#আবিৰ

আবিৰ খণ্ড (৫)


কিমান সহজেই কৈ দিলে।
ছৰী!
পাৰি নেকি এনেকেই কৈ দিব?
মই চোন নোৱাৰোঁ, মোকো চোন কোৱা নাই কোনেও!
অনিৰুদ্ধলৈ এতিয়া চাব নোৱাৰোঁ মই।চলচলীয়া চকুৰ প্ৰতি মানুহবোৰৰ দৰদ বেছি।আৰু মই আটাইতকৈ বেয়া পোৱা বস্তুটো হৈছে মোৰ প্রতি কাৰোবাৰ অহেতুক দৰদ,সমবেদনা। “বেছেৰী” , “আয়ৈ দেহি”এই শব্দবোৰ বৰ ভয়ানক।
:Its okay.
তৰ্ক কৰাৰ ইচ্ছা আৰু শক্তি এটাও নাই মোৰ।হুইলিং চেয়াৰ খন ঘূৰাই চাবলেও মন নাই। তেওঁ আৰু কিবা কোৱাৰ আগতে কাণত হেডফোন ডাল লগাই ললো। কিন্তু কিছু সময় পাছতেই টেবুলত কোনোবাই নক্ কৰিলে। উচপ খাই উঠিলো।
মোৰ পৰা সহাঁৰি নাপাই অনিৰুদ্ধ
উঠি আহিল নিজৰ ঠাইৰ পৰা,মোৰ একেবাৰে কাষতে ৰলহি।
:Hey, are you crying? What have I done man, Ananya, see I am really very sorry. Look at me.
সৰু ল’ৰা ছোৱালীক যেনেকৈ আমি মৰমেৰে বুজাওঁ, ঠিক তেনে এটি ভাৱত অনিৰুদ্ধই মোকো ক’লে। ইমান মৰম কিহৰ বাবে! এনেকুৱা মাত মই কাৰো পৰা পোৱা নাই আৰু মোৰ ভালো নালাগে।
:I am not a baby to cry over silly things.I am just tired.
:Okay,so can we talk now?Let’s go grab a cup of coffee and then we will talk.Cool?
:Nope I don’t drink coffee.
: Ananya, it’s your first day,I don’t want you to go home sad.Come.
অনিচ্ছা সত্ত্বেও উঠিলো, কিন্তু জোতাযোৰ পিন্ধিবলৈ হে কষ্ট হল। যেনে তেনে ভৰাই অনিৰুদ্ধ পিছে পিছে খোজ ললো। টিমটোৰ বাকী মানুহবোৰে আমালৈকে চাই আছে। অলপ অসহজ যেনো লাগিল।
:Anirudh, are you going for coffee?Let me join you guys.
ছোৱালীজনীৰ মাত শুনি ঘূৰি চালো। অথনি চিনাকি হওঁতে নামটো টানিয়া বুলি কৈছিল।সাংঘাটিক গ্লেমাৰাছ। এতিয়াহে চাইছো ভালকৈ। পিন্ধনত এটা ক’লা পেঞ্চিল স্কাৰ্ট আৰু বটলগ্ৰীণ কালাৰৰ ছাৰ্ট। চুটিকৈ কটা চুলি খিনি বাৰে বাৰে ঠিক কৰি থাকে।হাই হিলৰ খটখট শব্দ কৰি মোক যেন দেখাই নাই তেনে এটি ভাবত পাৰ হৈ গৈ অনিৰুদ্ধ ৰ সমানে খোজ ললে। মন কৰিলো দুয়োৰে খুব ভাল বন্ধুত্ব । কথাৰ মাজতে হাঁহি হাঁহি টানিয়াই অনিৰুদ্ধৰ বাহুত লাহেকৈ ঠেলা মাৰি দিছে, হাঁহিৰ খিল খিল শব্দৰ মাজত মোৰ উপস্থিতি যেন হাৱা হৈ উৰি গৈছে। অৱশ্যে দুয়োকে একেলগে ভালেই দেখিছে। মই হে পাছে পাছে কিয় আহি আছো এতিয়া ভাবিছো।
কাবাব মে হাড্ডী বুলি চাগে ইয়াকে কয়।
লিফট লবীটোৰ ওচৰ পাই অনিৰুদ্ধই ঘূৰি চালে।
:You don’t have to say anything Miss Ananya?
:Nope.
তাতকৈ বেছি কোৱাৰ প্ৰয়োজন নাছিল যেনেই লাগিল। মোৰ চমু আৰু পোনপটীয়া উত্তৰে অনিৰুদ্ধক অলপ হলেও আঘাট কৰা যেন লাগিল।
সন্তুষ্টি, ভীষণ ভাল লাগিল অনিৰুদ্ধৰ অভাৰ স্মাৰ্টনেছক উপলুঙা কৰি।
লিফ্টত আমি তিনিজন। দহ নম্বৰ ফ্লোৰৰপৰা গ্ৰাউণ্ড ফ্লোৰলৈকে যাব লাগিব। টানিয়াৰ কথা তেতিয়াও শেষ হোৱা নাই। অনিৰুদ্ধকহে এতিয়া অলপ অন্যমনস্ক যেন লাগিছে। লিফটখনৰ এটা কোণত আউজি মোলৈকে চাই আছে। এবাৰ চকুত পৰিলত মইহে মোৰ দৃষ্টি আঁতৰাই আনিলো, কিন্তু তেওঁ নিনিলে।
কোনোবাই এনেকৈ চালে কি কৰিব লাগে মই নাজানো। অৱশ্যেই মোক খুব কমেইহে চাগে চাই এনেকৈ। জন্মগত ভাৱে পোৱা বগা ৰং আৰু ডাঙৰ চকুকেইটাৰ বাহিৰে বাহ্যিক সৌন্দর্য একো নাই মোৰ। আৰু আজিকালি টো বাহ্যিকতাই সকলো!
নিজৰ যত্ন লোৱা কেতিয়াবা বাদ দিলো মই। টানিয়াৰ মেনিকিউৰ কৰা হাতৰ দীঘল দীঘল নখ কেইটা চাই নিজলে চাইছো। কামুৰি কামুৰি নখ বুলিবলৈ একো নাইয়েই। চিন্তা যিমানেই বাঢ়ি গৈ থাকে নখৰ আকাৰ চুটি হৈ গৈ থাকে।
এবছৰ আগতেই কটা চুলিও খিনি বাঢ়িহে গৈ আছে মাত্ৰ। কোনো আকাৰ নাই। সেইবাবে আজিও পকাই মেলি খোপা এটা বান্ধি আহিছো। নিস্তেজ মুখ খন আৰু মৃতপ্ৰায় আত্মাৰ ব্যৰ্থ জীৱন গাথা কোনোবাই পঢ়ি চাই বুলিহে চকুত কাজলৰ ডাঠ লেপ লগাই ৰাখোঁ। প্ৰসাধন সিমানেই।সেইবাবেই চাগে টানিয়াৰ দৰে ‘পাৰফেক্ট’ বিউটি এৰি অনিৰুদ্ধই মোৰ মাজত কি দেখিছে বুজিবলৈ টান হৈছে।
মৃদু শব্দ কৰি লিফ্ট খন খোল খাই গল। ওলাই আহি ৰৈ দিলোঁ। জানি বুজি আগবাঢ়িবলৈ দিলো দুয়োকে। কিন্তু অনিৰুদ্ধ এইবাৰ যেন মোক লৈহে ব্যস্ত।
কেফেটেৰিয়াটোৰ ওচৰ পাই দুই কাপ কফি অৰ্ডাৰ দি তেওঁ মোলৈ চালে।
:Ananya,Tea or Coffee?
:Tea.
:আছাম কে ল’গ চিৰ্ফ ছাই হি পি না পছন্দ্ কৰতে হে না?
প্ৰথম বাৰ টানিয়াৰ মোৰ লগত কথা।
:Mostly,we prefer tea over coffee.
:Really!You are from Assam? It’s such a beautiful place.
অনিৰুদ্ধৰ মুখত নিজৰ ঠাইৰ প্ৰশংসা শুনি ভালেই লাগিল।
: পৰ তুম বিলকুল ভী পাহাৰী নেহী লগতী। তুম্হাৰি আখেঁ ভী বড়ী হে।
What nonsense!
অসমৰ প্ৰতি এতিয়াও এইবোৰ মানুহৰ ইমান ভুল ধাৰণা। টানিয়াৰ ভূগোলৰ জ্ঞান কিমান গম পালো আৰু। কিন্তু তৰ্ক কৰিবৰ মন নগল।
: মেইন পাহাৰ’ পে নেহী ৰেহ্তী।
অনিৰুদ্ধ ই মিছিক কৈ হাঁহি এটা মাৰি মুখ খন ঘূৰাই দিলে। তিনিওটা নিজৰ নিজৰ চাহ আৰু কফি হাতত লৈ গ্লাচৰ ৱাল খনৰ দাঁতিতে লাগি থকা টেবুল এখনত বহিলো। টানিয়াৰ অনৰ্গল কথা তেতিয়াও শেষ হোৱাই নাই। বিৰক্তি লাগিলেও শুনি আছোঁ।
:So Ananya,tell me more about yourself.
কিয় জানিব খুজিছে অনিৰুদ্ধই। নে অথনিৰ ৰুক্ষ ব্যৱহাৰৰ বাবে নিজেই লাজ পাই এতিয়া মোৰ লগত সহজ হবলৈ চেষ্টা কৰিছে।
:Nothing much,I just exist.
এইবাৰ তেওঁ চকুত চকু ৰাখি উত্তৰ দিলোঁ।অনিৰুদ্ধ যেন আকৌ এবাৰ আচৰিত হল। তিৰবিৰাই থকা ধুনীয়া চকুহাল যেন প্রশ্ন ৰে ভৰি পৰিল।
:You can check out my insta profile,I am an influencer you know.Not very far from having
10k follower.
টানিয়াই একো সুযোগ নেৰে নিজৰ বিষয়ে কবলৈ।বিশেষ কৈ অনিৰুদ্ধই কিবা ক’লে পাকে প্ৰকাৰে কথাটো সলাই দিয়ে।
:Sorry,I don’t use Insta.
:Are you seriouse!
আচৰিত হৈ সুধিলে নে খঙত সেয়াহে নুবুজিলো।কিন্তু টানিয়াৰ মুখ খনৰ সলনি হোৱা ৰং চকুত পৰিল। ব্লাছ লগোৱা গাল দুখন অলপ বেছি ৰঙা হৈ পৰিল।
:I am from Indore, MP. And I am pleased to meet you today. Once again sorry for everything.
অনিৰুদ্ধই আৰু কিবা কিবি ক’ব খুজিছিল। কিন্তু তেনেতে ফোনৰ ৰিংটন বাজি উঠিল।অনিৰুদ্ধৰ কথা শেষ নহ’ল।আয়ুৰ ফোন।
:মই গ্ৰাউণ্ড ফ্ল’ৰতে আছো, কেফেটেৰিয়াত। ইয়ালেকে আহ।
ৰক্ষা। টানিয়া আৰু অনিৰুদ্ধৰ মাজত আৰু বেছি সময় থকাৰ ইচ্ছা নাই মোৰ।
অলপ সময় পাছত পিঠিত বেগটো লৈ আয়ু সুমাই আহিল।
:ব’ল ব’ল,মই নমাই দিম, আজি কেব নালাগে ল’ব।
ৰাতি অফিচৰ কেব লৈ যাব পাৰি বুলি হিবাই কৈছিল যদিও এই সময়ত মই ওলাব বিচাৰো ইয়াৰ পৰা।কিন্তু প্ৰথম দিনাই সকলোৰে আগতে গুচি যাবলৈ ভালো লগা নাই।অনুমতি লবলৈও ইচ্ছা নাই মোৰ।অনিৰুদ্ধই যেন বুজি পালে।
:You can leave Ananya, Come bit early tomorrow, we will work together on your configuration thing. And yeah, put something on that shoe bite, it must be hurting a lot. Bye.
আধা খোৱা চাহৰ কাপ টো দাষ্টবিনত থৈ ওলাই আহিলো তাৰপৰা।আয়ুয়ে একো ধৰিব নোৱাৰি কিবাকিবি কৈ পিছে পিছে আহি আছে।মই একো শুনা নাই।অনিৰুদ্ধই কিয় কব তেনেকৈ।মই দুখ পোৱালৈ চিন্তা কৰিবলৈ কোন তেওঁ।লিফ্টত সুমাই জোৰেৰে switch টিপিছো।বেগ টো লৈ আকৌ নামি আহিলো।আয়ু ৰৈ আছিল তলতে,লগত অনিৰুদ্ধ আৰু মুখত এসোপামান বিৰক্তি লৈ টানিয়া।
:Ananya.
অনিৰুদ্ধৰ মাত।
:Yes.
:Nothing, Take care.
আয়ুৰ হাতখনত ধৰি টানি আনিলোঁ।মই জানো, অনিৰুদ্ধই হয়তো এতিয়াও মোলৈকে চাই আছে।
সেই যোৰ কজলা চকুক মই মোৰ ভিতৰলৈ শিপাব নিদিওঁ, কেতিয়াও নিদিওঁ।

আগলৈ

#আবিৰ খণ্ড (৪)

গ্লাছৰ দৰ্জা খনৰ বাহিৰৰ পৰা এবাৰ চালো। ৰূম টোৰ একেবাৰে শেষৰ চকী খনত কোনোবা এজন বহি আছে। মুখ খন ভালকৈ নেদেখি। দৰ্জাখনত হাতখন দিবলৈ গৈ বাৰে বাৰে ৰৈ গৈছো।
হিবাৰ কথাষাৰ বাৰে বাৰে মোৰ কাণত বাজিছে। কিয় বা তেনেকৈ ক’লে মোক।
“Be carefull” !
যি হয় হব, বেছি ভাবি থাকি লাভ নাই।
দৰ্জাখন সামান্য ঠেলি মূৰটো সুমুৱাই চালো।
ফৰাছী পাৰফিউমৰ ফুৰফুৰীয়া গোন্ধ এটা নাকত লাগিল।
“Excuse me!May I come in?”
সোণালী ফ্ৰেমৰ চশমাৰ সিপাৰে এযোৰ গভীৰ কজলা চকুৱে মোৰ ফালে চাই পঠিয়ালে। এখন নিস্তেজ মুখ।
চাৱনিত বিৰক্তিৰ বাহিৰে আন একো নাছিল।
ব্লু ব্লেজাৰ, হোৱাইট ছাৰ্ট আৰু কফি ৰঙৰ টাইডাল যেন ব্যৰ্থ হৈ পৰিছে তেওঁৰ ম্লান পৰা মুখখন পোহৰ কৰিবলৈ।
খুব বেছি দুই ছেকেণ্ড।
তাৰ পাছত সেই চকুযোৰ আকৌ নামি গল লেপটপ ৰ স্ক্ৰীনলৈ।
মই বাৰু বেয়া সময়ত আহিলো নেকি, নাইবা কিবা নকৰিব লগীয়া কৰিলো নেকি!
কি কৰিম কি নকৰিম ভাবি ৰৈ আছোঁ মাথোঁ।
:Come in.
বছ সিমানেই।
দুৱাৰখন ঠেলি সোমাই আহিলো।
মিটিং ৰূম টোৰ ভিতৰত এখন ডাঙৰ ঘূৰণীয়া টেবুল আৰু চাৰিখন চকী। ৱালত এখন হোৱাইট বোৰ্ড লগাই থোৱা আছে। কোনোবাই বাৰে বাৰে কিবা লিখি লিখি মোহাৰি থৈছে। বাহিৰৰ তুলনাত ৰূমটোত পোহৰ অলপ কম।
মোক তেতিয়াও বহিবলৈ কোৱা নাই।লেপটপটো সাৱটি মই মাত্ৰ মানুহজনৰ সন্মুখৰ চকীখনৰ ওচৰত থিয় হৈ ৰৈ আছোঁ।
তেওঁ তেতিয়াও কিবিকিবি টাইপ কৰি আছে।মাজে মাজে ধোৱাঁ ওলাই থকা কফিৰ কাপত চুমুক দিছে, আকৌ টাইপ কৰিছে, বাৰে বাৰে হাতৰ ঘড়ীটোলৈ চাইছে,কেৱল মোৰ ফালে চাবলৈহে সময় নাই।
কাণখন অলপ গৰম গৰম যেন লাগিল। মোৰ ইতিমধ্যে খং উঠা আৰম্ভ হ’লেই। ইমান attitude মোৰ সহ্য নহয়।

:Excuse me !Mr Anirudh , right?
:Yes,and you?
:Hi I am Ananya,I joined your team today.
: Good for you.
ৰিয়েলি!
ইমান attitude !
খঙে চুলিৰ আগ পাইছেগৈ, আৰু সহ্য কৰিব নোৱাৰি।
:Actually Suresh sent me to you.Will you please help me with my initial configuration?
: Don’t you see I am busy.Go and tell your manager , I am not available to entertain everyone ok?
ইমান বেয়া ব্যৱহাৰ!
তাকো প্ৰথম দিনাখনেই।
খং এটা উঠি আছিল, এতিয়া দুখো লাগিছে। নিজকে কি বুলি ভাবিছে নাজানো।
মইও কিন্তু এৰি নিদিওঁ।
: That’s not my problem Sir.So just stop nagging in front of me.
যি মুখত আহিলে কৈ দিলোঁ।
কথা শুনি তেওঁ চকীৰ পৰা উঠি থিয় হল। হাতত লেপটপটো লৈ দপদপাই ওলাই গল। যাওঁতে মাথোঁ কৈ গল।
:We gonna sort this out later.
হঠাৎ কি হৈ গ’ল, মই যেন বুজিয়েই নাপালোঁ। প্ৰথম দিনটোতেই ইমান বেয়া হৈছে মোৰ লগত। খঙত কি কৰোঁ কি নকৰোঁ লাগিছে। চকী এখন টানি বহি পৰিলো। এইবোৰ কেৱল মোৰ লগতেই কিয় হয়।অকণমান শান্তি লিখা নাই নে মোৰ বাবে।একো কামেই কিয় চিধাকৈ নহয় মোৰ জীৱনত।
চকুকেইটা জপাই দিলো।
পিছে কিমান দেৰি এনেকৈ বহি থাকিব পাৰিম। কিবা এটা কৰিব লাগিবই। হিবাৰ নাম্বাৰটোত ফোন কৰি তাইক মাতি পঠিয়ালো। অলপ সময় পাছত তাই আহিলে।
মোৰ লগত কি হল গোটেই খিনি কথা তাইক কলো।
কথাবোৰ মন দি শুনি তাই মাত্ৰ কলে।
: আজ সুবহ্ ছে অনিৰুদ্ধ্ এইছে হি বিহেভ্ কৰ ৰহে হে। উনকা অ’ৰ সুৰেশ কে বীচ্চ বেহেচ্ ভী হোৱা হে। I think he is very upset and angry today. But otherwise he is a very good guy. “

কিন্তু মোৰ কি দোষ। মই কি কৰিলো। মোৰ লগত এনে ব্যৱহাৰ কিয় কৰিব।
:I will help you Ananya, it’s okay.
হিবাই যি পাৰে সহায় কৰিলে যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে। দুই জনীয়ে বহুপৰ যুঁজি যুঁজিও নোৱাৰিলো। ইতিমধ্যে গধূলি হওঁ হওঁ। ঘড়ীটোলৈ চালো, সাত বাজিব ৰে হল।।
মোৰ যেন কোনো কামেই ভালকৈ নহয়। মনটো বেয়া লাগিল। হিবা তাইৰ নিজৰ কাম কৰিবলৈ গুচি গল।
মইও পানীৰ বটলটো লৈ কেফেটেৰিয়াটোৰ ফালে আগবাঢ়িলো।
কিন্তু কি আচৰিত!
তাত ধুমধাম ৰে কাৰোবাৰ বাৰ্থডে চেলিব্ৰেট হৈছে আৰু সকলোৰে মাজত সেইয়া হাঁহি মুখেৰে অনিৰুদ্ধ।
মানুহৰ মন নে চৰকাৰৰ নীতি!
মিনিটে মিনিটে সলনি হয় যে!
মানুহৰ জুমটোৰ কাষেদি পাৰ হৈ গৈ পানী ভৰালো।
সোনকালে ওলাই যাব পাৰিলেই হ’ল।

:So,Miss Ananya,shall we talk now?
মূৰ তুলি চালো।
অনিৰুদ্ধ।
চছ্মা যোৰ নাই।
অথনিৰ বিৰক্তিৰ অলপো চিন নাই চকুত।
সঁচা কথা কবলৈ অলপ অনুশোচনা হে দেখিবলৈ পোৱা যেন লাগিল।

কিন্তু ইমান সহজে হাৰ মনা মানুহ মই নহয়।
:No,I am leaving for home now.
:What about your software configuration? What should I tell to your manager?
মন গৈছিল বটলৰ পানী খিনি মুখলৈকে মাৰি দিম।
কিন্তু নোৱাৰি কৰিব।গোটেই দিনটোত তেওঁৰ সময় নহ’ল, এতিয়া মই যাবলৈ ওলোৱাত তেওঁৰ সময় হ’ল।
:I am not available to entertain everyone,specially after such a terrible day, ok?
কৈয়ে গুচি আহিলো সেইখিনিৰ পৰা। খোজ কেইটা বেছি খৰ কৰি নিজৰ ঠাই পালোহি। উশাহটো দীঘলকৈ টানি এবাৰ চাৰিওফালে চালো। টিমৰ কোনো মানুহ ঘৰলৈ যোৱা নাই। মই যাব পাৰিম নে নাই বাৰু?
হিবালৈ মেচেজ কৰিলো।reply আহিল, ন বজাৰ আগত কোনো নাযায় ঘৰলৈ।
আকৌ নিজৰ চিটত বহি থাকিলো।
সময়বোৰ কিবা নেযায় নুপুৱাই নিচিনা লাগিছে আজি মোৰ। ইফালে নতুনকৈ কিনা ফৰ্মেল জোতাযোৰে ভৰি কাটি শেষ কৰিলে। ইফালে সিফালে চাই কোনেও নেদেখাকৈ জোতাযাৰ খুলি দিলো। গোৰোহা দুইটা ফুলি ৰঙা পৰি আছে। তেজ ওলাই আহিব অলপ দেৰি আৰু পিন্ধি থাকিলে। হাতেৰে চুই দিলত বিষে মূৰত ধৰি গ’ল।
খঙত নে বিষত নাজানো, চকুকেইটা সেমেকি আহিল, কেতিয়াবা মোৰ কিয় এনেকুৱা হয় ময়ো নাজানো। হাজাৰ ধুমুহা শুকান চকুৰে চাই ৰোৱা মানুহজনী কেতিয়াবা সৰু কথাতে চকুলো টুকো।
আঙুলিৰে চকুৰ কোণত টিপি ধৰিলো।

এনেতে মোৰ কাষৰ চিট টোত কোনোবা আহি বহিলহি। জোতাযোৰ লাহেকৈ ডেক্স খনৰ তললৈ থেলি দিলো।
: I am sorry Ananya, really very sorry!
মোৰ সৈতে একেটা কিউবিকলত সেইজন মানুহ, অনিৰুদ্ধ!

(আগলৈ)

#আবিৰ খণ্ড (৩)

চিৰিকেইটা কোনোমতে বগাই আহি ৰূম পালোহি। দৰ্জাখন খিলি লগোৱা আছিল।
এবাৰ নক্ কৰোতেই খুলি দিলে।
:হাই, আই এম হিবা, আপকা ৰুমমেট।
এমোকোৰা হাঁহিৰে সাদৰ সম্ভাষণ।
হিবাৰ পিন্ধনত এযোৰ হাত দীঘল চুৰিদাৰ, মূৰত এখন হিজাব।
প্ৰথম দেখাতেই আপোন যেন লগা এখন মৰমলগা মুখ। নিজে যদিও হাহিঁব নাজানো কোনোবাই হাঁহি থাকিলে মোৰ খুব ভাল লাগে। আমাৰ ঘৰত এই বস্তুটো বৰ আপুৰুগীয়া আছিল।
:হাই, আই এম অনন্যা।
ক’ত ঘৰ কি কথাৰে চমু পৰিচয় হোৱাৰ পাছত ফ্ৰেছ হ’লো। প্ৰথম চিনাকিতে বুজি পালো হিবাই কিমান কথা কয়। মোৰ ভাগৰ লাগিছে যদিও তাইৰ কথাবোৰ শুনি আছো। আয়ুৰ লগত দুটা এটা কথা পতাৰ বাহিৰে মোৰ কবলগীয়া বা শুনিবলগীয়া একো নাথাকেই। কিন্তু হিবাৰ কথাবোৰ, কথাৰ লগত বাৰে বাৰে সলনি হোৱা তাইৰ মুখৰ অভিব্যক্তি, দক্ষিণ ভাৰতৰ বিশেষ সুৰত কোৱা হিন্দী, সকলো ভাল লাগিছে।
হিবাই একেটা কোম্পানীতে আজিৰপৰা তিনিমাহ আগতে জইন কৰিছে। মেংগালোৰৰ সাগৰৰ পাৰৰ ধুনীয়া ঠাইৰ ধুনীয়া ছোৱালী হিবা।
:আপ নে কুছ খায়া?
:নেহী।
:আয় য়’, মে ঘৰ ছে বিৰিয়ানি লায়ি হুঁ, আপ খায়েংগী?
:অ’ কে।
হিবাই টিফিন বক্সটো আগবঢ়াই দিবলৈ লৈ আধাতে ৰৈ গ’ল।
:ক্যা হুৱা?
:আপ কা আজ জব লগ গয়া হে ফিৰ ভি আপ ইতনা উদাস হ’, কুছ হোৱা হে ক্যা?
:নেহী, মে’ খুছ হুঁ। Just a little bit of tiredness.
:ঠিক হে আপ্ খানা খা কে আৰাম কৰ ল’। মে’ আন্টি ছে মিল্ কে আতি হুঁ।

সৰু বিচনা খনত পৰি চকু কেইটা বন্ধ কৰি দিলো। মনৰ ভিতৰত খুন্দিয়াই থকা কথাবোৰে অাৰু বেছিকৈ আমনি কৰিছে এতিয়া। অাৰু কিমানদিন এনেকৈ জীয়াই থাকিম ময়ো নাজানো। কিন্তু মৰিবলৈ সাহস বা দুঃসাহস যিয়েই নকওক মোৰ নাই।
আৰু মৰি থাকিলে নো কাৰ কি ক্ষতি হ’ব।
আচলতে কথাবোৰ এনেকুৱাই।
মৰি নোযোৱালৈকে সকলো অকলশৰীয়া।
মৰাৰ পিছত কিছুদিনলৈকে আপুনি আপোনাৰ চিনাকি মানুহবোৰৰ চছিয়েল মেডিয়াত বৰ বিশেষ মানুহ হৈ পৰে।
এক কথাত ক বলৈ গলে আপোনাৰ মৃত্যুৰ বাতৰি চছিয়েল মেডিয়াত ট্ৰেণ্ড কৰে, কোনোবাই নিজৰ কোমল অন্তৰৰ বিষয়ে এহালিচা লিখে, কোনোবাই ভগৱানে দোষ ধৰিব বুলি RIP লিখি দায়িত্ব সাৰে, আৰু মোৰ নিচিনা মানুহবোৰে একো নিলিখে।
কাৰণ আমি ভালকৈ জানো, নিজক মাৰি পেলাবলৈ হলে নিজৰ ওচৰত মানুহ কিমানবাৰ হাৰিব লাগে।
মূৰৰ বিষটো যেন এই কথাবোৰে আৰু দুগুণ কৰি তুলিলে।গাৰুত মুখ খন জোৰ কৈ হেঁচি ধৰি শুই থাকিলো।

অফিছৰ প্ৰথম দিন। হিবা আৰু আয়ুয়ে দিয়া উপদেশ অনুসৰি সম্পূৰ্ণ ফৰ্মেল কাপোৰ পিন্ধি নটা বজাতে অফিচত উপস্থিত হ’লো। On boarding প্ৰক্ৰিয়টো যথেষ্ট দীঘলীয়া। প্ৰায় তিনি চাৰি ঘন্টা সময় HR ডিপাৰ্টমেন্টৰ কাম বিলাকতে পাৰ হ’ ল।
ঠিক চাৰে বাৰ বজাত লান্স ব্ৰেকত আয়ুৰ লগত খাবলৈ ওলাই আহিলো।
:প্ৰজেক্ট কি দিব কৈছে নাই?
:নাই কোৱা। ট্ৰেইনিং নিদিয়ে বুলি কৈছে। Self learning অৰ কাৰণে পোন্ধৰ দিন সময় দিব।
:ঠিকেই আছে।
:আয়ু, ককাক লৈ আহিম মই।
:ৰাখিবি ক’ ত?
:ভাড়াঘৰ বিচাৰিম নেক্সট মাহৰ পৰা।
:তই এটা দিন এইবোৰ নভবাকৈ থাকচোন। আইচ ক্ৰীম খুৱাম তোক ব’ল।
মোৰ চিন্তাৰ পাহাৰৰ এচপৰা মাটি খহাবও নোৱাৰে এইবোৰে। আইচ ক্ৰীম কেৱল আয়ুৰ কথা ৰাখি খাবলৈ গ’লো।

সকলো যাৱতীয় কাম শেষ কৰি resources manager গৰাকীৰ কথামতে তেওঁৰ লগত ১০ নম্বৰ মহলালৈ উঠি গ’লো। তাৰেই এটা প্ৰজেক্টত মোক allocate কৰিছে ।দহটা মহলৰ অফিছটোত সকলো মানুহ ইমান ব্যস্ত। প্ৰথম বাৰৰ বাবে অলপ ভয় লাগিল।মই যদি ইয়াতো সফল হ’ব নোৱাৰোঁ!
বিফলতা মোৰ আজন্মৰ সহচৰ।

:Ananya, meet your project manager A. K Suresh. And Suresh, she is our new joinee Ananya.
কৰমৰ্দন কৰিবলৈ হাতখন আগবঢ়াই দিলো। হাহিঁ মুখেৰে মোক আদৰণি জনালে সুৰেশে।
:Nice to meet you Ananya. Let me introduce you to the team.
:Pleasure is all mine sir. Thank you.
:You can call me Suresh. Here we don’t use Sir, Mam and all. Okay?
:Okay Suresh.
মোতকৈ বয়সত প্ৰায় দুগুণ ডাঙৰ মানুহ জনক নাম কাঢ়ি মাতিবলৈ ভাল নালাগিল। কিন্তু ইয়াত কোনেও কাকো ছাৰ বা মেডাম বুলি নকয়। বয়সৰ ব্যৱধান বা পদমৰ্যাদা চাই ইয়াত কোনেও কাকো সন্মান নিদিয়ে।
IT sector অৰ আটাইতকৈ ভাল লগা দিশ এইটোৱে। ইয়াত সকলো সমান।

গ্লাছৰ দুৱাৰখন খুলি সুৰেশৰ পিছে পিছে সোমাই গ’লো। বুকুৰ ধপধপনি অলপ বাঢ়ি যোৱা যেন লাগিল। গোটেই ফ্ল’ৰটোত অসংখ্য কিউবিক’ল। ইমান মানুহ থকা সত্বেও একেবাৰে নিস্তব্ধ। কম্পিউটাৰ কি বোৰ্ডৰ খটখট শব্দ আৰু কিছুমান অস্ফুট গুণ গুণ শব্দৰ বাহিৰে একো শুনা নাপায়। গৈ গৈ একেবাৰে শেষৰ কিউবিক’ল এটাত গৈ ৰ’লো।
:This is your cubicle, this is your seat and they are your team mates. Guys please come close to welcome our new team mate Ananya.
সুৰেশৰ কথা শুনি ওচৰৰ কিউবিক’ল কেইটাৰ পৰা প্ৰায় বাৰ জনমান মানুহ উঠি আহিল। তাৰে দুজনী ছোৱালী আৰু এটা ল’ৰা প্ৰায় মোৰ বয়সৰে, দুগৰাকী বিয়া হোৱা মহিলা, আৰু বাকীকেইজন চিনিয়ৰ যেন লাগিল।
সকলোয়ে নিজৰ নিজৰ চিনাকি দিলে যদিও কাৰো নাম মনত নৰ’ল। অলপ নাৰ্ভাছ হৈছো যেন লাগিল।
মাত্র যিমান পাৰি সহজভাবে নিজৰ চিনাকি দি গৈছো।
: I have a meeting now,where is Anirudh?
:He is preparing for the demo Suresh, in that meeting room.
:Ananya, you take your laptop and directly go to Meeting room 101.Tell him that Suresh has sent you and he will help you with the software configuration. Have a good day.
:Thank you Suresh.
হাতত লেপটপটো লৈ মিটিং ৰূমৰ ফালে খোজ ল’লো। এনেতে কোনোবাই দৌৰি আহি মোক পিছফালৰ পৰা মাতিলেহি। ঘূৰি চাই দেখো, হিবা।
: Ananya, we are in same team.
:is it?
:হাঁ, মেইনে দেখা আপকৌ সুৰেশ কে সাথ,মেৰা আভি টেষ্টিং টিম মে কাম দিয়া হে, আপকৌ দেভেলপ্মেন্ট ৱৰ্ক দেংগে শায়দ্।By the way, where are you going now?
: Suresh sent me to meeting room 101,to meet Anirudh.
:Anirudh?
:Yes.
:Okay,be careful.
কৈয়ে হিবা আঁতৰি গ’ল।
মই হে একে ঠাইতে ৰৈ গ’লো।
কেয়াৰফুল!
কিন্তু কিয়?

#আবিৰ খণ্ড (২)

অফিচ বিল্ডিংটোৰপৰা ওলাই অহাৰ আগতে এবাৰ নিজৰ চাৰিওফালে চালো।
কোনোবা খুব সুখী, কোনোবা দুখী ।
হাহিঁছে, কান্দিছে।
পোৱা নোপোৱাৰ খন্তেকীয়া হিচাপ, কাইলৈ কি হ’ব নেদেখা জীৱনটোক লৈও মানুহৰ কিমান পৰিকল্পনা, কিমান হেপাঁহ।
কাৰ বাবে কৰে মানুহে হিচাপবোৰ?
এমুঠি অন্ন, এডোখৰ বস্ত্ৰ নে “মোৰ সকলো আছে” বুলি ভাবিব পৰাকৈ এটা পানীৰ নিচিনা সপোন দেখিবলৈ।
হয়, পানীৰ নিচিনা সপোন, আকাৰ নাই, ৰং নাই, কিন্তু ই থাকে, যাৰ পাছে পাছে জীৱনবোৰ দৌৰি থাকে।
মৰা মানুহে বাৰু সপোন দেখেনে? যদি নেদেখে আধৰুৱা সপোনবোৰ ক’লৈ গুচি যায়।
পৰম সুখক চোন মানুহে স্বৰ্গ সুখ বুলি কয়।
যদি মৃত্যুৰ পাছত স্বৰ্গ প্ৰাপ্তি হয়, তেন্তে তাৰ পাছত মানুহে কি সপোন দেখে?
স্বৰ্গ প্ৰাপ্তিৰ পাছতো হেঁপাহ থাকেনে আন কিবা প্ৰাপ্তিৰ???

উফ্, আৰু বেছিদেৰি ইয়াত থাকিলে ময়ো সপোন দেখিম।
যিমান পাৰি সোনকালে ইয়াৰপৰা যোৱা ভাল। কেব্ এখনকে মাতিবলৈ লৈ আয়ুৰ মেছেজ পালো।
“মই আৰু বসন্তী আহি আছো, কেব ল’ব নালাগে”
বসন্তী। কাৰোবাৰ আওপুৰণি স্কুটি এখন কিনিলে আয়ুয়ে, নামে দিছে বসন্তী।
নালাগে বুলি নকলো। কৈ লাভ নাই বুলি জানো। ওলাই আহি গেইটৰ সন্মুখত বহিব পৰা ঠাই অকণ চাই বহিলো।
“ওলাই যা মোৰ ঘৰৰপৰা, বাহিৰ হ। এইক মই আজি মাৰিয়েই পেলাম।”
কথাবোৰ কাণত এতিয়াও বাজে, বুকুত খুন্দিয়াবহে নোৱাৰে।
অন্তৰ খন বন্ধ কৰি থোৱা বহুদিন হ’ল, মগজু হে খোলা ৰাখিছো,দুনীয়াৰ লগত মোকাবিলা কৰিব পৰাকৈ, সকলো সময়তে, সকলো পৰিস্থিতিতে।
কিন্তু…..

ফোনৰ স্ক্ৰীণত নাম্বাৰটো উলিয়াই লৈ বাৰে বাৰে ৰৈ গৈছো। এৰি অহা দিনৰ স্মৃতি বোৰ আজি যেন বেছি সতেজ হৈ ঘূৰি আহিছে মোৰ ওচৰলৈ। ডায়েল কৰিবলৈ মনে ক’লেও মগজুৱে বাধা দিছে মোক।
কিন্তু এখন অসহায় মুখে মোক ৰাতি দিন খেদি ফুৰে।
অপৰাধবোধে মোক কোঙা কৰে।
সেই মুখখন পোহৰাবলৈকে মই আকৌ এবাৰ নাম্বাৰটো ডায়েল কৰিলো।
:হেল্ল’
:হেল্ল’
:মাজু..
:তৰা, ককাক ফোন দে।
:মাজু, তই ইমান দিনৰ মূৰত
সিফালৰ পৰা তৰাৰ থুকা থুকি মাত।
কিন্তু এইবোৰে মোক আজিকালি চুবই নোঁৱাৰে চোন।
“কাৰ ফোন?”
গলগলীয়া মাতটো কাৰ বুজিবলৈ বাকী নাথাকিল। তৰাৰ মাত হৰিল। কিন্তু ময়ো কথা নপতাকৈ নেৰোঁ।
:তৰা, ককাক ফোন দে।
:চাৰে গালি…
:ককাক ফোন দে বুলি কৈছো দে। লাউড স্পিকাৰ অন কৰ।
:তই কেলেই এনেকুৱা মাজু?
তৰাৰ হাতৰ পৰা ফোনটো কোনোবাই থপিয়াই নিয়া যেন লাগিল। অলপ সময় কাৰো মাত নাই।
:মাজু, কি কাৰণে ফোন কৰিছ?
মা!
ফোন কৰাৰ কাৰণে বেয়া পাইছে। নাইবা ভয় খাইছে দেউতাই গম পোৱাৰ কাৰণে।
গোটেই জীৱন মিছাৰ মাজতে পাৰ কৰিছে তেওঁ। গতিকে প্ৰশ্নটো শুনি ময়ো আচৰিত হোৱা নাই।
:ককাক ফোন দিবানে?
:কিয় লাগে সেইটো ক।
:মোৰ মুখ খুলিলে কোনো শান্তিত থাকিব নোৱাৰিবা কৈ থ’লো মই। মোৰ খং উঠাই নলবা এতিয়া। বহুত কথা মইও ক’ব পাৰোঁ। ককাক ফোন দিয়া।
কথাখিনি মাক ক’ লেও দেউতাৰ বাবেহে আছিল, আৰু তেওঁ যে শুনি আছে সেইয়া মই জানো।
এইবোৰৰ শেষ নাই ।
জেদ অহংকাৰ আৰু স্বাৰ্থপৰতাই গোগ্ৰাসে গিলিলে আমাৰ জীৱনবোৰ। কিন্তু কাৰো ভ্ৰুক্ষেপ নাই।
এইটোও আচলতে এটা নিচা, প্ৰতিদিনে কাৰোবাৰ প্ৰতি ঘৃণা কঢ়িয়াই লৈ ফুৰাৰ নিচা, “মই সকলো ফালৰ পৰাই শুদ্ধ” বুলি ভাবি আত্মসন্তুষ্টি লোৱাৰ নিচা, সমাজৰ আগত নিজকে আনতকৈ বেলেগ বুলি ভবাৰ নিচা।
আস্, বৰ বেয়া নিচা এইবোৰ।
পিছে লাগিল যেতিয়া সহজে আতৰি নাযায়। থাকিব।
মানুহবোৰ তিলে তিলে মৰি গলেও এই ৰাগী লাগিলেই থাকিব।
:গোসাঁনী অ’, কেতিয়া আহিবি আই, মাতটো শুনো, কিবা এটা কচোন।
কিমানদিন!
শিল এচপৰাই ডিঙিটো খুন্দা মাৰি ধৰিলে।
ককা বুলি মাতিবও নোৱাৰা হ’ লো।
:মোকো নামাত নে, মাজু অ’।
:ভালে আছা?
:কেলেই গুচি গলি আই, গুচি আহ ,গুচি আহ, মই আছো নহয়।
:ককা, মই ভালে আছো।
:মই যে ভালে নাই, মোকো লৈ যাবি তোৰ ওচৰলৈকে। মাজু, শুনি আছনে?
:চাকৰি এটা পালো, লৈ আনিম তোমাক। আহিবানে?
:…
:হেল্ল
:ভালেই হব লৈ যাবি, বুঢ়াৰ আল পৈচান ধৰিবলৈ মোৰ সময় নাই।
কাটি দিলে ফোনটো।
মাক মই কেতিয়াও ভাল পাব নোৱাৰিম,কেতিয়াও নোৱাৰিম।
সমাজৰ আদৰ্শ মহিলাগৰাকীৰ কুৎসিত মুখ খন চিনি পাওঁ মই, বেয়া পাওঁ মই, সাংঘাটিক বেয়া পাওঁ ।
আচলতে ভাল পাবলগীয়া একো নায়েই, তাত মোৰ দোষ কি!

:ব’ল ব’ ল, উঠ।
আয়ু কেতিয়া আহি ৰ’লহি গমেই নাপালো। পিঠিত বেগটো লৈ তাৰ পাছফালে বহিলো। ডিয়’ আৰু ঘামৰ অকটা গোন্ধ এটা নাকত লাগিলহি।
: কেইদিন গা নাই ধোৱা?
:হিচাপ নাই ৰখা, তিনিদিন মান হ’ল। গোন্ধ যে নাই আৰু, ডিয়’ লগাইছো তো।
:লেতেৰা কেলেই ইমান তই!
:চাৰ্ট পেন্ট কেইটা গধূলি দি দিম ধুই দিবি দেই।
:মোক পগলা কুকুৰে কামুৰিছে নেকি?
:তহঁতৰ পিজিত ৱাচিং মেচিন আছে কাৰণে হে কৈছো। দিবি দেই।
:চাকৰ পাইছ মোক?
:নাম, এতিয়াই নাম। মোৰ বসন্তীত উঠি মোকেই দম।
: হ’ব যা, দি দিবি। ধুই দিম বাৰু। ইস্ত্রি কিন্তু নকৰোঁ এতিয়াই কৈ থৈছো।
:অ’ক্কে।
সেইটোৰ লগত চুপটি মাৰি মাৰি ৰূম পালোহি। মই থকা পিজিটোৰ পৰা দুটা বিল্ডিং এৰি আয়ুহঁতৰ ৰূম। আয়ু আৰু সমীৰ থাকে তাত। মোৰ ৰূমত বৰ্তমান মই অকলে। ইয়ালৈ অহা মাত্র দুটা সপ্তাহ হে হৈছে। ৰূম মেইট দুয়োজনী ঘৰলৈ গৈছে।
আজি এজনী ঘূৰি অহাৰ কথা।
: বিশটকা দে।
নামিয়েই এইটোক পইচা লাগে।
:কিয়?
:তই নবনাও কলি ন মাংখ টো, মই নিজেই বনাম। নহৰু নাই। কিনি নিব লাগে। দে পইচা।
:তোৰ ওচৰত বিশ টকাও নাই?
: মই ধনী মানুহ, খুচুৰা নাৰাখো নহয়।
পইচা টো লৈয়েই আয়ু গুচি গ’ল। ৰূমৰ ফালে খোজ ললো।
মন, শৰীৰ একেবাৰেই ভাগৰুৱা।
(আগলৈ)

#আবিৰ খণ্ড (১)

কিমান অকলশৰীয়া হলে মানুহৰ মৰিবলৈ মন যায়?
কিমান দুখ পালে জীৱনত সুখ বিচাৰি হাহাকাৰ কৰিবলৈ মন নাযায়?
কিমান কান্দিলে মানুহৰ কেতিয়াও হাঁহিবলৈ মন নাযায়?
এইবোৰ প্ৰশ্নই মোক অহৰহ খেদি ফুৰে।
আৰু উত্তৰ বিচাৰি নাপাই মই নিজৰ ভিতৰখন খান্দি খান্দি শেষ কৰোঁ।
মোৰ আত্মাৰো কান্দোন মই শুনিব নিবিচাৰোঁ। সেইবাবে শামুকৰ খোলাৰ দৰে আন্ধাৰ এখিনিৰ মাজত সোমাই থাকোঁ মই।
কোনেও নেদেখে মোক, আৰু মইও নাচাওঁ অচিনাকি মুখবোৰক।

: Miss Ananya, are you allright?
লানি নিছিগা চিন্তাৰ ঢৌবোৰৰ মাজত কেতিয়া সোমাই পৰিলো নিজেই গম নাপালো।

:Oh, I am sorry Sir. Yeah I am fine, absolutely fine.
:Could you please tell me more about yourself?
আটাইতকৈ বেয়া পোৱা প্ৰশ্ন এইটোৱেই। সৱ ইন্টাৰভিউতে সোধে।নিজে নিজৰ কথা কৈ বেয়া পাওঁ। কিন্তু উপায় নাই,ক’বই লাগিব।
:Myself Miss Ananya Goswami, I am from Assam. I have completed my B.E in Electronics and telecommunication last year.
বচ্, হৈ গল আৰম্ভ, কত পঢ়িছিলো, কি পঢ়িছিলো, কি কি লেটেষ্ট টেকনলজি জানো, হবি কি, ইত্যাদি ইত্যাদি।মানুহজনৰো চাগে জানিবলৈ একো আগ্ৰহ নাই, কিন্তু নিয়ম মাফিক সুধি আছে, হাতত মোৰ বায়’ডাটা খন আছেই। ভাটৌৱে মতা দি মইয়ো মাতি গৈছো
:Sir, I am a very quick learner, and a very good team player.
কৈয়ে আছো, নিজৰে আমনি লাগিছে।
কলেজৰ পৰা ওলাই চাকৰি বিচাৰি হাবাথুৰি খাইছো। নোপোৱা নহয়, পাইছো, কিন্তু নিজে বিচৰা ধৰণৰ নহয়। কৰবাত যদি কাম ভাল নহয়, কৰবাত ঠাইখন। পুণে বা হায়দৰবাদ যোৱাৰ ইচ্ছা একেবাৰেই নাই মোৰ।হে প্ৰভু, আজি কিবা এটা কৰি মিলাই দিবা আৰু।
:Thank you Miss Ananya. Please go to the Panel 8 for the next technical round.
অফ কেম্পাছত চাকৰি পোৱা ইমান সহজ নহয়, হাজাৰ হাজাৰ কেন্ডিডেট। তাৰ মাজৰ পৰা এশ মান হে বাছিব। পৰৱৰ্তী ৰাউণ্ডৰ আগতে আকৌ এবাৰ ভগৱানক ভাবি লৈছো।
:Come in Miss Ananya.
মূৰ তুলি চালো, গোটেই দিনটোত লগ পোৱা প্ৰথম জন মানুহ যিয়ে মোক এনেকৈ হাঁহি মাৰি সম্ভাষণ জনাইছে। ভয়টো অলপ কমিল।
মোৰ প্ৰজেক্টৰপৰা আৰম্ভ কৰি লেটেষ্ট টেকনলজি, ইকনমিক ব্ৰেকডাউন সৱ সুধিছে। কিছুমান পাৰিলো, কিছুমান নোৱাৰিলো। ওলাই আহিবৰ সময়ত তেখেতে কলে
:You can wait outside. Will call you again.
অপেক্ষাৰ এই সময় খিনি বৰ অশান্তিকৰ। ৰুমটোৰপৰা ওলাই আহি বাহিৰৰ বিশাল ছোফাখনত বহিলো। মোৰ দৰেই আৰু বহুত লৰা ছোৱালী অপেক্ষাৰত। ৰাতিপুৱা লালচাহ একাপ খায়েই ওলাই আহিলো। শনিবাৰ যদিও ট্ৰেফিক আছিলে, খাবলৈ সময়ে নাপালো। পুৱা ৮ বজাৰ পৰা এতিয়া দেৰ বজালৈকে ইটোৰ পিছত সিটো ৰাউণ্ড, ভোকত পেটটো কলমলাই গৈছে। কেফেটেৰিয়াত গৈ কিবা এটা খাই লওঁ বুলি উঠি গলো। বেগতে ফোনটো ছাইলেন্ট কৰি সুমুৱাই থোৱা আছে. উলিয়াই দেখোঁ বাৰটা মিছদ্ কল। কাৰ হব আৰু, আয়ুৰ, মানে আয়ুস্মানৰ।

: মাথা টো খাই হে এৰিবি মানে ন?
: বহুত ইম্পৰটেন্ট কথা আছে। ইম্মান ফোন মাৰিছো, উঠাব লাগে বুলি নাজান?
: আয়ু, মই ইন্টাৰভিউ দি আছিলো বুলি জান নে নাই তই?
: তইতো এনেও পাবিয়েই ন। তই মোত্চে চোকা আছ। ময়েই যদি পালো সেইটো কোম্পানিত, তই কেলেই নাপাবি।
: মোত্চে নহয়, মোতকৈ।
: বাদ দেয়া না সেইচৱ।মেইন কথা গাহৈ মাংখ টো বনাই দিবি হাঁ।
: কাম নাই আৰু মোৰ! বাই দা ৱে, গাহৈ নহয় গাহৰি আৰু মাংখ নহয় মাংস।
: তই কি বানান কৰি কৰি মাংখ খাৱ নেকি?
: ধেই এইডাল ফোন থ।
:নথবি ৰ।
:কি হ’ল?
:কিবা খালি নাই তই?
ফোনটো হাতেৰে চেপি ধৰিলো।
বুকুখন গধুৰ হৈ আহিল, মোৰ বাবে চিন্তা কৰা মানুহ আছে বুলি ভাবিবলৈও ভয় লাগে মোৰ।
: খালো। এতিয়া ৰাখিছো।
: নাইখোৱা মই জানো। সেইখন কেফেটেৰিয়াত বাৰ্গাৰ ভাল পাবি, খাই ল’বি।
: হব।
ল’ৰাল’ৰিকৈ ভেজ বাৰ্গাৰটো গিলি আকৌ আহি ৱেটিং এৰিয়াত বহিলোহি। মনত এসোপা চিন্তাৰ পাহাৰ। আন ছোৱালীৰ দৰে জীৱন মোৰ নহয়। নাইবা জীৱন একেই, মইহে আনৰ দৰে নহয়।
উফ্ আৰু নোৱাৰি।
চিন্তাৰ পৰা খন্তেকৰ কাৰণে হ’লেও মুক্তি লাগে মোক।
লাহে লাহে smoking zone টোৰ ফালে খোজ ল’লো।
অস্থিৰ মানুহে ধোৱাঁৰ কুণ্ডলিৰ লগত দুখবোৰ, চিন্তাবোৰ উৰি গ’ল বুলি ভাৱে।
পৃথিৱীত ইয়াতকৈ পুতৌজনক আৰু কি হ’ব পাৰে ?
“Welcome to Infotech, Miss Ananya, you are selected”.
সুখী হোৱাৰ বৰ এটা অভ্যাস নাই মোৰ, মাত্র হাঁহি এটা মাৰি HR গৰাকীক সম্ভাষণ জনালো। আয়ুলৈও মাত্র এটা শব্দ লিখিলো, ” পালো”।
মই এনেকুৱাই, মই অনন্যা।

(আগলৈ)