#আবিৰ খণ্ড(২৯)

কিয় মই আনৰ দৰে নহয়?কিহে মোক আনৰ দৰে হ'বলৈ নিদিয়ে!এইবোৰ কথাই মোক আমনি দিব নোৱাৰা হৈছে আজিকালি, কিন্তু অনিৰুদ্ধক দিছে।তেওঁ বিচাৰে মই তেওঁৰ সৈতে সহজ হৈ কথা পাতো, তেওঁক কিবা এটা সুধো,তেওঁৰ কথাত হাঁহিবলৈ শিকো, কিন্তু তেনেকুৱা একো হৈ নুঠে।অনিৰুদ্ধ নিৰাশ হয় বাৰে বাৰে, আজিও হৈছে।মই কেনেকৈ কওঁ অনিৰুদ্ধ, ক'ৰ পৰা আৰম্ভ কৰোঁ, ক'ত গৈ… Continue reading #আবিৰ খণ্ড(২৯)

#আবিৰ খণ্ড(২৮)

বিছনা খন আঁতৰাই টুল এখন আনি ফেন খনৰ একেবাৰে তলতে থলো।আত্মহত্যা মহাপাপ।পঢ়িছিলোঁ কেতিয়াবাই।কিন্তু নিজক ঘিণ কৰি কৰি জীয়াই থকাতো জানো পাপ নহয়?সকলোৰে অশান্তিৰ কাৰণ নিজেই বুলি জনাৰ পাছত জীয়াই থকাটো জানো উচিত।!গাঁঠিটো মাৰিব নাজানোঁ,কেইবাবাৰো চেষ্টা কৰি কৰিও পৰা নাই।ডায়েৰী খুলিও একো লিখি থৈ যোৱা নাই মই, লিখিবলৈ একো নায়েই।তেতিয়ালৈ মই যোগেশ দাদাই অনা ভাঙৰ নিচাত… Continue reading #আবিৰ খণ্ড(২৮)

#আবিৰ খণ্ড (২৭)

কি আছে এই ক্ষণত????কিয় শূন্য বুকুত ভৰা ভৰা অনুভৱৰ জোৱাৰ?সমগ্ৰ পৃথিৱী যেন নাইকিয়া হৈ গৈছে মোৰ বাবে।আছে কেৱল অনিৰুদ্ধ, এই স্পৰ্শ আৰু মোৰ বৈৰাগী মনত উদয় হোৱা নতুন মোহ, নতুন মায়া । বুকু ভৰাই জী লৈছোঁ এটি মুহূৰ্ত।ইয়াৰ পাছত আহিবলগীয়া শূন্যতাৰ সৈতে যুঁজ দিবলৈ।:Thank You!আঁতৰাই আনিলোঁ মোৰ হাতখন, অনিৰুদ্ধই লাহে লাহে দুচকু খুলিছে।চাই আছে মোৰ… Continue reading #আবিৰ খণ্ড (২৭)

#আবিৰ খণ্ড (২৬)

অনিৰুদ্ধক উপেক্ষা কৰি আঁতৰি আহিলো।ৰূমৰ ছাবি হিবাৰ ওচৰত।তাইৰ ওচৰলৈ গৈ পিছফালৰ পৰা মাত দিলো।:ক্যা হোৱা অনন্যা, য়ে ক্যা হাল বনায়া হে তুমনে ?:কুচ নেহী,give me the key please. অভ্যৰ্থনা থলীৰ হুলস্থুলৰ মাজত মই থকা নথকাৰ কথা নাহে।ৰূমলৈ গুচি আহিলোঁ।বাথৰূমত কিমান দেৰি সুমাই থাকিলো নিজেই নাজানোঁ।মুখ খন বাৰে বাৰে ধোৱাৰ পাছতো বিষন্নতা বোৰ আঁতৰি নগ'ল।কাপোৰযোৰ সলাম… Continue reading #আবিৰ খণ্ড (২৬)

#আবিৰ খণ্ড(২৫)

:I love you Ananya.পিছফালৰ পৰা মোক দুহাতেৰে সামৰি ল'লে অনিৰুদ্ধই।মোৰ চুলিত মুখ গুজি ভালপোৱাৰ প্ৰকাশ কৰা মানুহজন সঁচা নে? মোক এনেকৈ সামৰি লোৱা মানুহ আছেনে?মোক ভালপাওঁ বুলি কোৱাও সহজ নে?এইয়া ক্ষন্তেকীয়া আৱেগ নে জীৱনজোৰা সমৰ্পনৰ আৱাহনী সংগীত?অনিৰুদ্ধৰ সৱল দুবাহুত চটফটাই উঠিলোঁ মই।হঠাৎ তেওঁ কি কৰি পেলালে হয়তো তেওঁ নিজেই নাজানে।মই আচৰিত হোৱাই নহয়, অস্থিৰো হৈছোঁ।বুকুৰ… Continue reading #আবিৰ খণ্ড(২৫)

#আবিৰ খণ্ড(২৪)

ইফালে সিফালে চাওঁতেই কোনোবাই চুলিত টানি দিয়াৰ দৰে লাগিল।ঘূৰি চালো, আয়ু।:তই কি কৰিলি বে,অকণ অকণ ধুনীয়া লাগিছে।:তোক কেলেইনো।যা ইয়াৰপৰা।:ঐ,ইমান মৰমলগা ন মোৰ মানুহজনী।:কি???মোৰ কাষতে ৰৈ থকা হিবালৈ চাই আয়ু গোটেইটো উৰি যাওঁ যেন।ইয়াৰনো আৰু কি, কিমান দিন থাকে এই প্ৰেম নাজানো।কিন্তু হিবাক সঁচাকৈ মৰম লাগিছে।পাতল হালধীয়া আনাৰকলি চুৰিদাৰযোৰ আৰু মূৰৰ একে ৰঙৰ হিজিব খনে তাইৰ… Continue reading #আবিৰ খণ্ড(২৪)

#আবিৰ খণ্ড(২৩)

So you finally came ha??You are looking extra beautiful by the way.Is this the glow after seeing me??:Damn!!!!!! ক'ৰ পৰা ওলালেহি ধৰিবই নোৱাৰিলোঁ।জেকেটটো হাতত ধৰি চাইহে আছো।ঠাণ্ডাত চাগে কাৰোবাৰ লগত বাইকত আহিছিল।চকুকেইটা অলপ ৰঙা আৰু চলচলীয়া।নকটো অলপ ৰঙচুৱা।গ্ৰে কালাৰৰ ফুল শ্লীভচ টি চাৰ্টটো,মিহিকৈ ওলোৱা দাড়িখিনৰে সৈতে ভাগৰুৱা লাগিছে যদিও হাঁহিটো একেই, উজ্জ্বল। :You can touch… Continue reading #আবিৰ খণ্ড(২৩)

#আবিৰ খণ্ড (২২)

অনিৰুদ্ধক মনৰ পৰা একেবাৰে আঁতৰাই ৰাখিছোঁ এইকেইদিন।পাগলৰ দৰে কাম কৰিছোঁ।নিজৰ কাম শেষ কৰি আকৌ যাওঁ সুভাষিণীৰ পৰা নতুন কাম বিচাৰি। সিদিনাৰ মেছেজটোৰ পাছত আমাৰ আৰু একো কথা হোৱা নাই।নোহোৱাটো দুয়োৰে বাবে ভাল।মই সুধি চাম বুলি ভাবিও সুধিব নোৱাৰিলোঁ।এইবোৰ কথাই মোক খুলি খুলি খাই,কিন্তু তেনেদৰে থাকি মই মোৰ চাকৰিটো হেৰুৱাই পেলাব নোৱাৰোঁ।গতিকে চেষ্টা কৰিছো মগজটোক শান্ত… Continue reading #আবিৰ খণ্ড (২২)

#আবিৰ খণ্ড (২১)

নৈৰ দৰে ।হয়, নৈৰ দৰেই আছিল মোৰ ভিতৰখন।বাৰিষাৰ নহয়, খৰালীৰ।শুকান, শূন্য আৰু অলপ ৰঙচুৱা। সেই দিনটোৰ কথাই বুকুখনত আকৌ এবাৰ খুচি থৈ গ'ল।বহি থকা ঠাইতে সৰুকৈ তেজৰ এটা ডোঙা।নাকৰ পৰা বৈ আহিছে।হিবাই খৰধৰকৈ কপাহ অকণ আনি হেঁচি ধৰিছেহি।তাইৰ চকুত অকণমান পানী আৰু হাজাৰটা প্ৰশ্ন।মোৰ চকুত একো পঢ়িব নোৱাৰে তাই।মই শিলৰ দৰেই কঠিন।মোৰ চকু মুখত একো… Continue reading #আবিৰ খণ্ড (২১)

আবিৰ #AABIR খণ্ড (২০)

অনিৰুদ্ধৰ নাম্বাৰটো আকৌ এবাৰ ডায়েল কৰিলো মই। বাৰে বাৰে সংযোগসীমাৰ বাহিৰত বুলি কৈ কাট খাই গৈছে।ভয়ত নে দুখত মই মানুহজনী জ্বৰে ঘমা দি ঘামিছো নিজেই ধৰিব পৰা নাই।অনিৰুদ্ধই সেই মানুহটোক কেনেকৈ চিনি পায়?অনিৰুদ্ধই মোৰ অতীত জানি মোৰ লগত খেল খেলি আছে নেকি???নাইবা একো নাজানি মোক ভাল পাবলৈ লোৱা অনিৰুদ্ধই যদি আজি মোৰ অতীতৰ বিষয়ে সকলো… Continue reading আবিৰ #AABIR খণ্ড (২০)