#আবিৰ খণ্ড (৭৫)

অদ্ভুত এই মানুহজন।
কি ভাৱে, কি কৰে একো বুজি নাপাওঁ।
বাথৰুমত গৈ মুখ হাত কেইটা ভালকৈ ধুই শুবৰ কাৰণে ৰেডি হ’লো।আধা ঘন্টা পাৰ হৈ গ’ল।ফোন,মেছেজ একো নাই।থুপু এতিয়াও তেওঁৰ লগতে আছে।
“Come, get one quilt also “
গৰম দিন যদিও বতৰটো সেমেকা বাবে অলপ অলপ ঠাণ্ডা লাগিছে,তাতে চাদৰ ওপৰত বতাহ বেছি।কিন্তু আমি তাত কিমান দেৰি থাকিম নো?ব্লেংকেট কিয় নিবলৈ কৈছে?
থুপুৰ এখন সৰু পাতল বগা ব্লেংকেট আছে।সম্পূৰ্ণ ফাৰৰ ,মায়ে স্পেচিয়েলি তাৰ কাৰণে অৰ্ডাৰ কৰি অনাইছিল।সেইখনকে লৈ ৰূমৰ পৰা ওলালোঁ।মাহতৰ পৰা লুকুৱাই মই আগতেও বহুত কাম কৰিছোঁ,কিন্তু আজি কিয় জানো,অলপ লাজ লাগিছে মোৰ।যোৱাৰ আগতে আকৌ এবাৰ আইনাত নিজকে চাই লৈছোঁ।যেন অনিৰুদ্ধক প্ৰথম বাৰৰ বাবেহে লগ কৰিবলৈ গৈছোঁ।

চাঁদৰ ওপৰৰ লোহাৰ দৰ্জাখন যিমান পাৰোঁ সিমান সাৱধানে খুলিলোঁ।
আৰু সৌৱা, অলপ দূৰৈত আকাশৰ ফালে চাই থিয় হৈ আছে মোৰ প্ৰিয় পুৰুষ।
নয়নভৰি চাই ৰৈছোঁ মোৰ উশাহত বৈ থকা দুটি নাম।
থুপুৰ অনিমুনক।
মোৰ অনিৰুদ্ধক।
মাজৰাতি প্ৰেমিকাক এনেকৈ অকলে মাতি আনি তেওঁ নিজৰ কামনা পূৰাব বিচৰা নাই।প্ৰেয়সীৰ অবৈধ সন্তানক কোলাত লৈ তৰা দেখুৱাই থকা মানুহজনক সাৱটি ল’বৰ মন গ’ল আকৌ এবাৰ।
কিমান বিশাল মনৰ মানুহে এনেকুৱা কৰিব পাৰে?
মই বাৰু পাৰিলোঁ হেঁতেন নে?

হাতৰ কম্বলখন জোলনা খনতে থ’লো।
লাহে লাহে খোজবোৰ দি তেওঁৰ পিছফালে ৰ’লো।পিঠিত লাহেকৈ হাতখন থ’লো।

তেওঁ ঘূৰি চালে,মোক দেখি দুইখন হাত মেলি থুপু মোৰ কোলালৈ আহিল।
:ইমান দেৰি কিয় শোৱা নাই তুমি জান ?
:থুমি কিয় নাইলা, অনিমুন সাধু কৈথিলে।
:সঁচা?কি সাধু কৈছিলে?
:পৰী সাধু,তাতে মো নিথিনা এটা থুপু মাইনা আথিলে।
:ইমান ধুনু সাধু শুনিও নুশুলা তুমি?
মূৰটো জোকাৰি সি হাতেৰে মুখ খন ঢাকি দুষ্টালিৰ হাঁহি মাৰিলে।
:Shall we sit there?
:হমম ।
চাঁদৰ ওপৰৰ মুকলি ঠাইকণত বিচনা চাদৰ খন পাৰি তিনিওটা বহিলো।থুপু কুছি মুচি মোৰ কোঁচত সোমাই আছে।
:Show me.
তেওঁ মোৰ হাতৰ মেহেন্দিৰ ৰং চাব বিচাৰিলে।হাত দুখন আগবঢ়াই দিলোঁ।তেওঁ দুহাতেৰে তুলি ধৰি নাকৰ ওচৰলৈ নি মেহেন্দিৰ সুগন্ধি উজাই ল’লে।
:I love this smell.
:মোকো দিয়া।
থুপুৱেও একদম অনিৰুদ্ধৰ নিচিনাকৈ মোৰ সোঁহাত খন গোন্ধি চালে।
:ইয়াক যে লৈ আনিলে,এতিয়া আমি কি কথা পাতিম সৱ চাই থাকি শুনি থাকি মাৰ আগত কৈ দিবগৈ।
:নাই না, অনিমুন পমিজ কৈছে।
:Its a secret ,right buddy?
দুয়োটাই নিজৰ নিজৰ হাতৰ মুঠি দুটা যুঁজাই বিশেষ ভংগীমাত মেনলি টক কৰিলে।
ইস এনে চিক্ৰেট কি বুজি পায় সি।প্ৰমিজ কৰিছে আকৌ দেই।
অনিৰুদ্ধই আকৌ মোৰ বাওঁ হাতখন নিজৰ হাতৰ মাজত খামুচি ধৰিলে..
:অনন্যা,আমি একেলগে থাকিব নোৱাৰোঁ নে,আই মিন,এইবিলাক ফৰ্মেলিটি জৰুৰী নেকি?
:মোৰ কাৰণে নহয়।কিন্তু মাৰ কাৰণে,ককাৰ কাৰণে,আপোনাৰ মা-দেউতাৰ কাৰণে তো হয়?ৰাইট?
:Hmm.So, what’s your plan?
অনিৰুদ্ধৰ প্ৰশ্নবোৰ সদায় পোনপটীয়া হয়।তেওঁ চালে-বেৰে কোবাই কথা নকয়,ক’ব নাজানে।তেওঁ কি বিচাৰে ,সেইয়া স্পষ্টকৈ জনাই দিয়ে।
লাহে লাহে আমাৰ কথাবোৰ বুজি নোপোৱা হোৱাত থুপুৰ টোপনি আহিছে,সি ঘূৰি লৈ মোৰ বুকুত মূৰটো পেলাই দিলে।চুলি কেইডাল অকণমান মোহাৰি দিলেই টোপনি যাব।যিমান পাৰোঁ লাহে লাহে আমি কথা পাতিছোঁ।
:প্লেন মানে?
:মোৰ লগত থাকিবা?নে ইয়াত থাকিবা?
:Things are not that easy Anirudh.
দেউতাৰ লগত হোৱা প্ৰতিটো কথাই অনিৰুদ্ধক খুলি ক’লো।তেওঁ জনাটো দৰকাৰ।কাইলৈ যদি দেউতা আহি ইয়াত কিবা নকৰিবলগীয়া কাম কৰি দিয়েহি,তাৰ বাবে মা,ককা আৰু মোৰ লগতে অনিৰুদ্ধও সাজু হৈ থাকিব লাগিব।তেওঁ একান্ত মনে শুনি আছে।
:এইবোৰ কাৰণতে আপোনাৰ পৰা আঁতৰি আছিলোঁ,মই কেতিয়াও বিয়া পাতিম,সংসাৰ কৰিম এইবোৰ ভৱা নাছিলোঁ।মোৰ লগত থাকিলে আপুনিও বহুত সমস্যাৰ সন্মুখীন হ’ব।
:তাৰমানে কাৰোবাক ভাল পোৱাৰ আগতে গোটেই জনম কুণ্ডলী খুঁচৰি চাব লাগিব?
:খং টো নাকৰ আগতে কিয় থাকে মানে?
:Because you are talking rubbish Ananya!
অনিৰুদ্ধৰ চিঞৰ শুনি নিতাল মাৰি থকা থুপু ঠেন ঠেনাই উঠিল।আকৌ তাক গালে মুখে মৰম কৰি শুৱাবলৈ যত্ন কৰিলোঁ।

:টোপনি ভাঙি দিলে তাৰ বৰ খং উঠে।
:মোৰো তো খং উঠিছে।

হয় তো,তেওঁৰো তো খং উঠিছে।থুপুক কৰাৰ দৰেই বাওঁহাতেৰে তেওঁৰ চুলিকেইডালত আঙুলি বুলাই দিলোঁ।চকু কেইটা জপাই দিলে তেওঁ।
হাতখন টানি নি ওঁঠত লগালে।
:I can’t see you in pain Ananya. প্লিজ এইবোৰ এৰি মোৰ ওচৰলৈ গুচি আহা।মা আৰু ককাকো লৈ আহা।মোৰ একো ক’বলগীয়া নাই।কিন্তু আহা।
:সৱকে বিয়া পাতিব?
:থুপু আৰু তোমাক বিয়া পাতিম,বাকী বিলাক দহেজত আহিব।
:So mean..
মোৰ কোলাত তেতিয়া গভীৰ টোপনিত থুপু।আৰু বহু কথাই কৈ গ’ল অনিৰুদ্ধই।নিশা গভীৰ হৈ আহি আছে।ডাৱৰে ঢকা অকাশখনত ক’ৰবাত এটা দুটা তৰাহে অকলে অকলে তিৰবিৰাই আছে।জোনটোৱে ডাৱৰত লুকা-ভাকু খেলিছে।মনৰ মাজত হেঁচি ৰখা মোৰ অতীতৰ নোকোৱা কথাবোৰো কৈ দিছোঁ মন খুলি।কাৰণ এই মানুহজনৰ ওচৰত যে এতিয়া আৰু একো লুকুৱাই ৰখাৰ ইচ্ছা মোৰ নাই।নিৰ্ভয়ে উজাৰি দিব পাৰোঁ নিজক।মোৰ সন্মুখৰ পৰা উঠি আহি তেওঁ মোৰ কাষত বহিছেহি।কান্ধতে মূৰটো পেলাই শুনি আছে কথাবোৰ।পাৰ হৈ গৈছে এটি এটি পল,বুকুত বান্ধি আমাৰ তিনিওৰে একান্ত সময়ৰ মিঠা মিঠা কাহিনী।

এই নিশাটো যদি এটি শব্দ হ’লহেঁতেন,নাম থ’লোহেঁতেন ‘ভালপোৱা’।

মই সুখৰ চকুলোৰে দুগাল তিয়াইছোঁ ,আৰু অনিৰুদ্ধই মোৰ চুলিত মুখ গুঁজি বিৰবিৰাইছে ভালপোৱাৰ পুৰাতন প্ৰাৰ্থনা।
মই আজিৰ দিনটোৰ বাবেই জীয়াই আছিলোঁ।
বাওঁহাতেৰে থুপুক আৰু সোঁহাতেৰে অনিৰুদ্ধক সাৱটি ৰাখিছোঁ, মোৰ একেবাৰেই ওচৰত।
“আমাক এনেকৈয়ে ৰাখিবা,মাধৱ”
ককাৰ মাধৱ,আইতাৰ মাধৱ, থাপনাত নীৰৱে বহি কৰ্মফলৰ হিচাপ লৈ সুখ দুখ ভগাই থকা মাধৱ।

থুপুৰ বুট খোৱা ‘নমো’।
যি ৰূপতে নাথাকা তুমি ভগৱান,আজি মই তোমাক মানি লৈছোঁ।

:ইয়াৰ ঠাণ্ডা লাগিব।যাওঁ নেকি?
অনিৰুদ্ধৰ মাতত বাস্তৱলৈ ঘূৰি আহিলোঁ।থুপুক আনি বিছনাত শুৱাই দিলোঁ।
টোপোলা গাল দুখন আৰু অকণ ফুলাই শুই থকা থুপুৰ কপালত হাত ফুৰাই অনিৰুদ্ধই ক’লে
:He is the cutest baby I have ever met.
:মোৰ ল’ৰা যে।
:Oh attitude huh!
হাতখনত ধৰি দৰ্জাৰ বাহিৰলৈ টানি লৈ গ’ল।মুখত হাত দি হেঁচি ধৰিলে।তেওঁৰ হাতঘড়ীৰ চেইনডালত দুখ পাই গৈছোঁ।গোটেই ঘৰটোত অকল আমি দুটা সাৰে আছোঁ, তলৰ ডাইনিং এৰিয়াত জ্বলি থকা কম পোহৰৰ বাল্বটোৰ পোহৰকণ আমাৰ ওচৰ পোৱাহি নাই।
:So let’s make another cute baby, what say?
হাতখন মুখৰ পৰা আঁতৰাই দিয়াই নাই,মই কি কৈছোঁ কি ডাল বুজি পাব।
মই কিবা ক’বলৈ ছটফটাই থকা দেখি হাতখন আঁতৰাই দিলে।ফোঁপাই গৈছোঁ।
আঁতৰি যাবলৈ লওঁতেই আকৌ টানি আনি ৱালখন আৰু তেওঁৰ মাজত ওলাব নোৱাৰাকৈ সুমোৱাই থ’লে।
:You gonna regret so much poor girl, I am counting everything. I will take revenge..
:কি কৰিব আপুনি?
:something like this.
:ouch!
:মায়ে সুধিলে কৈ দিবা, থুপুৰ নখ লাগি গৈছিল,সেইকাৰণে ৰঙা পৰি আছে।
ডিঙিৰ কাষৰ চেক চেকাই থকা অংশটোত হাতেৰে চুই চুই খঙত তেওঁৰ ফালে চালোঁ।
:দুখ পালা।Sorry sorry, won’t do it again.

মই কিবা কোৱাৰ আগতেই মোক দুহাতেৰে তুলি আনিলে তেওঁ।
:You know what, in our family ,we carry our brides to the bed,in this way!
থুপুৰ কাষত মোক শুৱাই পাতল কাপোৰ খন গাত দি দিলে তেওঁ।
:We had a long day, now sleep.
:আৰু দুঘণ্টা পিছত উঠিবই লাগিব।
:নালাগে, শুই থাকিবা।মই মাক কৈ দিম।
:মই ভাবিছিলোঁ,কাইলৈ ৰাতিপুৱা আপোনাৰ ‘বুলেটপ্ৰুফ কফি’ মই বনাই দিম।

তেওঁ ৰাতিপুৱা শুই উঠি ব্লেক কফিত এচামুছ ঘিঁউ,এচামুছ নাৰিকলৰ গাখীৰ দি খায়।মই জানো তৰাই নোৱাৰে বনাব,তাইক এদিন কওঁতে “বুলেটপ্ৰুফ জেকেট হে থাকে” বুলি ইমান হাঁহিছিল।এতিয়া অনিৰুদ্ধই উঠিব নালাগে বুলি কৈছে যেতিয়া উঠি গ’লেও সৱৰে আগতে গালি পাৰিব।
:এদিনৰ কাৰণে লাল চাহ খাম।হ’ব?
অকণমান মুখ খন ফুলাই দেখুৱালো।তেওঁ হাঁহি দিলে।
:আপুনি নুশুৱে?
:ওহোঁ।
তেওঁ উঠি গৈ চকীখনত বহিল।আমি শোৱা চাই থাকিব।কি আচৰিত মানুহ মই নুবুজো।মই কথা ক’বলৈ মুখ মেলিলেই গালি ,চকু মেলিলেও গালি।থুপুক চপাই আনি চকু মুদি শুই থাকিলোঁ।সকলোবোৰ চোন মই মোৰ মতেই কৰোঁ, আজি এবাৰ সকলোবোৰ তেওঁৰ মতেই হওক।

একেবাৰে সৰু সৰু কৈ মাত এটা কাণত পৰিছে,তেওঁ হয়তো গান শুনিছে

“आज इबादत रूबरू हो गयी
जो मांगी थी, जो मांगी थी
उस दुआ से गुफ्तगू हो गयी
मेरे मौला, मेरे मौला
तेरा शुक्रिया”


:মাজু,মাজু, কি ছোৱালী তই।মানুহ গৈ ঘৰ পালেগৈ তোৰ শুই উঠিবৰ হোৱাই নাই।

মাৰ চিঞৰত খকমকৈ উঠিলোঁ।মোবাইলটো চাইছোঁ, চাৰে আঠ বাজিল।তাৰমানে অনিৰুদ্ধৰ ফ্লাইট গৈ কলিকতা পালেগৈ।
:Shit, shit, shit.
:তোক মই এলাৰ্ম দিবলৈ কৈছিলোঁ নে নাই।
:অনিৰুদ্ধই হে..তুমি কিয় উঠাই নিদিলা?
:মাক পুতেক দুয়োটাই নালাগে নালাগে ক’লে।আৰু ইয়াত আহি তোৰ শাহুৱে থুপুক মৰম কৰিছে, তোক মৰম কৰিছে,নাই তাইৰ সাৰ সুৰ নাই।একদম লালকাল টোপনি।
:এয়াৰপোৰ্টলৈ অকল যোগেশ দা গ’ল?
:কেলেই অকলে যাব,মই আৰু ককা গৈ ধুনীয়াকৈ আগবঢ়াই থৈ আহিছোঁ।উঠ এতিয়া,নিজৰ ফ্লাইট খনো মিছ কৰিবি এনেকৈ হ’লে।
মোৰ কাপোৰ, লেপটপ ,ছাৰ্জাৰ সামৰি সামৰি মুখেৰে ভোৰভোৰাই আছে।সেইবোৰ আগতে মই নিজেই কৰোঁ,নাইবা তৰাই কৰে,আজি মায়ে কৰিছে।

:আজি মোৰ যাবলৈ অলপো মন যোৱা নাই ।
খৰ খৰকৈ কাম কৰি থকা মাৰ হাত খন ৰৈ গ’ল।
:টিকেট কেইটা কেঞ্চেল কৰি দে।
:মা,এটা টিকেট নহয়,মোৰ, তৰাৰ,থুপুৰ।ককা তো আগতেই নাযাওঁ বুলি কৈছে বাৰু।সেইটোৰ পইচা গ’লেই।আৰু মোৰ অফিচ খুলিব ন কাইলৈ।
মাৰ মুখ খন সেমেকি গ’ল।
পিছফালৰ পৰা গৈ ওচৰতে ৰ’লো,আন মাক-জীয়েকৰ দৰে যেতিয়াই মন যায় তেতিয়াই সাৱটি ধৰিব পৰা সম্পৰ্ক এটা এতিয়াও আমাৰ হোৱা নাই।
:তুমি ককাক লৈ আহিবা আকৌ সোনকালে।
:উম।যাব লাগিব।
:মেহেন্দি চোৱা,কিমান ডাঠ হ’ল।
কালিতকৈ বেছি কাঢ়া ৰং টো মাক দেখুৱালো।মোৰ হাতখন চাওঁতে মাৰ বাওঁহাতৰ একেবাৰেই ৰং নধৰা মেহেন্দি খিনি চকুত পৰিল।
:মই এইবোৰ আগতেও নলওঁ, কালি লগে লগে ধুই পেলালোঁ।
:তুমি ৰেড নেইলপলিছ লগালেই ভাল লাগে ন।
আজিকালি আমি দুজনীয়ে কথা ক’ব জানো।শিকিছোঁ।জীৱনে শিকাইছে।

ঘৰৰপৰা ওলাই আহোঁতে আজি ককাই বেছিকৈ কান্দিলে,কিয় বা ইমান বেছি দুখ লাগিল!
থুপুক এৰিয়েই দিব খোজা নাছিল।কিন্তু মই তাক তাত থৈ আহিব নোৱাৰোঁ।মোৰ অনুপস্থিতিত মায়ে তাক ভালকৈ ৰাখিব মই জানো,কিন্তু বহুদিন মই তাৰ পৰা আঁতৰি থাকিলোঁ, এতিয়া চোন একেবাৰেই মন নাযায়।মায়ে মন ভৰাই বস্তু বান্ধি দি পঠাইছে।লগতে নতুন কাপোৰ।মাৰ যেন লৰালৰি হৈছে,মোৰ পৰা কাঢ়ি লোৱা মোৰ শৈশৱৰ সকলো সুখ,মৰম,আদৰ মোক উভতাই দিবলৈ।অপৰাধবোধে এতিয়াও খেদি ফুৰিছে মানুহজনীক।মোক লৈ ইমান বেছি ব্যস্ত,ইমান বেছি সচেতন।
আহিবলৈ ওলাওঁতে,
:এই ফটা জিনছটো আৰু স্নিকাৰযোৰ হাতৰ মেহেন্দি বেলেগ মিলিছে কিন্ত।কি অদ্ভুত ষ্টাইল জানো তোৰ।

মোহ, নতুন মোহে আমাৰ সৱকে বিচাৰি পালে,মাৰ মোলৈ মোহ,ককাৰ ঘৰখনলৈ মোহ,অনিৰুদ্ধৰ মোলৈ,মোৰ তেওঁলৈ.. আৰু আয়ুৰ..!

ফ্লাইটৰ খিড়িকীৰ ফালৰ ছিটটোত আয়ু বহিছে,মাজত থুপু,এইফালে মই।আনফালৰ খিড়িকী কাষৰ ছিটটোত তৰা বহিছে,তাই বাহিৰলৈ চাই ভাল পায়।আয়ুয়ে যিমান পাৰে মোৰ লগত কথা নপতাকৈ থাকিবলৈ চেষ্টা কৰিছে।ময়েই আৰম্ভ কৰিলোঁ।

:মই ৰিজাইন দিম।
:কেলেই?
:ককাই ঘূৰি আহিবলৈ কৈছে।
: তাৰপিছত?গোটেই লাইফটো বাপেৰৰ লগত কাজিয়া লাগি থাকিবি।মায়ে ঠিকেই কয়,সম্পত্তিয়ে ঘৰখন খালে তহঁতৰ।
বকিলে কছাৰীয়ে একো নাচায়,সৱ বকি যায়।
:তেনেহ’লে ক আকৌ কি কৰিব লাগে।
:অনিৰুদ্ধক সুধিবি।
:তই মানে মোক এনেকেই টানা মাৰিবি ন সদায়,আমাৰ ফ্রেণ্ডশ্বিপ শেষ কৰি দিলি আৰু।
সি কি বুজিলে নাজানো,মনে মনে থাকিল।
:মোৰ অলপ খেলিমেলি লাগি আছে।ঘূৰি গৈ অলপ চিৰিয়াছলি কাম কৰিব লাগিব।
:আৰু M.S ৰ কাৰণে পঢ়া কথা যে আছিল,সেইয়া ধোঁৱা চাঙত?
:নিজে বিয়া পাতিবি আৰু মই পঢ়িব লাগে?
:লাগে।মোৰ লগত সৱ কথা মিলাই নাথাকিবি।
:বিয়াৰ পাছত যদি অনিৰুদ্ধই তোক মোৰ লগত কথা পাতিবলৈ নিদিয়ে।
:মইতো পাতিমেই,কিন্তু তই যে গাৰ্লফ্ৰেণ্ড পালেই মোক পাহৰি যাৱ।
অভিমানবোৰ লাহে লাহে গলিছে,আয়ুয়ে আগৰ দৰে কথা পাতিছে।ধুনীয়া এয়াৰ হোষ্টেজ গৰাকীক বাৰে বাৰে পানী খুজি চিনাকি হৈ এতিয়া সেইটো গৈ বাথৰুমৰ ওচৰত ৰৈ কথা পাতি আছে।থুপুৰ ছিটতে টোপনি গৈছে,বাহিৰত লাহে লাহে আন্ধাৰ নামিছে।
বেংগালুৰুত নামিবলৈ আৰু বেছি সময় নাই।এয়াৰপোৰ্টত ৰৈ থাকিব অনিৰুদ্ধ।

ককা নথকা ঘৰটোত সোমাবলৈ চোন ভালেই নালাগিব।

(আগলৈ)

17 thoughts on “#আবিৰ খণ্ড (৭৫)

  1. Bohu apekhyar antot porhilu.val lagile punor apekhya kori rolu next part r babe.hunkale diboloi aji nokou.apunar fb post tu pai monto xemeki goisil ,ketiyaba moiyu hunkale diboloi request korisilu.but aru nokoru karon hokolure babe free time same nohoi.APUNI JETIYAI DIYE DIBO NISHOI APEKHYAA KORIM.

    Like

  2. 5 din holhi aru baa diya aneu tumi diya dari hale extra ke nidiya .Beya pau tumak haikarane.Aji u bahut baya paisu Iman Dil hol😞😢🥺

    Like

  3. Now reading Aabir is like a part of my life.. I keep waiting for the next part.. sometimes out of nowhere I think about Ananya, Anirudh, thupu, Aayu, koka as if they are part of my life and I know them… Aah! Can’t explain how much I love reading “Aabir” please next part tu hunkale diyok Baa… Every Sunday Abir porhibo karne roi thaku.. agote Astha aru Arnab’r babe roisilu aajikali Ananya , Anirudh, Thupu’r babe roi thaku ❤️

    Like

  4. ba porhi bohut val lage aabir please xunkal dibana eman ratiloike roi thaku xodai tumi diba porhim buli😫 ba please xunkal diba.

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s