত্ব,থুপু আছে,ঘৰ খনৰ দায়িত্ব আছে।মই বুজোঁ।ই মোক কৈছে সকলোবোৰ।আৰু কৈছে তুমি নিজে যিটো ভাল বুলি ভাৱা সেইটোহে কৰা।আনে তোমাক জোৰ কৰিব নোৱাৰে।মই নকৰোঁ।মাত্ৰ কেতিয়াবা আহিবা ঘৰখনলৈ, দুদিন থাকিবা, অনিৰুদ্ধৰ আইতাকৰ বৰ ইচ্ছা তোমাক লগ পোৱাৰ।মই আৰু অনিৰুদ্ধৰ দেউতাক কেতিয়াও তোমালোকৰ মাজত নোসোমাও।আমাৰ ল’ৰাটো ভালকৈ থাকক,আৰু একো নালাগে।

মানুহগৰাকীৰ হতাশা মই স্পষ্টকৈ দেখিছোঁ।
:তেনেকৈ কিয় কৈছে?মই অনিৰুদ্ধক কেতিয়াও আপোনাৰ পৰা আঁতৰাই নানো।আৰু মই অলপ জেদী হয়,কিন্তু স্বাৰ্থপৰ নহয়।মই মোৰ দায়িত্ব বুজি ল’ম।আপুনি শিকাই দিব ন?আৰু মই যেতিয়াই পাৰোঁ আপোনালোকৰ ওচৰলৈ আহিম।তাত গৈ মই আপুনি বা ঘৰখনে বেয়া পোৱা একো নকৰোঁ, চিন্তা নকৰিব।
:সঁচা?
তেওঁৰ মুখ খন পোহৰ, হাঁহি দিলে চকুকেইটা অনিৰুদ্ধৰ দৰে তিৰবিৰাই থাকে।
:সঁচা।
এনেতে হাতত মোবাইলটো লৈ কাৰোবাৰ লগত কথা পাতি পাতি অনিৰুদ্ধ ওলাই আহিল।
:এইয়া চোৱা।
সিফালৰ মানুহজন তেওঁৰ দেউতাক যেন অনুমান হ’ল।
:হেল্ল’ অনন্যা,ছ’ৰী বে’টা মই যাব নোৱাৰিলোঁ।মাক অকলে থৈ যাব নোৱাৰোঁ যে।তাতে আমাৰ ই একেবাৰে শেষ সময়ত কয় কথাবোৰ।একো প্লেন কৰিব নোৱাৰি।মই তোমাক বেংগালুৰুতে লগ কৰি আহিম।
:নমস্কাৰ।ভালে আছে?
:ভাল ভাল।আইতাই কিবা ক’ব লোৱা।
প্ৰায় আশী মান বয়সৰ মানুহগৰাকীৰ কথাবোৰ বৰ স্পষ্ট নহয়।মোক যে খুব আশীৰ্বাদ দি কিবাকিবি কৈছে বুজিলোঁ।দেউতাকে এইবাৰ অনিৰুদ্ধক কৈছে
:তোৰ পছন্দ বেয়া নহয়,হ’লেও মোৰ পছন্দৰ লগত ফেৰ মাৰিব নাই পৰা।চা নিজেই চা,কি ধুনীয়া মোৰ ৱাইফ।
তাৰ পাছত দুইজনে হাঁহিছে,যেন কলেজৰ বন্ধুৱেহে কথা পাতিছে।মাক-দেউতাকৰ লগত সন্তানৰ ইমান সহজ সম্পৰ্ক মই আগতে দেখাই যে নাই কোনোদিন।মাক-দেউতাক আৰু অনিৰুদ্ধই হাঁহি হাঁহি কথা পাতি আছে।মাজে মাজে মোক জোকাই ইটো সিটো কৈছে।খুব অসহজ লাগিছে মোৰ,পাৰিম নে ময়ো এনেকৈ মিলি যাব।পিছলৈ ঘূৰি চালোঁ।বাৰাণ্ডাতে ৰৈ মায়ে মোলৈ চাই আছে।মোৰ অৱস্থাটো বুজি পাইছে মায়ে।মই চোৱাৰ লগে লগে তেওঁৰো চকু চলচলীয়া হ’ল।উজ্জল হালধীয়া কাপোৰযোৰ যেন ব্যৰ্থ হৈছে মানুহজনীৰ উদাস চেহেৰাটোক তুলি ধৰিবলৈ।

:আপোনালোক ভিতৰলৈ ব’লক।কিবা এটা খাই ল’ব।

মায়ে মতাৰ লগে লগে অনিৰুদ্ধৰ মাক উঠি গ’ল।ময়ো পিছে পিছে যাবলৈ লওঁতেই চাদৰৰ আচলটো ক’ৰবাত লাগি ধৰিল।আৰু কিবা বুজাৰ আগতেই একে টানে গৈ তেওঁৰ বুকুত মোৰ পিঠিটো জোৰেৰে খুন্দা মাৰিলেগৈ।
মোৰ এটা ভৰি তেওঁৰ জোতাৰ ওপৰত, চুলিত অনুভৱ কৰিছো তেওঁৰ ঘন ঘন উশাহ.. চেপা মাতেৰে কৈ উঠিল..
:বেছি হৈছে অলপ?
:পাগল নে কি?সৱেই দেখিব।
:দেখক।I don’t care.
:এৰি দিয়ক।
:No way.
:Please!
:Why are you ignoring me like this?
:এনেই।
:So you wana play huh, cool. Game on baby,game on.
কৈয়ে তেওঁ ভিতৰলৈ গুচি গ’ল।এৰি থৈ গ’ল চিনাকি সুবাস, বুকুৰ ধক ধক আৰু ৰঙা পৰা দুগাল।

:খোৱাৰ আগতে অকণমান নিয়ম কৰি লওঁ?
:হ’ব হ’ব।কি কি লাগিব কওক চোন?
:পূজাৰ থাল খন হ’লেই হ’ব।এতিয়াতো আৰু সৱ নিয়ম নোৱাৰোঁ কৰিব।
মানুহগৰাকীয়ে হাতত অনা সৰু বেগটোৰ পৰা সৰু সৰু দুটা জুৱেলাৰী বাকচ উলিয়াই ডাঙৰ পেকেটটোৰ সৈতে টেবুলত থ’লে।
আমাৰ ফালৰপৰা কিবা যোগাৰ আছে জানো??
হাতত পূজাৰ থাল লৈ মা,এটা ডাঙৰ গিফ্ট পেক কৰা পেকেটলৈ তৰা ভিতৰৰ পৰা আহিল।
:দুয়োটা বহা একেলগে।
যেনেকৈ কৈছে তেনেকৈয়ে কৰি গৈছোঁ।
:তুমিও আহা মাইনা।
আমালৈ লাজ লাজকৈ চাই ককাৰ চকীখনত ধৰি ৰৈ থকা থুপুক অনিৰুদ্ধৰ মাকে আনি আমাৰ মাজত বহুৱাই দিলে।পকেটৰ পৰা ৰুমাল এখন উলিয়াই অনিৰুদ্ধই নিজৰ মূৰত ল’লে।
:মূৰটো ঢাকি ল’বা নেকি অনন্যা।এইয়া আমাৰ নিয়ম যে।
:Sure.
তেওঁলোকৰ নিয়মবোৰ নাজানোঁ,যেনেকৈ কৈছে কৰিছোঁ।
:মোকো কই দিয়া।
আমি দুটাই মূৰটো ঢাকি লোৱা কাৰণে তাকো দিব লাগে।মূৰৰ ওপৰেদি পাৰ কৰি লোৱা চাদৰখনৰ আঁচলটো তাৰ মূৰত দি দিছোঁ।
তেওঁৰ মাকে আমাৰ দুয়োটাকে কপালত পূজাৰ থালৰ পৰা চন্দন আৰু সেন্দূৰ মিহলাই লৈ ফোঁট দিলে,চাউল কেইটামান ছটিয়াই দিলে।
থুপুৱে সৰু সৰু হাত দুখনেৰে মুখ ঢাকি খুক খুকাই হাঁহিছে।
পেকেটটো খুলি এখন জৰীৰ কাম কৰা ৰঙা শাড়ী আগবঢ়াই দিলে তেওঁৰ মাকে।
:এইডাল পিন্ধাই দিওঁ হাতখন দিয়া।
সৰু সৰু ডায়মণ্ড খটোৱা এপাত মিহি ব্ৰেছলেট।
তাৰ পাছত মূৰত ধৰি আশীৰ্বাদ দিলে।
:মোকো কৰি দিয়া।
যি কৰিছে সৱ তাৰ লগতো কৰিব লাগিব।এইবাৰ তেখেতে আনটো সৰু বাকচ খুলি এডাল মিহি সৰু চেইন উলিয়াই আনি থুপুৰ ডিঙিত পিন্ধাই দিলে।অকণমানি লকেটটোত লিখা আছে ” AABIR”।
:Welcome to my family buddy .
অনিৰুদ্ধই তাৰ মূৰত চুমা এটা খাই ক’লে।অবাধ্য চকুপানী বোৰ বৈ আহিছে,মোৰ,মাৰ,ককাৰ চকুৰপৰা।
:এতিয়া আপুনি আশীৰ্বাদ দিয়ক।
:দেউতা,আপুনিয়ে কৰক।মই আছোঁ।
মাৰ কথাষাৰৰ বাবেই যেন ৰৈ আছিল ককা।উঠি আহি আমাৰ দুইটাৰে মূৰত দুয়োখন হাত দি আশীৰ্বাদ দিলে।অনিৰুদ্ধই ককাৰ ভৰি চুলে, লগতে জীৱনত প্ৰথমবাৰৰ কাৰণে ময়ো।
আৰু আমাকে দেখি থুপুৱেও।
মায়ে আনি থোৱা উপহাৰৰ পেকেটটো তেওঁলৈ আগবঢ়াই দিলে ককাই।
:এইয়া মোৰ ফালৰপৰা।
মায়ে তেওঁৰ হাতত তুলি দিছে এটা দামী ঘড়ী।কেতিয়া আনিলে মই গমেই নাপাওঁ।এইটো ইয়াত কিনা নহয় মই জানো।আগৰপৰাই আনি থোৱা হ’ব লাগিব।
:মোক, মোক।
মায়ে তালৈ একো অনা নাছিল।
:মই পিছত আনি দিম হ’বনে ।
:হ’ব।
তাৰ জেদ নাথাকে,বিচৰাটো নাপালেও মৰমত বুজাই দিলে বুজে।

খোৱাৰ টেবুলত বিভিন্ন ধৰণৰ ব্যঞ্জন সজাই দিছে মায়ে।তেওঁলোকে নিৰামিষ খায়, আৰু যিহেতু সময় আবেলি চাৰি বাজিবৰ হ’ল,গতিকে ভাত নাখায়।মায়ে ৰেচিপি চাই চাই ঘৰতে বনাইছে মধ্য প্ৰদেশৰ সবাতোকৈ জনপ্ৰিয় খাদ্য প’হা আৰু জেলেপী।লগত পায়স,লুচী, মখানাৰ গ্ৰেভি,মলাই পনীৰ,গোলাব জামুন, ফিৰনি আৰু যে কত কি!
:থোমা লগত ময়ো থাম ?
ইমানদেৰি অলপ লাজ লাজকে মাৰ লগে লগে লাগি ফুৰা থুপু আহি অনিৰুদ্ধৰ ওচৰ পালেহি।মায়ে তাক আজি ডাঙৰ ল’ৰাৰ নিচিনাকৈ জিনছ পেণ্ট এটা আৰু বগা চোলা পিন্ধাই দিছিল,চৰবত পেলাই তাৰ ঠাইত এতিয়া বগা গেঞ্জী আৰু অকণমানি নীলা পেণ্ট এটা হে আছে।চুলিখিনি তিতা।নিজে গৈ মনে মনে শ্বাৱাৰ খুলি তিয়াই আহিলেগৈ।
এতিয়া মাৰ গালি খাই বেলেগ পাৰ্টনাৰ বিচাৰিছে।অনিৰুদ্ধৰ লগ লাগিছে।
:আমি একেলগে খাম,হ’ব।
পনীৰ খাই বেয়া পোৱা থুপুৱে অনিৰুদ্ধই নিজ হাতেৰে খুৱাই দিওঁতে অলপো আপত্তি নকৰাকৈ পনীৰ খাইছে,আৰু সেই দৃশ্য চাই আমি সকলো পাহৰি গৈছোঁ।
:হেৰি নহয়,তোমালোক ইয়াত থাকিবলৈ অসুবিধা পাবা নেকি?হোটেল মিছাতে কিয় ল’ব লাগে।
ককাৰ কথা শেষ হ’বলৈকে নাপালে
:ইয়’,কি মানুহ হয় আপোনালোক,বিদেশৰ পৰা আহিছে মানুহকেইটা ইমান দুখে কষ্টৰে,হোটেলত কেলেই থাকিব আকৌ।অতখন ঘৰ কেলেই সাজিলে।হয় আই।জেগা নাই যদি আমা ঘৰলৈকে লৈ যাম পায়।
আয়ুৰ মাকে মাক প্ৰায় ধমকিৰ সুৰতে ক’লে মাক।মায়ে এইবোৰ একো নাজানে।কাহানিও কাৰো ঘৰৰ কোনো অনুষ্ঠানলৈ নাযায়,ছোৱালী চাবলৈ অহা মানুহক কি ক’ব,কেনেকৈ ৰাখিব সেইবোৰ জানিলেহে।
:হয়,ময়ো কম বুলি ভাবি আছিলোঁ,আপোনালোক আমাৰ ইয়াতে থাকিব পাৰিব ৰাতিটো।যদি বেয়া নাপায়..
:Yeah sure.I am fine with it.
অনিৰুদ্ধই মোলৈ চাই চকুটো টিপিয়াই দিলে।তেওঁৰ মাকেও থাকিবলৈ মান্তি হ’ল।
:বেগকেইটা লৈ আনিব লাগিব তেতিয়াহ’লে।মোৰ একো আপত্তি নাই।কথা পাতিবলৈ সময়ো পাম ন আপোনাৰ লগত।
দুই বিয়নীৰ ইতিমধ্যে বন্ধুত্ব হৈ গৈছে।

তেওঁলোক এয়াৰপোৰ্টৰ পৰা বাহিৰে বাহিৰে আমাৰ ঘৰৰপৰা প্ৰায় দহ কিলোমিটাৰ আঁতৰৰ মই ঠিক কৰি দিয়া হোটেলখনত চেক-ইন কৰি ফ্ৰেছ হৈ আমাৰ ইয়ালৈ আহিছিল।এতিয়া ভাবিছোঁ,ময়োতো হোটেল বুক কৰাৰ আগতে মাক সুধি ইয়াতে থকাৰ কথা ক’ব পাৰিলোঁহেঁতেন।
কিয় ইমান অদ্ভুত মই!!!
:থুমি ইয়াত থাকিবা আদি?
:yes buddy.
:মোৰ লগত খুবা (শুবা)?মই monkey সাধু জানো।তোমাক ক’ম।তুমি মোক তেতিয়া কিন্তা দয়(kinder joy) আনি দিবা।এগাল খোপা(এগাল এসোপা) দিবা দেই।
আটাইতকৈ বেছি ফুৰ্টি তাৰেই লাগিছে।
থুপুৰ কথা শুনি সৱেই হাঁহিলে।
অনিৰুদ্ধ হাত ধোৱাৰ চলেৰে উঠি আহিল।অলপ আঁতৰত ৰৈ থকা মোৰ কাষেৰে পাৰ হৈ যাওঁতে কাণে কাণে কৈ থৈ গ’ল
:আজি ৰাতি থুপুৰ মাকক সাধু ক’ব নালাগে?
মায়ে হাতত তুলি দিয়া বঁটাটো কথমপি নপৰাকৈ ধৰি ৰাখিলো।

(আগলৈ)

15 thoughts on “#আবিৰ খণ্ড (৭২)

  1. Obsessed with “আবিৰ”। কেতিয়াও যে হেঁপাহ পলুৱাব নোৱাৰিম…. এতিয়া টোপনি নাহিব ৰাতি … eagerly waiting for the next chapter Indranee Baa ❤️ much love……..

    Like

  2. Kahani tu jdiu kalponik pratitu saritra jen sokur agot bhahi thake porhile…. “Anirudhha ” emn j mon goise teuk log pbole….Emn nisartho vabe karubak val puwa manuh u asene ei bastab jogot khonot…

    “AABIR” jdiu kalponik kahani,bastab jibonot bohutu Ananya ase,, ru hei prati goraki Ananyae jen Anirudhhar dore ejon nisartho vabe val puwa jibon logori paok…

    💓💓

    Like

    1. Moiuu egorakii Ananya and moiu egorakiii Anirudhoo log paluu….. Niswartho prem , morom dsee he muk…. Mur nsna suali ejnik tr dore lora ejn diar babe …… Vogobank pronammm…. Protigyaa lolu moiuu teuk paruu mne hukh dmm …… Jimnkhnii teu mur babe korisee ….. Tat kunu swarthoi ketiauuu sthann napale❤❤❤

      Like

  3. আবিৰ পষ্ট কৰা প্ৰথমদিনাই দেখিছিলো যদিও পঢ়া নাছিলো কাৰন এটাই আছিল এবাৰ পঢ়িলেই পঢ়ি থাকিবলৈ মন যাব আৰু পিছৰ খন্ডটি পঢ়িবলৈ নোপোৱালৈকে উচ্ পিচাই থাকিম।একেলগে বহুখিনি পঢ়াৰ হেপাহত পৰহিৰ পৰা ৰাতি ৰাতি পঢ়ি আজি ৭১ লৈকে পঢ়িলো। মায়াসনা শব্দৰ খেলাই যাদুকৰি ৰাখিছে । থুপুৰ মৰমতে মোৰ কলিজাজনীক কিমানযে চুমা খাইছো । Eagerly waiting for next part..

    Like

    1. Apunar dore muru porohi ratirpora pohiso , agtei link tu paiclu jodio poha nclu roi thkbo lgbo bulie,atia toi pisor khondotiloi, thupur kothavur pohi joute moi u apunar dorei mur konmani jonik kimn Suma khAiso,ki abeg❤️ dhonyabad indranee ba ,emn dhunia likhisa

      Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s