#আবিৰ খণ্ড (৭৪)

অচ্যুতম কেশৱম কৃষ্ণ দামোদৰম
ৰাম নাৰায়ণম, জানকী বল্লভৱম

ধূপ ধুনাৰ সুগন্ধিৰ লগতে মোৰ ভাল লগা প্ৰাৰ্থনাটোৰ সুৰ বিয়পি পৰিছে বগা বাংলোৰ ভিতৰে বাহিৰে।
গাড়ীৰ পৰা নামি দেখোঁ,বাৰাণ্ডাত আয়ু অকলে বহি আছে।আমাৰ গাড়ীখন সোমাই অহা দেখি সি চাই থকা ফোনটো পকেটত থৈ থিয় হ’ল।
:Hello Anirudh.
:Hey Ayushman.
:তই ক’ত আছিলি দিনটো?
:ডিব্ৰুগড়ত কাম এটা আছিল।
সি অচিনাকি মানুহৰ দৰে মোক এবাৰ ভৰিৰ পৰা মূৰলৈকে চালে।
:তই অকলে বহি আছ যে,কোনো নাই নেকি ঘৰত।মা,থুপু…
:খুড়ী আলহী লৈ আমাৰ ঘৰৰ ফালেই গৈছে।মই ৰাস্তাত দেখি আহিছো।ককা মোৰ লগতে কথা পাতি আছিলে।অলপ আগতে প্ৰাৰ্থনা কৰিবলৈ উঠি গৈছে।
:চাহ খালি?
:উম খালোঁ,মই যাওঁ।অনিৰুদ্ধক লগ কৰিবলৈ আহিলোঁ।
আয়ু ইমান বেছি ফৰ্মেল কেতিয়াও নাছিল।ভিতৰলৈ সোমাই গৈ তৰাক সুধোতে ক’লে আয়ুয়ে চাহ নাখাওঁ বুলি ক’লে।
:আয়ু,আয়ু।
অলপ বেছিয়েই চিঞৰি মাতিলোঁ।
অনিৰুদ্ধক বাৰাণ্ডাতে এৰি সি ভিতৰলৈ আহিল।
:চাহ কেলেই নাখাৱ?
:খাই আহিছোঁ।
:এনেইতো আমাৰ ঘৰলৈ আহিলে তই চাহ খাই নাহ।আজি কি হ’ল?
সি ইফালে চাইছে।মোৰ চকুলৈ নাই চোৱা।
:অনন্যা,বেগটো ক’ত ৰাখোঁ।And I will take a bath now, where is the room?
:তৰাই দেখুৱাই দিব ৰ’ব।
তৰাই অনিৰুদ্ধক আলহী ৰূম দেখুৱাবলৈ লৈ গ’ল।ওপৰৰ মোৰ ৰূমৰ কাষতে থকা বাৰ ৰূমটোতে অনিৰুদ্ধ আৰু মাকৰ থকাৰ ব্যৱস্থা কৰা হৈছে।
:মই যাওঁ দে,তই ঘূৰিবি নাই কাইলৈ?
:কি ঘূৰিবি নাই?ফ্লাইট কি মোৰ মৰ্জিত চলিব নেকি?টিকেট আছে যেতিয়া যাম।
:লগ পাম দে।
:ৰ।এক মিনিট।
টিফিন এটাত তাৰ কাৰণে মই আগতীয়াকৈ আঁতৰাই ৰখা ফিৰনি, পায়স,মায়ে বনোৱা চুজিৰ জেলেপী কেইটামান আৰু লগত খাবলৈ অকণমান ৰাবৰি ভৰাই দিলোঁ।
:এইটো লৈ যা।
:কি আছে?
:পায়স,ড্ৰাই ফ্ৰুইটছ দিয়াৰ আগতে তোলৈ থৈ দিছিলোঁ বেলেগ কৈ।নাহিবি বুলিতো নাই ভৱা।এতিয়া ঘৰত অকলে খাই থাকিবি।জেলেপীৰ লগত খাবলৈ ৰাবৰি দিছোঁ,ধুনীয়াকৈ উলিয়াই সজাই খাবি।ইয়াত খোৱা হ’লে চাহ একাপো দিলোঁহেঁতেন।তোৰ আকৌ আজি মেজাজ বেলেগ যে।
ভিতৰি মোৰো খং এটা উঠিছে, খং নে অভিমান মই ঠিক নাজানো।আয়ুক মই কিমান মৰম কৰোঁ,ভাল পাওঁ সেইয়া জনাৰ পাছতো সি কেনেকৈ মোৰ সুখৰ সময়ত এনেকৈ আঁতৰি থাকিব পাৰিলে মই নাজানো।ইমান দিনৰ বন্ধুত্বৰ কোনো যেন মূল্যই নাই, সি কেৱল তাৰ একপক্ষীয় প্ৰেমৰ কথা ভাবিছে।ভাৱক।মোৰ সৈতে বিনা স্বাৰ্থত কোন নো আছে এতিয়ালৈকে।আৰু আয়ুৰ স্বাৰ্থপৰতা তো প্ৰেমৰ অন্য নাম,কিন্তু সেই নাম মই গ্ৰহণ কৰিবলৈ বিচৰা নাই।
বাৰাণ্ডালৈকে তাক আগবঢ়াই দিলোঁ।

যাবলৈ ওলাই আয়ু আকৌ ঘূৰি আহিল।
:Congratulation.
নিয়ম মাফিক সি এটা ‘ফ্রেণ্ডলী হাগ’ কৰিলে, ইচ্ছা যে নাই ধৰিব পাৰিলো।
:তই অনিৰুদ্ধৰ নিচিনা গোন্ধাইছ।
হোটেলৰ বন্ধ কোঠাৰ সেই নিবিড় মুহুৰ্তৰ সাক্ষী হৈ অনিৰুদ্ধৰ ফৰাচী পাৰ্ফিউমৰ সুগন্ধি মোৰ গাত এতিয়াও বিয়পি আছে।অনিৰুদ্ধৰ আলিংগনত মোৰ উশাহবোৰো তেওঁৰ সৈতে মিলি যায়,সুগন্ধি মিলাটো স্বাভাৱিক।কেতিয়াবা বাধ্যত পৰি ক’বলগীয়া হয়,’দুখ পাইছোঁ’।তেওঁ অকণমান সময়ৰ বাবে ঢিলাই দিয়ে বান্ধোন,
আয়ুয়ে আকৌ এবাৰ মনত পেলাই দিলে সেই মধুৰ সময়বোৰ..
কিন্তু যেতিয়া মই আয়ুৰ চকুলৈ চালোঁ..
তাৰ চকুত দেখা সেই বিষাদৰ আন্ধাৰে মোক গিলিব খুজিলে,চকু আঁতৰাই আনিলোঁ।
কথাটো সি ক’ব লাগে নাই তাকো নাজানে!ইমান অঁকৰা হৈ আছে কিয় ল’ৰাটো।এনেকুৱাতো নহয় যে সি নিজে প্ৰেম কৰা নাই,এনেকুৱা মুহূৰ্ত তাৰ জীৱনত অহা নাই।হিবাৰ আগতেও তাৰ গাৰ্লফ্ৰেণ্ড আছিল,যাক লৈ অ’ত ত’ত ফুৰিবলৈও গৈছে,কিন্তু মোৰ ওচৰত ইমান বুৰ্বক হৈ থাকে কিয়!

:আয়ু,বহুত দিনৰ মূৰত অকণমান সুখী হৈছোঁ,জীৱনটো কিবা এটা ভাল লাগিছে।তই এনেকুৱা কৰিলে মোৰ কেনেকুৱা লাগিব ভাবি চাইছ?এনি ৱে,আজিৰ বাতৰিটো চাবি।মোৰ বাবে আৰু এটা ভাললগা কাৰণ আছে আজিৰ দিনটোত।কাইলৈ ফ্লাইটত কথা পাতিম।যা এতিয়া।টিফিনটো কাইলৈ লৈ আনিবি।

ভাগৰ লাগিছে।একেটা দিনতে ইমানবোৰ ঘটনা ঘটি গ’ল।মই যেন নিজকে স্থিৰ কৰিবলৈকো আহৰি পোৱা নাই।মেখেলা চাদৰযোৰো সলাব লাগে।চুলিখিনি মুঠি মাৰি খোপা এটা বান্ধি ল’লো।
:তৰা, মই কাপোৰ সলাই আহোঁ,চাহ একাপ খাম দেই একেলগে।মই বনাম।ফ্ৰীজৰ পৰা গাখীৰ খিনি উলিয়াই থ না।
ৰুমত সোমাই দৰ্জাখন হুক বন্ধ কৰি চাদৰখনৰ পিনটো খুলিছোহে, এনেতে মোৰ কোঠাৰ লগত সংলগ্ন বাথৰূমটোৰ দৰ্জা খুলি ওলাই আহিছে অনিৰুদ্ধ।অ’লিভ গ্ৰীণ লুজ ট্ৰাউজাৰ আৰু বগা টি-চাৰ্ট পিন্ধি চুলি টুকি টুকি মোৰ ফালে আহি আছে।
:What the !
:Haww, bad words.
:আপুনি ইয়াত কি কৰিছে?
:এতিয়ালৈকে তো একো নাইকৰা।
কঁকালত এহাতেৰে মেৰিয়াই টানি নিলে মোক।চাদৰৰ আচল তেতিয়া পকাত অসহায় হৈ পৰি আছে।
:But I want to do so many things..you have no idea..
চেঁচা আঙুলিৰে কঁকালৰ কমৰবান্ধৰ মিহি মিহি পাথৰ কেইটা চুই দিলে তেওঁ..

দুৱাৰত সৰু সৰু টোকৰ।
:মা, মা।

মই শেষ।দুৱাৰত থুপু,লগত চাগে মা ও আছে।কি ভাবিব সৱেই এতিয়া।অনিৰুদ্ধক ঠেলা মাৰি আঁতৰাই চাদৰখন সামৰি দৰ্জাখন সামান্য খুলি চালোঁ।মা আৰু থুপু।
:মা,মই কাপোৰ সলাই আছোঁ।
:অনিৰুদ্ধ ক’ত গ’ল?
:চাদৰ ওপৰলৈ।চিগাৰেট খাব হৈছে চাগে।ইমান এৰিব কৈছোঁ এৰা নাই।
:তই নিজে এৰিবি আগতে।উপদেশতকৈ আৰ্হি ভাল।

ৰূমত এইবোৰ কৰি আছে বুলি কোৱাত কৈ চিগাৰেট খাই আছে বুলি কোৱাই ভাল।মা আঁতৰি যোৱাৰ লগে লগে তলত কোনোবা আছে নেকি চাই অনিৰুদ্ধক উলিয়াই পঠিয়ালোঁ।যোৱাৰ আগতেও ডিঙিত তিতা দাড়ি সোপা লগাই ৰঙা পেলাই থৈ গৈছে।
এইবোৰৰ পৰা মানে শান্তি নাই মোৰ।

মায়ে বোৱা কাপোৰেৰে চিলোৱা মেৰুণ ৰঙৰ কুৰ্তী এটা বগা প্লাজ’ এটাৰ সৈতে পিন্ধি ওলাই আহিলোঁ।মা আৰু অনিৰুদ্ধৰ মাক তেতিয়া ডাইনিং টেবুলত বহি কথা পাতি আছে।কিণ্ডাৰ জয় এটা হাতত লৈ থুপু ঘূৰি ফুৰিছে।
:মাজু,তই চাহ বনাবি বোলে, আমি বহি আছো খাবলৈ।খায় হে কাপোৰ কানি সলাম।
:ক’ত গৈছিলা তোমালোক?
:এনেই আমাৰ ঠাইখন দেখুৱালো অকণমান, আয়ুৰ ঘৰটো সোমালোঁ।

মা আজি চাগে কিমান বছৰৰ মূৰত ওলাই গৈছে।লগ এটা পাইছে, মনবোৰ মুকলি হৈছে।মানুহজনী আচলতে বেয়া নাছিল,অহংকাৰীও নাছিল।কিন্তু পৰিস্থিতিয়ে বাধ্য কৰিছিল কিছুমান কাম কৰিবলৈ।লগতে মোৰ দৰেই জেদী মানুহজনীয়ে মনৰ বিৰুদ্ধে একো কাম কৰিবও যে পৰা নাছিল।

সকলোকে চাহ দিলোঁ।অনিৰুদ্ধৰ লগত মাত-বোল বন্ধ।কম লাজত পেলোৱা নাই মোক।
চাহ খাই থাকোঁতে তেওঁ নিজেই উলিয়ালে
:মাক মেহেন্দি আঁকি নিদিয়া?
মেহেন্দিৰ কথা শুনি মানুহগৰাকী সৰু ছোৱালীৰ দৰে জঁপিয়াই উঠিলে।
:মে’ ত’ বিনা মেহেন্দি লগায়ে আনা ভি নেই চাহতি থি।

প্ৰতিটো সৰু ডাঙৰ উৎসৱত তেওঁলোকে মেহেন্দি লগায়।পৱিত্ৰ বুলি মানে।লগতে এটি বিশ্বাস ,ৰং ডাঠ হ’লে স্বামীয়ে মৰম কৰে।হাঁহি উঠিল।ইমান সৰল মনৰ মানুহ।মাৰ ফালে চালোঁ।ক’ৰবাত এনেকুৱা এটা মন এইজনী মানুহৰো আছিল নিশ্চয়।এতিয়া হেৰাই থাকিল।অনিৰুদ্ধই নিজৰ মাকক হয়তো আমাৰ দেউতাৰ বিষয়ে কিছু কথা আগতেই কৈ থৈছে,তেওঁ এবাৰেই যি সুধিলে,তাৰ পাছত আৰু দেউতাৰ বিষয়ে একো কথা নাই সোধা।এতিয়াও কথাটো কৈ তেখেতে অলপ লাজ পোৱাৰ দৰে হে লাগিল।
:আমাৰ তৰাই জানে লগাব,আপোনাক লগাই দিব বাৰু।
:আৰে, আগতে মই মোৰ ‘বহু’ ক লগাই ল’ব লাগিব।কিমান মৰম আছে চাব লাগিব নহয়।

এনেতে মোবাইলটোত টিং কৈ মেছেজ এটা আহিল
“Pyaar to hum bht karte hain, par koyi jataane ka mauka hi nehi deta “
গৰম চাহকাপ আৰু মোৰ গাল দুখন এতিয়া সমানেই গৰম ।

:গোসাঁনী,অকণমান মোৰ কোঠালৈ আহ চোন,অনিৰুদ্ধ তুমিও আহা।

চাহখোৱা টেবুলৰ পৰা দুয়োটা ককাৰ পিছে পিছে খোজ ল’লো।
ককাই বিছনাত ফাইল কিছুমান খুলি থৈছে।লগত এটা কেলকুলেটৰ।কলম,পেঞ্চিল, কিছুমান চিঠি।কিয় উলিয়াইছে এইবোৰ!
:তই বিছনাতে বহ,এওঁক চকী এখন আনি দে।
কাঠৰ চকী এখন নিজেই আনি অনিৰুদ্ধ বহিল।
:মাৰকো মাতিলোঁ হেঁতেন, পিছে এতিয়া থাকক,এওঁৰ মাকে আমনি পাব।কথাবোৰ পাতি লওঁ,মই বা আৰু কিমান দিন বাচি থাকোঁ।
:কি কথাবোৰ কৈ থাকা ককা?
ককা বিছনাত বহিছে,মই পকাতে বহি ককাৰ ভৰি কেইটা পিটিকি আছোঁ।
ককাই ফাইল এটা খুলি অনিৰুদ্ধক ক’লে
:আগতে ভাবিছিলোঁ,এইক সৱ দি মই মৰিব পাৰিম শান্তিৰে।কিন্তু এতিয়া লাগিছে এইবোৰ তাইৰ গলগ্ৰহহে হ’ব।তোমালোকৰ সংসাৰত অশান্তি হ’ব।নিজৰ পো হ’লেও ক’ম,সি সম্পত্তি নাপালে এইক মাৰি পেলাবলৈও সংকোচ নকৰিব।আজিৰ কথাবোৰ এওঁ জানে নাই নাজানো,মোক যোগেশে ক’লে।মই বিক্ৰী কৰি দিম সৱ।সি কি কৰে চাওঁ চোন ।

অনিৰুদ্ধই মাত্ৰ আচৰিত হৈ মোৰফালে এবাৰ আৰু ককাৰ ফালে এবাৰ চালে।
:ককা,এইবোৰ এতিয়া থাকক নেকি?
:নালাগে থাকিব,কাইলৈ এওঁ যাবগৈ,তয়ো যাবিগৈ।মই নাযাওঁ, মই এইবোৰ লেঠা মাৰিবই লাগিব।ই মানুহজনীক শান্তিৰে থাকিবলৈ নিদিব নহ’লে।অধীৰৰ নামত থকা খিনি সি লওক।নামচাইৰ বাগান,ডিগবৈৰ মাটি-ঘৰ আৰু মোৰ এই ঘৰটো তোক দিম মই।অনিৰুদ্ধ আৰু তোৰ হ’ব সৱ।

:ককা,প্লিজ,মই অনন্যাক বহুত বেছি ভাল পাওঁ,কিন্তু মই এইবোৰ কথাত একেবাৰেই সোমাব বিচৰা নাই।
অনিৰুদ্ধই কি ক’ব খুজিছে মই বুজিছোঁ।তেওঁ নিজৰ দেউতাকৰ পইচা ল’বলৈ টান পোৱা মানুহ।সম্পূৰ্ণ নিজৰ সামৰ্থৰে যি পাৰে সেয়াহে কৰে।মোৰ বা মোৰ ঘৰৰ মানুহৰ সম্পত্তি তেওঁ কেতিয়াও নলয় সেইয়া মই জানো।
:ককা,কি ক’ব খুজিছা,খোলা খুলি কৈ কোৱা।
ককাই ভাবিছে কিবা এটা আৰু কৈ আছে কিবা এটা,সকলো বুজিছোঁ মই।
:বাকীবোৰ যি হয় হওক।তই এই ঘৰটো ৰাখিব পৰিবিনে?এইখন বৰ কষ্টৰে সজা ঘৰ।বৰ মৰমৰ ঘৰ।ইয়াত ব্যভিচাৰ হ’লে মই মৰিও শান্তিও নাপাম।আইতাৰক সিপুৰীত কি উত্তৰ দিমগৈ।তই ঘৰটো ৰাখিবিনে ভালকে?মানুহক আশ্ৰয় দিবি ইয়াতে।কষ্টত থকা বুঢ়া বুঢ়ী মানুহ,নিথৰুৱা ল’ৰা-ছোৱালী,জীৱ জন্তু যাকে দিয় দিবি,মাত্ৰ অধীৰক নিদিবি।পৰিবিনে ক?

কিমান দুখত এজন বৃদ্ধ পিতৃয়ে এনেকৈ ক’ব পাৰে?
দেউতা ককাৰ নিজৰ তেজ,মই কোনোবা নিষ্ঠুৰ পিতৃ মাতৃয়ে পেলাই থৈ যোৱা সন্তান!
কি খেলা এই পৃথিৱীৰ!
কিমান অসহায় মানুহবোৰ!
মই কিবা কোৱাৰ আগতেই অনিৰুদ্ধ নিজৰ ঠাইৰ পৰা উঠি আহিল
:ককা,অনন্যাই যি বিচাৰে, যেনেকৈ বিচাৰে তেনেকৈয়ে কৰিব সকলো।মই কেতিয়াও তাইক বান্ধি নাৰাখোঁ।তাই যদি ইয়াত থাকিব বিচাৰে, থাকিব পাৰিব।কিন্তু মই নোৱাৰিম।ক্ষমা কৰিব মোক।মোৰ ওপৰত মোৰ নিজৰ ঘৰখনৰো দায়িত্ব আছে।ময়ো মা-দেউতাৰ একমাত্ৰ সন্তান।
ইমান স্পষ্ট, ইমান স্থিৰ কেনেকৈ হ’ব পাৰে মানুহ!
কোনো মিছা প্ৰতিশ্ৰুতিৰে তেওঁ আমাক বান্ধিব খোজা নাই।ককাক মিছা আশা দিব খোজা নাই।আকৌ এবাৰ তেওঁৰ প্ৰতি মৰম আৰু শ্ৰদ্ধাৰে উপচি পৰিল মোৰ বুকু।
:ককা,তুমি বেয়া পোৱা একো হ’বলৈ মই নিদিওঁ,ইমান চিন্তা নকৰিবা।
:নাই অ’,আজিকালি সপোনত শেৱালিয়ে মাতি থাকে,কোন দিনা বা লৈ যায়।
:কিনো কৈ থাকা ..
ককাৰ ভৰি দুটা খামুচি উচুপি উঠিলোঁ।অনিৰুদ্ধ আঁতৰি গ’ল।এইকণ সময় ককা আৰু মোৰ।
:ল’ৰাটো বুজন।তই কান্দিব লগীয়া নহয়।মই যোগেশক কৈছোঁ,সি তোৰ লগত সদায় থাকিব।কিন্তু তই ইয়ালৈ একেবাৰে ঘূৰি নাহিবি।পাৰিলে মাৰকো লৈ হে যাবি মই মৰাৰ পিছত।ইয়াত তোক সি অশান্তি কৰিব।অনিৰুদ্ধকো নেৰিব।

ভয় কৰিছে ককাই।স্বাভাৱিক।কিমান কি যে দেখিলে এই জীৱনটোত।

হাতত কিণ্ডাৰ জয় লৈ থুপু ওলালহি।ককাক অকণমান নিদিয়াকৈ সি নাখায়।
:কিয় আহিলা?
:অনিমুন আইব কৈথে।
আমাৰ মুখত হাঁহি আনিবলৈ অনিৰুদ্ধই থুপুক পঠিয়াই দিছে।সি ককাক হাতত ধৰি টানি টানি লৈ গৈছে।
:ইয়াৰ কথা ভাবিৱৰ হ’ল,এনেকৈ ইঠাই সিঠাই কৰি থকাটো তাৰ মানসিক স্বাস্থ্যৰ কাৰণে বেয়া হৈছে।লাহেকে স্কুলত দিবৰ হ’ব।তই সোনকালে সিদ্ধান্ত বোৰ ল’ব লাগিব।
ককাৰ কথা শুনি শুনি পিছে পিছে ময়ো গৈছোঁ।
তৰা আৰু বাহাদুৰে ড্ৰয়িং ৰূমৰ মজিয়াত মেট্ৰেছ পৰিছে,গাৰু দিছে।
:কি কৰিছ এইবোৰ তৰা?
:এতিয়া সৱেই বহি কথা পাতিব বোলে।তাতে তোক মেহেন্দি লগাই দিব শাহুৱে।তেখেতেই ক’লে এনেকৈ কৰিবলৈ।আমাকো একেলগে বহিবলৈ কৈছে।
অলপ পাছত মাৰ সৈতে তেখেত নামি আহিল।
:মেহেন্দি লগানে কে লিয়ে ৰেডি হ’ ?
হাঁহি এটা মাৰি সমৰ্থন জনালোঁ।
পাতল হালধীয়া চুৰিডাৰ এযোৰ পিন্ধি অহা মানুহগৰাকীক অনিৰুদ্ধৰ বায়েক যেন হে লাগিছে।
ঘৰখনত এনেকুৱা পৰিৱেশ আজিয়েই প্ৰথম।বাহাদুৰে মাজে মাজে ইটো সিটো খাবলৈ আনি আছে।আমি সৱ তলত বহিছোঁ।ককা চোফাত বহিছে।অনিৰুদ্ধ আৰু মাকে মাজে মাজে হাঁহি উঠা কথা কৈ আছে।
:আনটি,আপুনি আগতে গান গাইছিল ন,আজি স্পেচিয়েল ৰিকুৱেষ্ট ,কিবা এটা গাই শুনাওক।
মায়ে মোৰ ফালে চালে,ময়ে কৈছোঁ বুলি গম পালে।সৱেই জোৰ দিয়াত মায়ে খুব আৱেগ ঢালি গালে
“তুঝ ছে নাৰাজ নেহী জিন্দগী, হেইৰান হুঁ মেইন, হেইৰান হুঁ মেইন”
কাৰো মুখত মাত নাই,ইমান শুৱলা মাত।গানটোৰ শেষলৈকে আমি সৱেই যেন উশাহ সলাবলৈকো পাহৰি পেলাইছোঁ।
অনিৰুদ্ধ আৰু মাকে প্রশংসাৰে উপচাই পেলাইছে।
:নাম লিখিব লাগিব নহয়?অনি লিখিম নে অনিৰুদ্ধ?
:মো নাম লিকিবা।
এতিয়া যে সকলোতে ভাগ হ’ব মৰমবোৰ।থুপু আহি যেনেতেনে আমাৰ মাজত সোমাল হি।
:But I have to find my name in the Mehendi right maa?
:বে’টা,সুহাগ ৰাত নেহী হে আজ।
মা আৰু মোৰ চকু ডাঙৰ হৈ গ’ল।ভাগ্য ভাল ককা দূৰত আছে।তৰাই মিচিকিয়াই হাঁহি দিছে।ইমান সহজ নে কথাবোৰ কৈ দিয়াটো।
:আন্টি,আপুনি A লিখক।দুয়োৰে নামৰ প্ৰথমটো আখৰ।

কাৰোবাৰ ফোন অহাত অনিৰুদ্ধ উঠি গ’ল।তৰাই তেওঁৰ মাকৰ বাওঁ হাতত মেহেন্দি লগাই দিলে।আৰু আমি সৱেই জোৰ কৰি মাৰ হাততো আঁকিলোঁ।থুপুৰ হাতত তৰাই লিখিছে ‘অনন্যা-অনিৰুদ্ধ’।
আঁকি শেষ নহ’লেই, হাতখন নিজৰ চোলাত মোহাৰি পেলালে।

বাহাদুৰ আৰু নতুন ৰান্ধনীয়ে সম্পূৰ্ণ অসমীয়া নিৰামিষ খাদ্যৰে টেবুল সঁজালে।মোৰ মেহেন্দি আঁতৰাবলৈ নিদিলে অনিৰুদ্ধই।
:ভাত কেনেকৈ খাম?
:মায়ে খুৱাই দিব।
আৰু এইয়া,এতিয়া মায়ে মোক ভাত খুৱাই আছে।এবাৰ থুপুক, এবাৰ মোক।ফলত ময়ো বাটাৰ ,কণী ভাত খাইছোঁ।বাকী সৱেই খোৱা পনীৰ, ডালি,পিটিকা,চাটনী একো খাবলৈ পোৱা নাই।ৰং নাহে বুলিয়েই এইবোৰ কৰাই আছে মোক।

ৰাতিপুৱা ন বজাত অনিৰুদ্ধ আৰু মাকৰ ফ্লাইট।ঘৰৰ পৰা ছয় বজাতেই ওলাই যাব লাগিব।কলিকতাৰপৰা মাকে বেলেগ ফ্লাইট ল’ব লাগিব।মায়ে সোনকালে শোৱাৰ কাৰণে লৰালৰি কৰিছে।আলহী ৰূমটোত দুখন বিচনা।শুদ্ধ বগা বিচনা চাদৰ,গাৰুৰ কভাৰ, সুগন্ধি কেণ্ডেল লগাই একদম মাৰ দৰেই পাৰফেক্ট কৰি থৈছে।যেন অকণমান ক’ৰবাত খুঁত থাকিলেই নম্বৰ কাট খাই যাব।আৰু ধুনীয়াকৈ পাৰি থোৱা বিছনাত আগে ভাগে গৈ শুই আছে থুপু।যিমান মাতিলেও নাহে।অনিৰুদ্ধই সাধুৰ নামত যি টি কৈ আছে, নাই সি শোৱাৰ নামেই নলয়।ককা আহি আলহীক মাত লগাই শুবলৈ গ’ল,মই মেহেন্দি সোপা তেনেকৈ লৈ অনিৰুদ্ধৰ মাকৰ সৈতে আনখন বিছনাত বহি কথা পাতি আছো।
:এতিয়া ধুই শুই থাকা যোৱা,ৰং আহিল আৰু।
ৰূমটোৰ পৰা ওলাই নিজৰ ৰূমলৈ আহিলোঁ।শুকাই যোৱা মেহেন্দি বোৰ কাগজ এখন পাৰি ঘঁহি ঘঁহি আঁতৰাই দিছোঁ।ডাঠ ৰং এটা জিলিকি উঠিছে।ধুই আহি চালোঁ,লাজ এটাই চুই গ’ল।
:মাজু,ইয়াক লৈ আন,আলহী শুব লাগে নহয়।আকৌ কাইলৈ চাৰি মান বজাত উঠিবই লাগিব।এঘাৰ বাজিলে এতিয়া।ময়ো যাওঁ শুবলৈ।তই এলাৰ্ম দি থ’বি, আজিৰ নিচিনা নকৰিবি।

হাত খন মচি ৰূমটোৰ পৰা ওলাবলৈ লওঁতেই ফোনত মেছেজ..
:Come to the terrace after half an hour. We need to talk.

(আগলৈ)

17 thoughts on “#আবিৰ খণ্ড (৭৪)

  1. Huuhhhhh Thank God !finally after waiting so many days . Indrane ba u r so bad u make us waiting for soooo long time 🤧 . Olp joldi joldi post koribana. Well now again hv to wait for almost 4-5 days for the next part.
    As usual love this part too❤…

    Like

  2. আপোনাৰ জীয়া উপন্যাসে মোৰ জীৱনৰ বিষাদ বোৰ ওলাই আনি দিব বুলি ভবা নাছিলোঁ,🙂….
    কিন্তু সত্য ৰ পৰা hari jai পলাব কলৈ নো…., সত্য সদায় নেমু গছৰ কাইট ৰ দৰে junga hoi.. বিষ অনুভৱ hoboi,,…
    তথাপিও ভয় নকৰোঁ এই বিষাদ লগা অনুভৱ ৰ পৰা,,.… ,▪️❤️✨
    আপোনালৈ অলেখ অলেখ ধন্যবাদ ….🤍

    Like

  3. Oh God ! Moi ye osthir hoi jaaw khondotir hekh t iman hundor kio hokolu aiya kebol kolponatei hoi ne bastob u eyar hakhi 🙂mur bht issa hoise ai bur janib❤️❤️❤️❤️❤️❤️❤️❤️

    Like

  4. প্ৰথমৰ পৰাই পঢ়িলোঁ ,বহুত ভাল লাগিছে।

    Like

  5. বৰ আগ্ৰহেৰে ৰৈ আছো বা দি দিয়ক আৰু।……
    😥😥

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s