#আবিৰ খণ্ড (৪৯)

ভীষণ ব্যস্ততাৰে পাৰ হৈছে দিনবোৰ।যোৱা বিশদিন ধৰি প্ৰায় প্ৰত্যেক দিনাই হিবাৰ সৈতে হস্পিতাললৈ যাবলগীয়া হৈছে।অফিচৰ পৰা ওলায়েই দুইজনী যাওঁ।ভিজিটিং আৱাৰ শেষ হ'বৰে হয়, যেনেতেনে পাওঁগৈ।ভায়েকৰ অৱস্থা যথেষ্ট ভাললৈ আহিছে এতিয়া।আৰু কিছুদিন পিছত হয়তো ৰিলিজ দিব।মাকক লগত লৈ আকৌ তেওঁ থকা ৰূমটোলৈ যাওঁ দুইজনী।মাকে অকলে মানুহজনীয়ে ইয়াত একো চিনি নাপায়।যাৱতীয় বস্তুখিনি আমি কিনি মেলি দি থৈ… Continue reading #আবিৰ খণ্ড (৪৯)

#আবিৰ খণ্ড (৪৮)

:I am sorry ..Anirudh.. please dont leave..কথা কোৱাৰ শক্তি যে নাই…:I will never do that..Shhhhআন্ধাৰবোৰ যেন লাহে লাহে আঁতৰি গৈছে বুকুৰপৰা।ইমান ধুনীয়া সময়ো থাকিব পাৰে বুলি মইতো জনাই নাছিলোঁ।প্ৰতিবাৰ মৰাৰ পৰা জী উঠাৰ সময়বোৰত এনে এটি মুহুৰ্তৰ সপোনেইতো দেখিছিলো।নীৰৱ, নিৰ্বাক, নিৰ্বিকাৰ সময় বোৰত ৰিণিকি ৰিণিকি বাজি থকা বাঁহীৰ সুৰ এটিৰ দৰেই এই ক্ষণৰ মধুৰতা।:ভালপাওঁ আপোনাক…… Continue reading #আবিৰ খণ্ড (৪৮)

#আবিৰ খণ্ড(৪৭)

মই নাযাওঁ আপোনাৰ লগত!:কিয়?:এনেই।:Don't make a scene here.উফ!ৰৈ থাকিলো।অলপ পাছত তেওঁ সেইখিনি পালেহি।গাড়ীৰ সন্মুখৰ দৰ্জাখন খুলি দিলে।উঠি বহিলো।ছিটবেল্ট লগাবলৈ লৈ বাৰে বাৰে পৰা নাই।কৰ'বাত লাগি ধৰিছে।তেওঁ অলপ হাউলি টানি আনিলে।নিবিচাৰোঁ ইমান ওচৰত তেওঁক।এই বিশেষ সুগন্ধি আৰু আপোন যেন লগা অনুভৱটো মোৰ বাবে যদি নতুন বিপদৰ আগজাননী হয়।তেওঁ যেন জানি বুজি অলপ বেছি চাপি আহিছে মোৰ… Continue reading #আবিৰ খণ্ড(৪৭)

#আবিৰ খণ্ড (৪৬)

দেওবাৰৰ দিনাও সোনকালেই সাৰ পালোঁ।ৰাতিটো এবাৰো ফোনটো অন কৰা নাই।কিজানি অনিৰুদ্ধই ফোন কৰে।এতিয়াও নকৰোঁ।ৰূমতে অলপ কিবাকিবি excercise কৰি গা ধুলো।আজি আয়ুৰ লগত ঘৰ চাবলৈ যাম।সেইটোক উঠাবলৈ আছেই।কুম্ভকৰ্ণৰ নাতিয়েক সেইটো।ইমান কেনেকৈ শুব পাৰে নাজানো।ফোনটো ভয়ে ভয়ে অন কৰিলো।অনিৰুদ্ধৰ সেই মেছেজটোৰ পিছত ফোন বা মেছেজ একো নাই।অলপ আচৰিত হ'লো।ফোনটো বিচনাতে থৈ ব্ৰেকফাষ্ট কৰিবলৈ ওলাই গ'লো।দেওবাৰে সদায় পুৰি… Continue reading #আবিৰ খণ্ড (৪৬)

#আবিৰ খণ্ড (৪৫)

সন্ধিয়াটো আজি যেন বেছি ভাল লগা।বৰষুণত ভিজা চহৰখনৰ এটা সুকীয়া গোন্ধ..আকাশত দেখি নোপোৱা সন্ধিয়াৰ হেঙুলীয়া বেলিটো যেন অনিৰুদ্ধৰ চকুৰ পৰা মোৰ বুকুলৈকে অহা যোৱা কৰি আছে.. তেওঁৰ ফালে চালেই চকু কেইটা সৰু কৰি নাইবা চেলাউৰী কোচাই বিশেষ ভংগীমাত আকৌ সোধে.."কোন সেই বিশেষ জন"মই উত্তৰ নিদিয়াকৈ বাহিৰলৈ চাই পঠিয়াও।এনেকৈয়ে আহি ৰূমৰ ওচৰ পালেহি..:I need an answer… Continue reading #আবিৰ খণ্ড (৪৫)

#আবিৰ খণ্ড(৪৪)

অনিৰুদ্ধ!!!মমৰ দৰে যেন গলি গলি শেষ হৈ যাব।জোৰকৈ খামুচি ধৰিছে মোক, বুকুত মূৰ থৈ সৰু ল'ৰাৰ দৰে কান্দিছে।কেনেকৈ সামৰি ৰাখিছিল তেওঁ ইমানখিনি দুখ!কেনেকৈ হাঁহি আছিল আমাৰ আগত?ঘন চুলিকোচাত হাত ফুৰাই দিওঁতে ময়ো কঁপিছোঁ।আপোন কাৰোবাক হেৰুৱাৰ দুখ মই নুবুজোঁ, কিন্ত নিজৰ আপোন বুলিবলৈ কোনো নথকা মানুহে দুখবোৰ বেছিকৈ বুজি পায়।মই তেওঁক আজি নাকান্দিব বুলিও নকওঁ।কান্দি কান্দি… Continue reading #আবিৰ খণ্ড(৪৪)

#আবিৰ খণ্ড(৪৩)

:বহাডাঙৰ হলটোৰ এটা কোণত থকা নীলা ৰঙৰ এল আকৃতিৰ চোফা খনলৈ আঙুলিয়াই অনিৰুদ্ধই কৈ উঠিল।বগা ৰঙৰ কোঠাটোৰ প্ৰায়বোৰ বস্তৱেই নীলা।বহিলো।সন্মুখৰ ৱাল খনত এটা প্ৰকাণ্ড টিভি।বহা ঠাইৰ পৰা কীটছেন আৰু ডাইনিং এৰিয়াটো দেখি থাকি।টেবুলত তেতিয়াও কালিৰ পাৰ্টিৰ কিছু স্মৃতি বিৰাজমান।তেওঁ খৰখেদাকৈ বটলবোৰ আঁতৰাই নিলে।ৰুমত কেইবাটাও ধুনীয়া ধুনীয়া indoor plant. চোফাৰ পিছফালৰ ৱালখনত বিশেষভাৱে সজাই থোৱা কিছুমান… Continue reading #আবিৰ খণ্ড(৪৩)

#আবিৰ খণ্ড (৪২)

অনিৰুদ্ধৰ চকু কেইটা জুইৰ দৰে জ্বলিছে।ঘন ঘন উশাহৰ শব্দ।টেবুলত থকা পানী গিলাছ একে বাৰতে গিলি থ’লে তেওঁ।আৰু তাৰ পাছত…উঠি আহিল নিজৰ ঠাইৰপৰা…মোৰ ওচৰলৈ, আৰু ওচৰলৈ….তেওঁৰ চকু দুটা তেতিয়াও মোৰ চকুত ৰৈ আছে, দীঘল পলক যেন জাপ খাবলৈ পাহৰি গৈছে..ভয় লাগিছে প্ৰথমবাৰ, কি হ'ব ইয়াৰ পিছৰ মুহূৰ্তত…ডিঙিটো শুকাই গৈছে মোৰ… কাণ দুখন গৰম, তেজবোৰ যেন গোট… Continue reading #আবিৰ খণ্ড (৪২)

#আবিৰ খণ্ড(৪১)

খং উঠি ৰঙা পৰি লাভ নাই, আজি দিনটো মোৰ লগতে থাকিব লাগিব।:গোটেই দিনটো কিয়?:মইতো গোটেই লাইফটো বিচাৰোঁ।তুমিহে বুজি নোপোৱা।কিনো কথাবোৰ কৈ থাকে,মোৰ ওচৰত এটাও উত্তৰ নাথাকে।কথা সলাবলৈকে ক'লো:কালি পাৰ্টি কেনেকুৱা গ'ল?:Awesome.তেওঁ নিজৰ ফোনটো মোৰ ফালে আগবঢ়াই দিলে।পাৰ্টিৰ ফটো।সৱৰে মুখত কেক।পাৰফেক্ট কৈ ফটো তোলা চেমপেইন খোলাৰ মুহূৰ্ত।তাৰ পাছত সকলোৱে গিফ্ট দিয়াৰ ফটো।সাৱটি ধৰি শুভেচ্ছা দিয়া ফটোবোৰ… Continue reading #আবিৰ খণ্ড(৪১)

#আবিৰ খণ্ড(৪০)

মোৰ চকুত চকু থৈ আকৌ এবাৰ অনিৰুদ্ধই ভালপোৱাৰ সপোন এটা গুজি দিলে।অকাশতৰ তৰাবোৰ ফুল হৈ ফুলি উঠিল।তাৰ মাজতে আইতাও আছিল।মোৰ উশাহত ভালপোৱাৰ সোঁত, এই যেন বৈ গৈছে বুকুৰ ইফাল সিফাল ৰঙা কৰি।ধুক ধুক কৰি থকা কোমল কলিজাটোত মৰমতে সৰুকৈ খুন্দা এটা মাৰি দিয়ে।:কিয় ইমান জেদ তোমাৰ অনন্যা?অনিৰুদ্ধৰ আকুল দুচকুত সামান্য বিষাদ, এসাগৰ অভিমান।তেওঁৰ হাতৰ চেপাত… Continue reading #আবিৰ খণ্ড(৪০)